You are here

অধ্য়য়নৰ মতে গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিশ্বত অর্থনৈতিক অসমতা বঢ়োৱাত সহায় কৰিছে

  • অধ্য়য়নৰ মতে গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিশ্বত অর্থনৈতিক অসমতা বঢ়োৱাত সহায় কৰিছে
    অধ্য়য়নৰ মতে গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিশ্বত অর্থনৈতিক অসমতা বঢ়োৱাত সহায় কৰিছে

গোলকীয় উষ্ণতা বৃদ্ধিৰ কথা ক’লে আমাৰ মনলৈ হিমবাহৰ গলন, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আৰু জৈৱ বৈচিত্ৰৰ প্ৰতি ইয়াৰ ভাবুকি আদিৰ কথা আমাৰ মনলৈ আহে। অৱশ্যে ইয়াৰ প্ৰভাৱ আমি ভবাতকৈ বহু বেছি জটিল আৰু ভিন্ন। আমেৰিকাৰ ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক সকলে কৰা এক শেহতীয়া অধ্য়য়নত গোলকীয় উষ্ণতা বৃদ্ধিয়ে কেনেকৈ বিশ্বৰ বিভিন্ন দেশসমূহৰ মাজত আৰ্থিক অসমতাৰ সৃষ্টি কৰিছে সেই কথা পোহৰলৈ আহিছে। অধ্য়য়ন টোৰ ফলাফল সমূহ প্ৰ’চিডিংচ অফ নেশ্যনেল একাডেমী অফ চাইনচেছ  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

এই অধ্য়য়নটো, বিভিন্ন দেশৰ. বাৰ্ষিক উষ্ণতা আৰু জি ডি পি (গ্ৰছ ড’মেস্টিক প্ৰ’ডাক্ট)ৰ মাজৰ সম্পৰ্ক আৰু কেনেকৈ উষ্ণতাৰ তাৰতম্যই অৰ্থনীতিক প্ৰভাৱিত কৰে সেই বিষয়ত পূৰ্বতে কৰা কিছুমান গৱেষণাৰ ওপৰত ভিত্তি কৰি সম্পন্ন কৰা হৈছে। গৱেষক সকলে এই অধ্যয়ন সমূহৰ ফলাফল সমূহ পৃথিৱীৰ বিভিন্ন ঠাইৰ গৱেষণা চেণ্টাৰে বিকশিত কৰা ২০ তাতকৈও অধিক জলবায়ু মডেলৰ পৰা পোৱা তথ্যৰ লগত সংযোজিত কৰিছিল। তেওঁলোকে এই মডেল সমূহ বিভিন্ন দেশত হোৱা উষ্ণতা বৃদ্ধি, আৰু উষ্ণতা বৃদ্ধি নোহোৱা অৱস্থা এটাত সাম্ভাৱ্য় অৰ্থনৈতিক অৱস্থাৰ অনুমান কৰিবলৈ ব্যৱহাৰ কৰিছিল।

গৱেষক সকলে মন কৰিছিল যে সেউজ গৃহ গেছ সমূহৰ ফলত হোৱা গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত চুইডেন আৰু নৰৱেৰ দৰে ঠাণ্ডা দেশসমূহ উপকৃত হৈছে। অৱশ্যে, উষ্ণতা বৃদ্ধিয়ে ভাৰত আৰু নাইজেৰিয়াৰ দৰে তুলনামূলক ভাবে গৰম দেশ সমূহত উৎপাদন আৰু স্বাস্থ্য আদিক প্ৰভাৱিত কৰি অৰ্থনৈতিক উন্নয়নত বাধাৰ সৃষ্টি কৰিছে। গৱেষক সকলৰ মতে এই পৰিনামে এক এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিছে য’ত ধনী দেশসমূহ আৰু অধিক ধনী আৰু দুখীয়া দেশ সমূহ আৰু দুখীয়া হৈ গৈ আছে। “পৃথিৱীৰ বেছিভাগ গৰম দেশেই দুখীয়া আৰু উষ্ণতা বৃদ্ধিৰ ঋণাত্মক প্ৰভাৱ সমূহ ইয়াতেই কেন্দ্ৰীভূত হৈ আছে। আনহাতে  বেছিভাগ ধনী দেশেই  নাতিশীতোষ্ণ বা ঠাণ্ডা, আৰু এই দেশসমূহ উষ্ণতা বৃদ্ধিৰ ফলত উপকৃত হৈছে”, গৱেষক সকলে জনায়।

গৱেষক সকলে লক্ষ্য কৰিছিল যে যদিও যোৱা পাঁচটা দশকত বিভিন্ন দেশৰ মাজৰ অৰ্থনৈতিক অসমতা হ্ৰাস পাই আহিছে,গোলকীয় উষ্ণতা বৃদ্ধিয়ে এই হ্ৰাসৰ হাৰ মন্থৰ কৰিছে। 

ছবি:  বিভিন্ন দেশৰ  ওপৰত গোলকীয় উষ্ণতা বৃদ্ধিৰ আৰ্থিক প্ৰভাৱ, উৎস

১৯৬১ চনৰ পৰা ২০১০ চনৰ মাজৰ সময়খিনিত  গোলকীয় উষ্ণতা বৃদ্ধিয়ে পৃথিৱীৰ আটাইতকৈ দুখীয়া ৪০ শতাংশ লোকৰ উপার্জন ১৭ ৰ পৰা ৩১ শতাংশ লৈকে কম কৰা বুলি অনুমান কৰা হৈছে। আনহাতে আটাইতকৈ বেছি আৰু আটাইতকৈ কম জি ডি পি থকা দেশসমূহৰ মাজৰ পাৰ্থক্য, উষ্ণতা বৃদ্ধি নোহোৱা পৰিস্থিতি এটাত যিমান হ’লহেঁতেন, তাতকৈ এতিয়া ২৫ শতাংশ অধিক হোৱা পৰিলক্ষিত হৈছে ।

অধ্য়য়নটোত পোৱা গৈছিল যে গ্ৰীষ্ম প্ৰধান দেশ সমূহ গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। জলবায়ু পৰিৱৰ্তনে কম অক্ষাংশত অৱস্থিত দেশ সমূহৰ অৰ্থনৈতিক উন্নয়ন মন্থৰ কৰাৰ বিপৰীতে উচ্চ অক্ষাংশত অৱস্থিত দেশ সমূহৰ উন্নয়নৰ হাৰ বৃদ্ধি কৰিছে। জলবায়ু পৰিবৰ্তনৰ ফলত ভাৰতত প্ৰতি ব্যক্তিৰ হিচাপত জি ডি পি বিকাশৰ হাৰ ৩১ শতাংশ কম হৈছে। জি ডি পি ক্ষতিগ্ৰস্ত হোৱা আন দেশসমূহ হৈছে চুডান ৩৬  শতাংশ, নাইজেৰিয়া ২৯ শতাংশ , ইণ্ডোনেছিয়া ২৭ শতাংশ আৰু ব্ৰাজিল ২৫ শতাংশ।

সেউজ গৃহ গেছৰ নির্গমনৰ বাবে ধনী দেশ সমূহ অধিক জগৰীয়া। অৱশ্যে ফলাফলৰ ক্ষেত্ৰত ইয়াৰ ওলোটা হোৱা দেখা গৈছে। ১৮ খন দেশ য’ত প্ৰতি ব্যক্তিৰ হিচাপত কাৰ্বন ডাই অক্সাইড গেছৰ নিৰ্গমন হাৰ তুলনামূলক ভাৱে কম (প্ৰতি ব্যক্তিৰ হিচাপত ১০ টনতকৈ কম) তাত জি ডি পি বিকাশৰ হাৰ, উষ্ণতা বৃদ্ধি নোহোৱা পৰিস্থিতি এটাত হব লগা হাৰতকৈ ২৭ শতাংশ কম হৈছে। আনহাতে অতি বেছি কাৰ্বন ডাই অক্সাইড নিৰ্গমন কৰা (৩০০ টন প্ৰতি ব্যক্তি)  ৭৪ শতাংশ দেশ উষ্ণতা বৃদ্ধিৰ ফলত উপকৃত হৈছে।

গোলকীয় উষ্ণতা বৃদ্ধিৰ আৰ্থিক অৱস্থাৰ ওপৰত থকা প্ৰভাৱৰ এই বিস্তৃত অধ্য়য়নে এই সমস্যা ৰোধ কৰিবলৈ উচিত নীতি নিৰ্ধাৰণ কৰাত সহায় কৰিব। “উষ্ণতা বৃদ্ধিয়ে দুখীয়া দেশসমূহৰ বিকাশৰ ক্ষেত্ৰত কৰা ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি, কম কাৰ্বন যুক্ত শক্তিৰ উৎসৰ ব্যৱহাৰ বিকাশৰ ক্ষেত্ৰত সহায়ক হব বুলি আশা কৰিব পাৰি”, গৱেষক সকলে কয়।