Sorry, you need to enable JavaScript to visit this website.

ভাৰতীয় স্বাস্থ্যখণ্ডত দক্ষ স্বাস্থ্যকর্মীৰ অভাৱ

Read time: 1 min
অধ্যয়নৰ মতে ভাৰতত দক্ষ স্বাস্থ্য কৰ্মীৰ যথেষ্ট অভাৱ আছে।

এই বছৰটোৰ প্ৰথম ভাগত এনকেফেলাইটিছত ভুগি পূব বিহাৰৰ এশতকৈও অধিক শিশু মৃত্যু মুখত পৰিছিল। এই ঘটনাৰ পাছত চৰকাৰী খণ্ডৰ স্বাস্থ্যসেৱাৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এনেকুৱা এক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ থকা অক্ষমতাৰ কথা স্পষ্ট হ’ল। লাজৰ কথাটো হ’ল যে এই দুখজনক ঘটনাটো অতি সহজে প্ৰতিৰোধ কৰিব পৰা গ’লহেতেন কাৰণ ই প্ৰতি বছৰে পুনৰাবৃত্তি  হোৱা এক ঘটনা আৰু ইয়াৰ সমাধান সূত্ৰ বহুতৰে জ্ঞাত। গুৰুতৰ ভাৱে অসুস্থ লোকৰ চিকিৎসাৰ বাবে উন্নত সা-সুবিধাৰ উপৰিও এনেকুৱা পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে দক্ষ স্বাস্থ্যকর্মীৰ অতি প্ৰয়োজন। সঠিক ঠাইত পাৰদৰ্শী চিকিৎসকৰ উপস্থিতিয়ে প্ৰতি বছৰে হাজাৰ হাজাৰ মৃত্যু প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

ইণ্ডিয়ান ইনষ্টিটিউট অফ পাব্লিক হেল্থ (আই আই পি এইচ), গুৰুগ্ৰামৰ গৱেষক সকলে কৰা এক শেহতীয়া অধ্যয়নত  ভাৰতীয় স্বাস্থ্যখণ্ডত মানৱ সম্পদৰ ব্যাপক নাটনিৰ কথা পোহৰলৈ আহিছে। বি এম জে অ’পেন নামৰ পত্ৰিকা এখনত প্ৰকাশিত এই অধ্যয়নত ২০১৬ চনৰ জানুৱাৰী মাহত ভাৰতৰ বিভিন্ন ৰাজ্যৰ গাঁও আৰু চহৰ , আৰু চৰকাৰী বেচৰকাৰী উভয় খণ্ডত কৰ্মৰত মানৱ সম্পদৰ সংখ্যা, গঠন, আৰু বিতৰণ আদিৰ বিষয়ে অনুমান কৰা হৈছিল। অধ্যয়নত এই কথা পোহৰলৈ আহিছিল যে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা পৰামৰ্শিত প্ৰতি ১০০০০  জনসংখ্যাৰ বিপৰীতে থাকিবলগীয়া ২২.৮ স্বাস্থ্য কৰ্মীৰ লক্ষ্যত উপনীত হোৱাতো ভাৰতৰ বাবে এতিয়াও বহু জটিল হৈ আছে।

গৱেষক সকলে ২০১১-১২ চনৰ নেচনেল চেম্পল ছাৰ্ভে অৰগেনাইজেচনৰ (এন এচ এচ ও) তথ্য ব্যৱহাৰ কৰিছিল যি হৈছে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্তৰৰ শ্ৰমিক শক্তিৰ বিভিন্ন সূচকৰ তথ্যৰ প্ৰাথমিক উৎস । এই তথ্য আৰু জনগণনাৰ তথ্য ব্যৱহাৰ কৰি তেওঁলোকে ২০১৬ চনৰ জানুৱাৰী মাহত দেশত থকা স্বাস্থ্য কৰ্মীৰ সংখ্যাৰ বিষয়ে অনুমান কৰিছিল আৰু ভাৰতীয় আয়ুৰবিজ্ঞান (মেডিকেল) কাউন্সিল, ভাৰতীয় নাৰ্ছিং কাউন্সিল, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয় আদিৰ পৰা সংগ্ৰহ কৰা ২০১৫ চনৰ  পঞ্জীকৃত স্বাস্থ্যকর্মী যেনে ডাক্তৰ, নাৰ্চ আৰু অন্যান্য টেকনিচিয়ান আদিৰ তথ্যৰ সৈতে ৰিজাই চাইছিল। তেওঁলোকে অন্যান্য অনানুষ্ঠানিক স্বাস্থ্য কৰ্মী যেনে ওজা, সৰ্প দংশনৰ চিকিৎসা কৰা লোক ইত্যদিকো সামৰি লৈছিল। ইয়াৰ উপৰিও প্ৰথম বাৰৰ বাবে, এই অধ্যয়নত চিকিৎসাৰ লগত পৰোক্ষ ভাৱে জড়িত কেৰাণী, কেচিয়াৰ ইত্যাদি নাইবা বৰ্তমান কাম কৰি নথকা পঞ্জীকৃত স্বাস্থ্য কৰ্মী ইত্যাদিকো সামৰি লোৱা হৈছিল।

অধ্যয়নটোত পোৱা গৈছিল যে পঞ্জীকৃত তথ্যৰ হিচাপত ভাৰতত স্বাস্থ্য কৰ্মীৰ সংখ্যা হৈছে প্ৰতি ১০০০০  জনসংখ্যাৰ বিপৰীতে ৩৮  জন। এন এচ এচ ও ৰ তথ্যৰ হিচাপত, এই সংখ্যা অলপ কম (১০০০০ জনসংখ্যাৰ বিপৰীতে ২৯ জন) । গৱেষক সকলৰ মতে দুয়োটা সমীক্ষাৰ পাৰ্থক্যৰ কাৰন হৈছে কিছুমান পঞ্জীকৃত চাকৰি বিহীন লোক, বিদেশলৈ গুচি যোৱা কৰ্মী আৰু ইতিমধ্যে মৃত্যু ঘটা স্বাস্থ্য কৰ্মী সকল।

নগৰীয়া আৰু গ্ৰামীণ ক্ষেত্ৰৰ মাজতো স্বাস্থ্য কৰ্মীৰ সংখ্যাত যথেষ্ট পাৰ্থক্য থকাটো পৰিলক্ষিত হৈছিল। ২০১৬ চনত ভাৰতৰ জনসংখ্যাৰ ৭১   শতাংশ লোক গ্ৰামীণ অঞ্চলৰ পৰা হোৱাৰ বিপৰীতে মাত্ৰ ৩৬ শতাংশ স্বাস্থ্য কৰ্মীহে গ্ৰাম্যাঞ্চলত কাৰ্যৰত হৈ আছিল । তদুপৰি ৩০ শতাংশতকৈও কম লোক চৰকাৰী খণ্ডত কাৰ্যৰত হৈ আছে।

নগৰ আৰু গ্রাম্যাঞ্চলত স্বাস্থ্য কৰ্মীৰ সংখ্যা (বিতৰণ) 

এন এচ এচ ও ৰ ২০১১-১২ চনৰ তথ্যৰ ভিত্তিত নগৰ আৰু গ্রাম্যাঞ্চলত স্বাস্থ্য কৰ্মীৰ বিতৰণ, তথ্যৰ উৎস

ৰাজ্য-ভিত্তিত কৰা তথ্য বিশ্লেষণত দেখা গৈছিল যে দিল্লী, কেৰেলা আৰু পাঞ্জাৱ আদিত অধিকতম, মানে প্ৰতি ১০০০০ জনসংখ্যাৰ  বিপৰীতে ৫০ জনতকৈও অধিক স্বাস্থ্য কৰ্মী আছে। কিন্তু উত্তৰ প্ৰদেশ, অসম, ঝাৰখন্ড  আদি ৰাজ্য সমূহত এই সংখ্যা নিম্নতম  মানে প্ৰয়োজনীয় ২২.৮ তকৈও কম।

“পাঞ্জাৱ, হাৰিয়ানা আদিত স্বাস্থ্য সেৱা উন্নত হোৱাৰ কাৰণ হৈছে ইয়াৰ লোক সকলৰ আৰ্থিক সক্ষমতা। আনহাতে কেৰেলাত স্বাস্থ্য সেৱাৰ প্ৰতি আগৰ পৰাই যথেষ্ট গুৰুত্ব দি অহা হৈছে”, এই অধ্যয়নৰ মুখ্য গৱেষক আই আই পি এইচ ৰ ডঃ অনুপ কৰনে  জনায়। “কম সংখ্যক স্বাস্থ্য কৰ্মী থকা ঠাই সমূহত স্বাস্থ্য সেৱাৰ সবলীকৰণৰ উপায় হৈছে চৰকাৰী খণ্ডৰ স্বাস্থ্য সেৱাৰ উন্নীত কৰণ”, তেখেতে কয়।

ৰাজ্যিক ভিত্তিত প্ৰতি ১০০০০ জনসংখ্যাৰ বিপৰীতে স্বাস্থ্য কৰ্মীৰ সংখ্যা, তথ্যৰ উৎস

অধ্যয়নত পোহৰলৈ অহা উদ্বেগ জনক কথাটো হৈছে স্বাস্থ্য সেৱাত যথেষ্ট পৰিমাণে অযোগ্য লোকৰ উপস্থিতি। স্বাস্থ্য কৰ্মীৰ প্ৰায় ৩০ শতাংশ আৰু এলোপেথিক চিকিৎসা কৰা লোকৰ ১৫ শতাংশৰ শৈক্ষিক যোগ্যতা উচ্চতৰ মাধ্যমিক পৰ্যায়তকৈও কম। এই হিচাপে চাবলৈ গ’লে, ভাৰতত প্ৰতি ১০০০০ জনসংখ্যাৰ বিপৰীতে থকা স্বাস্থ্য কৰ্মীৰ সংখ্যা ২৯ ৰ পৰা ১৬ জনলৈ হ্ৰাস পাব।

“এই সকল এনেকুৱা লোক যিয়ে নিয়মীয়া ভাৱে চিকিৎসা প্ৰদান কৰে আৰু যোগ্য চিকিৎসক নথকা পিছপৰা অঞ্চলৰ লোক সমূহৰ কাৰণে তেওঁলোকেই প্ৰথম ভৰসা”, ডঃ অনুপে কয়। গৱেষক সকলে পৰামৰ্শ দিয়ে যে এই লোক সকলক প্ৰাথমিক স্বাস্থ্য কৰ্মী হিচাবে পঞ্জীকৃত কৰি প্ৰাথমিক পৰ্য্যায়ৰ সেৱা প্ৰদান কৰিব পৰাকৈ প্ৰশিক্ষণ দিয়া উচিত। ইয়াৰ উপৰিও জটিল কেচ সমূহ উচিত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাবলৈও এওঁলোকক উৎসাহিত কৰাটো প্ৰয়োজনীয়।

পঞ্জীকৃত কৰ্মীসকলে নিজে দিয়া তথ্যৰ ওপৰত নিৰ্ভৰশীল হিচাপে এই অধ্যয়নত পোৱা  সংখ্যা তেওঁলোকৰ আচল সংখ্যাতকৈ কম বা বেছি হ’ব পাৰে। নিয়মীয়া ভাৱে শুধৰণি নকৰাৰ বাবে তথ্য সমূহত মৃত আৰু প্ৰবাসী লোক সকলো অন্তৰ্ভুক্ত হৈ আছে। “গোটেই দেশতে থকা স্বাস্থ্য কৰ্মীৰ নিয়মীয়া গণনাৰ প্ৰয়োজনীয়তা আছে”, ডঃ অনুপে কয়। এই পদ্ধতিয়ে স্বাস্থ্য কৰ্মীৰ সংখ্যাৰ সঠিক হিচাপৰ ওপৰত ভিত্তি কৰি মহামাৰী ৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনক সহায় কৰিব।

শেষত গৱেষক সকলে কয় যে ভাৰতত স্বাস্থ্য কৰ্মীৰ দক্ষতা  আৰু বিতৰণত  যথেষ্ট সমস্যা আছে। “মই ভাৱো দেশৰ মধ্য আৰু পূৱ ভাগত যথেষ্ট সংখ্যক চিকিৎসা মহাবিদ্যালয় আৰু নাৰ্ছিং ইনষ্টিটিউট খোলাৰ প্ৰয়োজনীয়তা আছে”, ডঃ অনুপে কয়। তেখেতে কয় যে দেশৰ বেছিভাগ চিকিৎসা আৰু নাৰ্ছিং ইনষ্টিটিউট দক্ষিণ ভাৰত আৰু মেট্ৰো চহৰ সমূহত কেন্দ্ৰীভূত হৈ আছে। তেখেতৰ মতে, ভালকৈ ৰূপায়ন কৰিলে আয়ুষ্মান ভাৰত আদি স্বাস্থ্য বীমা আঁচনিয়ে অতি ভাল ফলাফল দেখুওৱাৰ সম্ভাৱনা আছে।

ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সঠিক পদক্ষেপ নল’লে বিহাৰৰ নিচিনা দুখজনক ঘটনাৰ পুনৰাবৃত্তি ঘটাৰ সম্ভাৱনা আছে।