You are here

বুলবুলিৰ পৰা ধনেশ পক্ষীলৈ— কিয় অৰণ্যৰ বাবে প্ৰয়োজনীয় সিহঁত?

  • বুলবুলিৰ পৰা ধনেশ পক্ষীলৈ— কিয় অৰণ্যৰ বাবে প্ৰয়োজনীয় সিহঁত?
    বুলবুলিৰ পৰা ধনেশ পক্ষীলৈ— কিয় অৰণ্যৰ বাবে প্ৰয়োজনীয় সিহঁত?

পুষ্টিকৰ উপাদান আৰু শক্তিৰে ভৰপূৰ ফল এটা গছ এডালৰ কঠোৰ পৰিশ্ৰমৰ পৰিণাম। কিন্তু ইয়াৰ সলনি ইহঁতে বেছিকৈ পাত উৎপাদন কৰিবও পাৰিলেহেতেন, যিয়ে ইহঁতক খাদ্য প্ৰস্তুত কৰাত সহায় কৰে। অৱশ্যে যদি আমি ইহঁতৰ দৃষ্টিকোনৰ পৰা ভাবো, এই পৰিশ্ৰমৰ সাৰ্থকতা হৈছে এই ফল সমূহৰ ভিতৰত থকা বীজ, যিয়ে ইহঁতৰ বংশ বৃদ্ধিত সহায় কৰে। পশু পক্ষীৰ বাবে এই ফল সমূহ হৈছে এক আকৰ্ষণীয় খাদ্য আৰু ইহঁতৰ জৰিয়তে উদ্ভিদৰ বীজ সমূহ দূৰ দূৰনিলৈ বিয়পি পৰে আৰু বিকশিত হয়।

কিন্তু উদ্ভিদে নিজেই ইহঁতৰ বীজ সমূহ সিঁচৰিত কৰিব নোৱাৰে নেকি? গ্ৰীষ্মমণ্ডলীয় অৰণ্যত যেতিয়া গছ এডালৰ পৰা বীজ সৰি পৰে, অতি সীমিত সূৰ্য্যৰ কিৰণ আৰু পুষ্টিকৰ উপাদানৰ অভাৱত ইহঁতৰ বিকাশ অসম্ভৱ হৈ পৰে। গতিকে ফলৰ জৰিয়তে পশু পক্ষীক আকৰ্ষণ কৰি বীজ সমূহ দূৰ-দূৰনিলৈ বিস্তাৰিত কৰিবলৈ উদ্ভিদে নিজৰ শক্তি খৰছ কৰে।

“গ্ৰীষ্ম মণ্ডলীয় অৰণ্যত ৭৫% তকৈও অধিক উদ্ভিদে বীজৰ বিস্তাৰণৰ বাবে পশু পক্ষীৰ ওপৰত নিৰ্ভৰ কৰে”, নেচাৰ কনজাৰভেচন ফাউণ্ডেচন মাইচোৰৰ বৈজ্ঞানিক ডঃ ৰোহিত নানিৱাডেকাৰে জনায়। “বীজৰ বিস্তাৰণ এক সহজীৱিক সম্বন্ধ য’ত ইয়াৰ বীজ সমূহ অংকুৰণৰ কাৰণে উপযুক্ত স্থানলৈ স্থানান্তৰিত কৰি উদ্ভিদসমূহ উপকৃত হয় আৰু প্ৰাণী সমূহ ইয়াৰ ফলৰ দ্বাৰা উপকৃত হয়”, পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে বৰ্ণনা কৰি তেখেতে কয়।

ডঃ নানিৱাডেকাৰ আৰু তেওঁৰ সহযোগী সকলে অৰুণাচল প্ৰদেশৰ পাক্কে  টাইগাৰ ৰিজাৰ্ভত কৰা এক শেহতীয়া অধ্যয়নত উদ্ভিদ আৰু ফলভক্ষী চৰাই সমূহৰ সংগঠনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে এই অঞ্চলত উদ্ভিদৰ ৪৩ বিধ প্ৰজাতি আৰু চৰাইৰ ৪৮ বিধ প্ৰজাতি নিৰীক্ষণ কৰিছিল আৰু ইহঁতৰ মাজত থকা বিভিন্ন সম্পৰ্ক বা নেটৱৰ্কৰ বিষয়ে অধ্যয়ন কৰিছিল। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ দ্বাৰা সমৰ্থিত এই অধ্যয়নৰ ফলাফল সমূহ জাৰ্নেল অফ এনিমেল ইক’লজি  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

ফলভক্ষী চৰাই সমূহৰ মাজত বহু ভিন্নতা আছে। এই অধ্যয়নত গৱেষক সকলে সৰু চৰাই যেনে বুলবুলি, আৰু ডাঙৰ চৰাই যেনে ধনেশ পক্ষীৰ নিৰীক্ষণ কৰিছিল। ইহঁতৰ আকাৰত থকা ভিন্নতাৰ দৰেই ইহঁতে খোৱা ফলৰ আকাৰো বেলেগ বেলেগ হয়। গৱেষক সকলে কি চৰাইয়ে কি ফল খাইছে সেয়া অধ্যয়ন কৰাৰ উপৰিও কেনেকৈ খাইছে সেয়াও লক্ষ্য কৰিছিল।

“যদিহে ফলভক্ষী চৰাইয়ে ফল বা বীজ গছডালৰ ঠিক তলতে পেলাই দিয়ে তেতিয়া ই বীজসমূহক প্ৰতিযোগিতা আৰু অন্যান্য প্ৰতিকূল পৰিস্থিতিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব নোৱাৰে”, ডঃ নানিৱাডেকাৰে কয়। বিকাশৰ বাবে এই বীজ সমূহ চৰাইৰ জৰিয়তে দূৰলৈ বিস্তাৰিত হোৱাতো প্ৰয়োজনীয়। যদি ফলৰ আকাৰ চৰাইৰ ঠোঁটৰ আকাৰতকৈ ডাঙৰ হয়, সিহঁতে ফলটো খুটিয়াই যদিও ইয়াক দূৰলৈ কঢ়িয়াই নিব নোৱাৰে। “এনেকুৱা পৰিস্থিতিত গছডাল লাভাবাম্বিত নহয়। অৱশ্যে ডাঙৰ চৰাই সমূহে বীজ সমূহৰ কোনো অনিষ্ট নোহোৱাকৈ এই ফল সমূহ দূৰলৈ কঢ়িয়াই নিব পাৰে। গতিকে ফলৰ বিস্তাৰণৰ কৌশল আৰু মুখৰ আকাৰ আদিৰ বিষয়ে অধ্যয়নৰ প্ৰয়োজনীয়তা আছে”, তেখেতে কয়।

প্ৰায় ২০৬৫ ঘণ্টা চৰাই আৰু ইহঁতে খোৱা ফল সমূহৰ অধ্যয়নৰ পাছত গৱেষক সকলে মন কৰিছিল যে ফলভক্ষী চৰাই আৰু গছ সমূহৰ মাজত এক সম্পৰ্ক বা নেটৱৰ্ক আছে। উদাহৰণ স্বৰূপে ডাঙৰ ফলভোজী যেনে ধনেশ পক্ষীয়ে এই প্ৰক্ৰিয়াত মুখ্য ভূমিকা নললেও ডাঙৰ ফল দিয়া গছ সমূহ ফলৰ বিস্তাৰণৰ বাবে সম্পূৰ্ণ ৰূপে ইহঁতৰ ওপৰত নিৰ্ভৰশীল। মধ্যম আকাৰৰ চৰাই যেনে হেটুলুকা আৰু বুলবুলি আদিয়ে বেছিভাগ উদ্ভিদৰ ফলেই খাইছিল আৰু বিস্তাৰণত এক মুখ্য ভূমিকা পালন কৰিছিল।

অৱশ্যে ডাঙৰ আৰু মজলীয়া আকাৰৰ ফলভক্ষী চৰাই সমূহৰ মাজত কিছুমান পাৰ্থক্য আছে। ধনেশ পক্ষী আদিয়ে সৰু চৰাই সমূহৰ তুলনাত ফলৰ অতি কম অংশ তললৈ পেলাইছিল আৰু ইয়ে ফলৰ সফল বিস্তাৰণৰ সম্ভাৱনা বৃদ্ধি কৰিছিল। ডাঙৰ চৰাই সমূহে বীজ সমূহ পেটত লৈ বেছি দূৰলৈ উৰি যোৱাৰ ফলতো বীজ সমূহ বেছি দূৰলৈ বিস্তাৰিত হৈছিল।

এই অধ্যয়নে চৰাই আৰু উদ্ভিদৰ মাজত থকা নেটৱৰ্কৰ এক ৰেঙনি দাঙি ধৰিলে। হাজাৰ হাজাৰ বছৰ ধৰি বিকশিত হোৱা এই সম্পৰ্কই দুয়ো পক্ষকে উপকৃত কৰিছে। অৱশ্যে ইয়াৰ বাবে কোনো বিপদ নথকা নহয়। “ডাঙৰ ফলভোজী চৰাইসমূহ প্ৰায়েই চিকাৰ বা বাসস্থানৰ বিভাজন আদি মানুহে সৃষ্টি কৰা সমস্যাৰ দ্বাৰা প্ৰভাৱান্নিত হয়”, ডঃ নানিৱাডেকাৰে কয়।

পূৰ্বতে কৰা এক অধ্যয়নত ডঃ নানিৱাডেকাৰ আৰু তেওঁৰ গৱেষক দলে উত্তৰ পূৰ্বাঞ্চলৰ পৰা ধনেশ পক্ষীৰ বিলুপ্তিৰ সম্ভাৱনা আৰু ডাঙৰ ফল দিয়া উদ্ভিদৰ ওপৰত ইয়াৰ প্ৰভাৱ আদিৰ বিষয়ে আলোচনা কৰিছিল। “ফলভোজী চৰাই সমূহৰ হ্ৰাসকৰণে এক ব্যাপক প্ৰভাৱ পেলাব পাৰে, যি বৰ্তমান অধ্যয়নটো প্ৰমাণিত হৈছে। হেটুলুকা আৰু বুলবুলিৰ দৰে বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ ফল খোৱা চৰাই সমূহো অতি গুৰুত্বপূৰ্ণ। ইহঁতৰ হ্ৰাসকৰণে উদ্ভিদৰ প্ৰজাতি সমূহ আৰু অন্যান্য ফলভক্ষীৰ ওপৰত ব্যাপক ঋণাত্মক প্ৰভাৱ পেলাব পাৰে”, তেখেতে সোঁৱৰাই দিয়ে।