You are here

মধুমেহ ৰোগীৰ বাবে আশাৰ বতৰা

Read time: 1 min
  • জয়েশ বেল্লাৰে
    জয়েশ বেল্লাৰে

ভাৰতত মধুমেহ (ডায়েবেটিচ) ৰোগৰ প্ৰাদূৰ্ভাব ইমানেই বেছি যে বহুতেই ইয়াক মধুমেহৰ ৰাজধানী বুলিও কয়। চল্লিশ মিলিয়নতকৈও বেছি ৰোগীৰ সৈতে ভাৰতক বিশ্বৰ ভিতৰতে সবাতোকৈ বেছি মধুমেহ ৰোগী থকা দেশ বুলি চিহ্নিত কৰা হৈছে।  স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ ব্যাপক বিৰূপ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসক, বৈজ্ঞানিক আৰু নাগৰিক সকল মধুমেহৰ প্ৰতিকাৰৰ প্ৰতি আৰু বেছি সজাগ  হৈছে। শেহতীয়াকৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান বোম্বে (আই আই টি বোম্বে) ৰ এক আবিস্কাৰে মধুমেহ ৰোগীসকলৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিছে। তেওঁলোকে এক পলিমাৰ জাতীয় বস্তু ব্যৱহাৰ কৰি এক কৃত্ৰিম অগ্ন্যাশয় প্রস্তুত কৰিছে যি মধুমেহ নিয়ন্ত্ৰন কৰাত সহায়ক হ’ব।

মধুমেহ হৈছে দীৰ্ঘদিনীয়া বিপাকীয় ৰোগ য’ত তেজত থকা শৰ্কৰাৰ মাত্ৰা বেছি হৈ থাকে। আমি খোৱা আহাৰৰ পৰা দেহত শক্তি প্ৰদানকাৰী গ্লূক’জ নামৰ শৰ্কৰা এবিধ প্ৰস্তুত হয়। অগ্ন্যাশয়ত প্রস্তুত হোৱা ইনচুলিন নামৰ হৰমোন এবিধে দেহত গ্লূক’জৰ ব্য়ৱহাৰ নিয়ন্ত্ৰণ কৰে। মধুমেহ ৰোগীসকলে প্ৰয়োজনীয় মাত্ৰাত ইনচুলিন উৎপাদন কৰিবলৈ অক্ষম হয় বা প্ৰস্তুত হোৱা ইনচুলিন ব্যৱহাৰ কৰিবলৈ অক্ষম হয়। কেতিয়াবা আকৌ এই দুয়োটা লক্ষণেই দেখা দিয়ে।

চৈধ্য় বছৰৰ তলৰ প্ৰত্যেক এক লাখ শিশুৰ মাজত গড়ে তিনিটা শিশু টাইপ ১ ডায়েবেটিচৰ দ্বাৰা আক্ৰান্ত হয় আৰু চিকিৎসক সকলে ইনচুলিনৰ বেজী, ইনচুলিন পাম্প আৰু অগ্ন্যাশয় বা  ইনচুলিন প্ৰস্তুতকাৰী অগ্ন্যাশয়ৰ  আইলেট কোষৰ প্ৰতিস্থাপনেৰে ইয়াৰ সমাধান কৰিবলৈ চেষ্টা কৰে। শেহতীয়াকৈ আচল অগ্ন্যাশয়ৰ দৰে কাম কৰিব পৰাকৈ আইলেট কোষ সহ কৃত্ৰিম অগ্ন্যাশয় নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰা হৈছে। অৱশ্যে আমাৰ দেহ আৰু দেহৰ প্ৰতিৰক্ষা প্ৰণালীয়ে কৃত্ৰিম অগ্ন্যাশয়ক বহিৰাগত বস্তু বুলি চিহ্নিত কৰে আৰু ইয়াৰ প্ৰতিস্থাপনত বাধাৰ সৃষ্টি কৰে।

এই অধ্য়য়নটোত গৱেষক সকলে পলিমাৰ যুক্ত এক বিশেষ আৱৰণী ব্যৱহাৰ কৰি এক কৃত্ৰিম অগ্ন্যাশয় তৈয়াৰ কৰি উলিয়াইছে। এই আৱৰণীখন জৈব সামঞ্জস্যপূর্ণ আৰু  ইয়াৰ ওপৰত সহজেই ইনচুলিন প্ৰস্তুতকাৰী কোষ সমূহ বাঢ়িব পাৰে। এই গৱেষনাৰ নেতৃত্ব দিয়া  আই আই টি বম্বেৰ প্ৰফেছৰ জয়েশ বেল্লাৰে জনায়, “আৱৰণীখন এক মিলিমিটাৰ ব্যাসৰ ৰন্ধ্ৰ যুক্ত সৰু নলিকা । যেতিয়া তৰল পদাৰ্থ ইয়াৰ মাজেৰে পাৰ হয় তেতিয়া এই আৱৰণীখন বাচি কিছুমান পদাৰ্থ ইয়াৰ মাজেৰে পাৰ হব দিয়ে আৰু বাকীবোৰ পদাৰ্থ ধৰি ৰাখে। এই প্ৰক্ৰিয়াটোক ডায়েলিছিছ প্ৰক্ৰিয়াৰ লগত তুলনা কৰিব পাৰি।”

পেটেণ্ট প্ৰাপ্ত এই ফোঁপোলা আবৰণিখন পলিচালফোন নামৰ এবিধ দৃঢ় আৰু স্থায়ীত্ত যুক্ত পলিমাৰ আৰু টি পি জি এচ (ডি আলফা টোকফেৰীল প’লিইথিলিন গ্লাইকল ১০০০ চাকচিনেট) ব্যৱহাৰ কৰি বনোৱা হৈছে। “আবৰণীখনৰ বৈশিষ্ট হৈছে যে ই অবিকল আমাৰ দেহত থকা বহিঃকোষীয় আবৰণীৰ দৰে কাম কৰে আৰু ইনচুলিন প্রস্তুতকাৰী কোষ সমূহক ইয়াৰ ওপৰত বাঢ়িবলৈ সহয় কৰে। গতিকে আমাৰ দেহৰ প্ৰতিৰক্ষা প্ৰক্ৰিয়াই ইয়াক একো লোকচান নকৰাকৈ ৰোগী সকলে ইনচুলিন লাভ কৰিবলৈ সমৰ্থ হয়,” প্ৰফেছৰ বেল্লাৰে জনায়।

আৱৰণীখনৰ ভিতৰ ভাগত থকা ৰন্ধ্ৰবোৰ অতি ক্ষুদ্ৰ যিয়ে ইনচুলিন বাহিৰ ওলোৱাত সহায় কৰে। আবৰণী খনৰ বাকী ঠাইত থকা ৰন্ধ্ৰবোৰ ডাঙৰ আৰু ই গঠন প্ৰক্ৰিয়াত সহায় কৰে। বহু কেইখন এনেকুৱা আৱৰণী লগ লগাই এটা পাত্ৰৰ আকাৰৰ ইনচুলিন প্ৰস্তুতকাৰী বায়’ৰিয়েক্টৰ বা কৃত্ৰিম অগ্ন্যাশয় প্ৰস্তুত কৰা হয়। গৱেষণাকাৰী সকলে মানুহ আৰু গাহৰিৰ ষ্টেমকোষ ব্যবহাৰ কৰি এই যন্ত্ৰটোৰ সফল পৰীক্ষন কৰিছে। কৃত্ৰিমভাৱে ডায়েবেটিচত আক্ৰান্ত কৰা নিগনিৰ দেহত এই কৃত্ৰিম অগ্ন্যাশয় প্ৰতিস্থাপন কৰাৰ ৩০ দিনৰ পাছটো নিগনিৰ দেহত কোনো ঋণাত্মক প্ৰতিক্ৰিয়া দেখা ন’গল। আনহাতে নিগনিৰ দেহৰ প্ৰতিৰক্ষা প্ৰনালীৰ কোষ সমূহে এই প্ৰত্য়াৰোপন টোক আক্ৰমণ কৰা নাছিল আৰু ইয়াৰ কৃত্ৰিম অগ্ন্যাশয়ৰ কোষৰ ওপৰত ৰক্ত নলীকাৰ বিকাশ হোৱাও দেখা গৈছিল।

এই গবেষণা টোৱে টাইপ ১ ডায়েবেটিচত আক্রান্ত প্রায় ৫৪২000 শিশুক লাভাবিম্বিত কৰিব বুলি আশা কৰা হৈছে। প্ৰফেছৰ বেল্লাৰে কয় “যদিও আইলেট কোষৰ প্ৰত্য়াৰোপন কৰি মধুমেহ নিৰ্মূলকৰন এতিয়াও সম্পূৰ্ণ সম্ভৱপৰ হৈ উঠা নাই, সঠিক উপাদান আৰু কোষৰ ব্য়ৱহাৰ কৰি এদিন এই সপোন বাস্তবায়িত কৰিব পৰা যাব।” পৰবৰ্তী পৰ্য্য়ায়ত এই কৃত্ৰিম অগ্ন্যাশয়টো ডাঙৰ জন্তুৰ দেহত প্ৰতিস্থাপন কৰি  ই কেনেকৈ কাম কৰে তাক পৰীক্ষা কৰা হব। “যদিও এই কৃত্ৰিম অগ্ন্যাশয়টো মানুহৰ দেহত প্ৰয়োগ কৰিবলৈ এতিয়াও বহুদূৰ বাকী আছে, ইয়াৰ মৌলিক প্ৰযুক্তি এই অধ্য়য়নত সফলভাৱে প্ৰদৰ্শন কৰা হৈছে,” প্ৰফেছৰ বেল্লাৰে জনায় ।