You are here

ভাৰতীয় শিশুৰ খাদ্যত আৰ্থ-সামাজিক অৱস্থাৰ প্ৰভাৱ

Read time: 1 min
  • ভাৰতীয় শিশুৰ খাদ্যত আৰ্থ-সামাজিক অৱস্থাৰ প্ৰভাৱ
    ভাৰতীয় শিশুৰ খাদ্যত আৰ্থ-সামাজিক অৱস্থাৰ প্ৰভাৱ

গৱেষক সকলে আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত ভিত্তি কৰি ভাৰতীয় শিশু সকলৰ মাজত খাদ্যতালিকাৰ ভিন্নতাৰ বিষয়ে অধ্যয়ন কৰিছে।

আমি খোৱা খাদ্যৰ বিবিধতাৰ বিষয়ে সকলোৱে জ্ঞাত। বিভিন্ন ধৰণৰ খাদ্যৰ গ্ৰহণ সুস্বাস্থ্যৰ লগত জড়িত বুলি গণ্য কৰা হয় আৰু এক সুষম আহাৰ দেহ আৰু মগজুৰ বিকাশৰ সহায়ক হয়। খাদ্যৰ পৰিমাণ আৰু মানদণ্ড নিম্নখাপৰ হলে ই পুষ্টিহীনতাৰ সৃষ্টি কৰে যাৰ ফলত শিশু সকলৰ বিকাশ বাধাগ্ৰস্ত হয় আৰু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়।

ভাৰতত পুষ্টিহীনতাৰ সৈতে যুঁজিবলৈ পোষণ অভিযান আদিৰ দৰে আঁচনি প্ৰৱৰ্তন কৰা হৈছে যদিও ই মূলতঃ গ্ৰাম্যাঞ্চল, মহিলা আৰু শিশুৰ মাজতে সীমাবদ্ধ হৈ আছে। তদুপৰি এনেবোৰ আঁচনিয়ে খাদ্যৰ গুণাগুণ আৰু পৰিমাণৰ ওপৰতহে চকু দিয়ে আৰু খাদ্যবস্তুৰ বৈচিত্ৰতাৰ ওপৰত বিশেষ চকু দিয়া নহয়। ইনষ্টিটিউট অফ ইকোনমিক গ্ৰোথ, ভাৰত আৰু আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষক দল এটাই কৰা এক শেহতীয়া অধ্যয়নত মানুহৰ আৰ্থ-সামাজিক অৱস্থাই কেনেকৈ খাদ্যাভাস আৰু খাদ্যৰ বৈচিত্ৰতাক প্ৰভাৱাম্বিত কৰে সেয়া বুজিবলৈ চেষ্টা কৰা হৈছিল। গৱেষণাটোৰ ফলাফল সমূহ ইউৰোপীয়ান জাৰ্নেল অফ ক্লিনিকেল নিউত্ৰিচন নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

গৱেষকসকলে ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ (নেচনেল ফেমিলী হেল্থ ছাৰ্ভে, ২০১৫-১৬) ৰ  পৰা তথ্য ব্যৱহাৰ কৰিছিল। এই জৰীপত ২৯ খন ৰাজ্য আৰু ৭ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনবসতি, স্বাস্থ্য আৰু পুষ্টিৰ অৱস্থা ইত্যাদিৰ বিষয়ে তথ্য সম্বলিত হৈ আছে। শিশু সকলৰ মাকৰ পৰা শেষৰ ২৪ ঘণ্টাত শিশু সকলে কি কি খাইছিল সেই বিষয়ে পোৱা  তথ্যৰ ওপৰত ভিত্তি কৰি গৱেষক সকলে ৬ ৰ পৰা ২৩ মাহ বয়সৰ ৭৪,০০০ শিশুৰ খাদ্য সম্বন্ধীয় তথ্যৰ বিশ্লেষণ কৰিছিল।

বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়মাৱলীৰ ওপৰত ভিত্তি কৰি তেওঁলোকে প্ৰচলিত খাদ্য বস্তু সমূহ ৭ টা ভাগত বিভক্ত কৰিছিল। ‘শস্য (দানা), মূল আৰু কন্দ’ নামৰ প্ৰথম ভাগটোত চুপ, জোল, ৰুটি, কন্দ আৰু অন্যান্য শস্য অন্তৰ্ভুক্ত কৰা হৈছিল।‘ভিটামিন এ সমৃদ্ধ  ফল আৰু পাচলি’ নামৰ ভাগটোত আছিল গাজৰ, সেউজীয়া শাক-পাচলি, আম আৰু অমিতা ইত্যাদি। আন ভাগ সমূহ হৈছে ‘বাদাম আৰু মাহজাতীয় শস্য’, ‘দুগ্ধজাত সামগ্ৰী’, ‘মাংসজাত সামগ্ৰী’, ‘কণী’ আৰু ‘অন্যান্য ফল আৰু পাচলি’। যদিহে শিশুহতে ইয়াৰে অতি কমেও চাৰিভাগ খাদ্য বস্তুৰ পৰা খাদ্য পাবলৈ সক্ষম হৈছিল তেতিয়া সিহঁতক পৰ্যাপ্ত পৰিমাণৰ বিভিন্ন ধৰণৰ আহাৰ পাবলৈ সক্ষম হোৱা বুলি ধৰা হৈছিল।

গৱেষক সকলে মন কৰিছিল যে সাতটা ভাগৰ ভিতৰত ৭৪ শতাংশ শিশুয়ে শস্য, মূল আৰু কন্দ জাতীয় খাদ্য, ৫৫ শতাংশই দুগ্ধজাত সামগ্ৰী, ৩৭ শতাংশই অন্যান্য ফল আৰু পাচলি, ২৯ শতাংশই   ভিটামিন এ সমৃদ্ধ ফল আৰু পাচলি, ১৪ শতাংশই কণী, ১৩ শতাংশই বাদাম আৰু মাহজাতীয় শস্য আৰু ১০ শতাংশ শিশুই মাংসজাত সামগ্ৰী খোৱাৰ সুবিধা পাইছিল। 

৬ ৰ পৰা ২৩ মাহ বয়সৰ শিশুৰ মাজত বিভিন্ন ধৰনৰ খাদ্যৰ গ্ৰহণৰ হাৰ (%), তথ্য়ৰ উৎস

আটাইতকৈ দুখীয়া পৰিয়াল সমূহৰ তুলনাত আটাইতকৈ চহকী পৰিয়াল সমূহত কিছুমান বিশেষ খাদ্য যেনে ফলৰ ৰস, বিশেষভাৱে সমৃদ্ধ (ফৰ্টিফাইড) শিশুৰ খাদ্য, দৈ আদিৰ ব্যৱহাৰৰ মাত্ৰা প্ৰায় চাৰিগুণ অধিক আছিল। একেদৰে, আটাইতকৈ সমৃদ্ধ পৰিয়াল সমূহত চুপ, ফৰ্মূলা গাখীৰ, পনীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীৰ ব্যৱহাৰ আটাইতকৈ দুখীয়া পৰিয়াল সমূহৰ তুলনাত প্ৰায় দুগুন অধিক আছিল।

গড় খাদ্য তালিকাগত বৈচিত্ৰৰ অঙ্কত ধনী আৰু দুখীয়া পৰিয়ালৰ মাজত বেছি পাৰ্থক্য নাছিল। এই বৈচিত্ৰৰ মান ০ আৰু ৭ ৰ মাজত নিৰ্ধাৰণ কৰা হৈছিল যত ‘০’ ৰ অৰ্থ হৈছে যে তালিকাভুক্ত খাদ্য বস্তুৰ ভিতৰত শিশুটোৱে একো খাব পোৱা নাই আৰু ‘৭’ ৰ অৰ্থ হৈছে যে ৭ টা ভাগৰ প্ৰতিটোৰে অতি কমেও এবিধ খাদ্য শিশুটোৱে খাবলৈ পাইছে। অতি দুখীয়া পৰিয়াল সমূহৰ বাবে ইয়াৰ মান ২.০ হোৱাৰ বিপৰীতে আটাইতকৈ ধনী পৰিয়াল সমূহে ২.৫ অংক লাভ কৰিছিল। একেদৰে আটাইতকৈ দুখীয়া পৰিয়াল সমূহৰ ১৮  শতাংশ শিশুয়ে প্ৰয়োজনীয় মাত্ৰাত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী লাভ কৰাৰ বিপৰীতে চহকী পৰিয়ালৰ প্ৰায় ২৮ শতাংশই এই সুবিধা লাভ কৰিছিল।

ঘৰুৱা আৰ্থিক অৱস্থাৰ ভিত্তিত খাদ্য গ্ৰহণৰ ভিন্নতা(%),তথ্য়ৰ উৎস

লক্ষণীয়ভাৱে মাতৃ সকলৰ শিক্ষাৰ হাৰ শিশু সকলৰ খাদ্য গ্ৰহণৰ (বিশেষকৈ অতি প্ৰয়োজনীয় খাদ্য সমূহ) লগত বিশেষ ভাৱে জড়িত আছিল। উদাহৰণ স্বৰূপে বিশেষ ভাৱে সমৃদ্ধ শিশু খাদ্যৰ ব্যৱহাৰত অশিক্ষিত মাতৃৰ তুলনাত হাইস্কুল বা তাতকৈ অধিক শিক্ষা লাভ কৰা মাতৃৰ ক্ষেত্ৰত প্ৰায় চাৰি গুণৰ পাৰ্থক্য আছিল। ফলৰ ৰস, ফৰ্মূলা গাখীৰ আৰু দৈ গ্ৰহণৰ ক্ষেত্ৰত এই পাৰ্থক্য তিনি গুণ আৰু চুপ, ফল, মাছ, পনীৰ আৰু অন্যান্য গাখীৰ জাতীয় বস্তুৰ ক্ষেত্ৰত ই দুই গুনলৈ হ্ৰাস পাইছিল।

মাতৃ শিক্ষাৰ হাৰৰ ভিত্তিত খাদ্য গ্ৰহণৰ ভিন্নতা, (%),তথ্য়ৰ উৎস

খাদ্যৰ বিবিধতা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ধনতকৈও যে মাতৃসকলৰ শিক্ষা অধিক গুৰুত্বপূৰ্ণ সেই বিষয়ে উল্লেখ কৰি গৱেষক সকলে কয়, “আমি দেখিলো যে খাদ্য সামগ্ৰী যেনে ৰঙা লাও, গাজৰ, সেউজীয়া পাতযুক্ত পাচলি, লিভাৰ, কলিজা আৰু অন্যান্য ধৰণৰ মাংসজাত সামগ্ৰী, মাছ, বাদাম আৰু মাহজাতীয় শস্য আদিৰ উচিত ব্যৱহাৰ ঘৰুৱা সম্পদৰ সলনি মাতৃৰ শিক্ষাৰ লগতহে অধিক জড়িত হৈ আছে”। তেওঁলোকে জনায় যে তুলনামূলক ভাৱে কম খৰচী খাদ্য যেনে ৰঙালাও, গাজৰ, সেউজীয়া পাতযুক্ত পাচলি  আদিৰ ব্যৱহাৰ বৃদ্ধি কৰি খাদ্যৰ বৈচিত্ৰতা বঢ়াব পাৰি।

অধ্যয়নটোৰ কিছুমান সীমাবদ্ধতা আছিল। যিসকল শিশুৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁলোকৰ বিষয়ে এই অধ্যয়নত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। সম্ভাৱনা আছে যে এই শিশুসকলৰ বেছি অংশই অতি দুখীয়া পৰিয়াল সমূহক প্ৰতিনিধিত্ব কৰে। ২৪ ঘণ্টাত খুওৱা খাদ্যৰ বিষয়ে মনত ৰখাত হোৱা ভুলকো নুই কৰিব নোৱাৰি। তদূপৰি নেচনেল ফেমিলী হেল্থ ছাৰ্ভেত বিস্কুটৰ বাহিৰে অন্যান্য অস্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ বিষয়ে একো তথ্য নাছিল।

অধ্যয়নটোৱে আৰু দেখুৱাই যে পিতৃ মাতৃৰ শিক্ষাইও সঠিক খাদ্যৰ বাচনিত সম্পূৰ্ণ সহায়কাৰী নহবও পাৰে। আচলতে আৰ্থ-সামাজিক ভাৱে উন্নত সকলৰ মাজত পেকেট যুক্ত খাদ্যৰ ব্যৱহাৰ অতি বেছি, যি গৱেষক সকলৰ মতে গ্ৰহণযোগ্য নহয়। ভাৰতত পুষ্টিৰ পৰিবৰ্তন সাধিবলৈ সুষম আহাৰ আৰু আহাৰৰ উপাদানৰ বিষয়ে সঠিক জ্ঞান প্ৰদান কৰাটো অতি প্ৰয়োজনীয়, তেওঁলোকে কয়।

“সামগ্ৰিকভাৱে, খাদ্যৰ বৈচিত্ৰতাৰ অভাৱৰ উচ্চ প্ৰাদূৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় শিশু সকলৰ মাজত খাদ্যৰ মানদণ্ড আৰু বৈচিত্ৰতা উন্নীতকৰণৰ বাবে লোৱা পদক্ষেপ সমূহ অধিক সাৰ্বজনীন কৰাৰ প্ৰয়োজন আছে”, তেওঁলোকে সামৰে।