News

Bengaluru
22 Mar 2019

বায়ু প্ৰদূষণ নামৰ এক অদৃশ্য ঘাটক বৰ্তমান সময়ৰ পৃথিৱীৰ প্ৰধান স্বাস্থ্যজনীত সমস্যা সমূহৰ মাজৰ অন্যতম আৰু দুখীয়া আৰু মধ্যবিত্ত দেশসমূহত ইয়াৰ প্ৰভাৱ আৰু ভয়াৱহ। ভাৰতত বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ কাৰনে সঠিক ব্য়ৱস্থা লবলৈ ইহতৰ কাৰণ আৰু পৰিনামৰ বিষয়ে সবিশেষ জানিব পৰাকৈ দেশৰ সকলো ৰাজ্যক সামৰি কৰা এক অধ্যয়নৰ প্ৰয়োজনীয়তা আছিল। লেন্সেট প্লেনেটাৰী হেল্থ  নামৰ পত্ৰিকা এখনত প্ৰকাশিত এক শেহতীয়া অধ্যয়নত গৱেষক সকলে আমাৰ দেশত বায়ু প্ৰদূষণৰ ফলত হোৱা ৰোগ, মৃত্যু, আ

অৰুণাচল প্ৰদেশ
28 Jun 2019

এয়া ২০১৪ চনৰ কথা, অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকাৰ অৰণ্যত ডঃ চাহিল  নিঝাৱানৰ নেতৃত্বত স্থানীয় ইডু মিচিমি গোষ্ঠীৰ কিছু লোকে মধ্যম আৰু ডাঙৰ আকাৰৰ স্তন্যপায়ী প্ৰাণীৰ উপস্থিতিৰ বিষয়ে জানিবলৈ কিছু কেমেৰা স্থাপন কৰিছিল। ২০ মাহৰ মূৰত তেওঁলোকে ইয়াত বন্দী হোৱা  ফটোবোৰ পৰীক্ষা কৰাত  কিছু আচৰিত আৰু  অনাকাংক্ষিত ফটো পোৱা গ’ল। এই ফটো সমূহৰ মাজত বেলেগ বেলেগ ৰঙৰ এছিয়াৰ সোণালী মেকুৰীৰ বহু ফটো আছিল।

5 Apr 2019

মানুহৰ ক্ষেত্ৰত এক সুস্থ গৰ্ভাৱস্থাৰ দৈৰ্ঘ্য় হৈছে প্ৰায় ৪০ সপ্তাহ। অৱশ্য়ে বিশ্বত প্ৰতিবছৰে প্ৰায় ১৫ মিলিয়ন নৱজাতকৰ সময়পূৰ্বক ভাৱে বা ৩৭ সপ্তাহৰ আগতেই জন্ম হয়। সময়তকৈ আগতেই হোৱা জন্মৰ ফলত হোৱা জটিলতাৰ বাবে প্ৰতিবছৰে প্ৰায় এক মিলিয়ন শিশুৱে প্ৰাণ হেৰুৱাই আৰু পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ ই এক প্ৰধান কাৰণ। ভাৰতত প্ৰতিবছৰে প্ৰায় ৩.৫ মিলিয়ন অপৈণত শিশুৰ জ

বেঙ্গালুৰু
6 Sep 2019

হিমালয়ৰ অধিক উচ্চতাত বনৰীয়া আৰু কৃষিজাত উদ্ভিদৰ পৰাগযোগত ভোমোৰাৰ বিভিন্ন প্ৰজাতিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই অঞ্চলত ইয়াৰ উপস্থিতি অতি মহত্বপূৰ্ণ কাৰণ আন বহু পোক-পতংগ এই ঠাইত বাচি থাকিবলৈ অক্ষম। ভাৰতত ভোমোৰাৰ প্ৰজাতি সমূহৰ বিস্তৃতিৰ বিষয়ে বিষদ গৱেষণা হোৱা নাই। হিমালয়ৰ পশ্চিম আৰু কেন্দ্ৰীয় অংশত ইহঁতৰ বিস্তৃতিৰ বিষয়ে কিছু অধ্যয়ন হৈছে যদিও পূৱ-হিমালয়ৰ কঠোৰ জলবায়ুৰ বাবে এই অঞ্চলত ইহঁতৰ অধ্যয়ন অতি সীমিত হৈ আছে।

Bengaluru
11 Jan 2019

দীপাৱলী আৰু অন্যান্য উৎসৱত ব্যৱহাৰ হোৱা ফটকা- আটচবাজীয়ে যথেষ্ট পৰিমাণে বিষাক্ত পদাৰ্থ আৰু ক্ষতিকৰ গেছ নিৰ্গত কৰে। ইয়াৰ ফলত বায়ু প্ৰদূষিত হয় আৰু ই আমাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান দিল্লীৰ গৱেষক সকলে শেহতীয়াকৈ প্ৰকাশ কৰা এক অধ্যয়নত ফটকা-আটচবাজীৰ ফলত হোৱা অত্যাধিক বায়ু আৰু শব্দ প্ৰদূষণ আৰু আমাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিশ্লেষণ কৰিছিল। এই অধ্যয়নটো জাৰ্নেল অফ হেল্থ এণ্ড পলিউচন  নামৰ প

Bengaluru
28 Nov 2018

ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান, কটকৰ গৱেষক সকলে তেওঁলোকৰ সহযোগী প্ৰতিষ্ঠানসমূহৰ লগত মিলি কৰা এক শেহতীয়া অধ্যয়নত পূৱ ভাৰতত উৎপাদিত হোৱা সাত বিধ ধানৰ মিথেন গেছ নিৰ্গমন কৰাৰ পদ্ধতি সমূহ পোহৰলৈ আহিছে। গৱেষণাটোৰ ফলাফল সমূহ চাইন্স অফ দ্যা টোটেল এনভাৰমেণ্ট  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

Bengaluru
29 Sep 2018

ধান এছিয়াৰ আটাইতকৈ বহুলভাৱে ব্যৱহৃত হোৱা প্ৰধান খাদ্যশস্য। ধানখেতিৰ পথাৰসমূহ গ্ৰীণ হাউচ গেছৰ  এবিধ ডাঙৰ উৎস হিচাপে চিহ্নিত হৈছে আৰু এই কথাটো অতিকৈ চিন্তনীয় কাৰণ মিথেন আৰু অন্যান্য গ্ৰীণ হাউচ গেছ সমূহে গোলকীয় উষ্ণতা বৃদ্ধিত সহায় কৰে। ধানখেতিৰ পথাৰ সমূহৰ বৰ্ধিত উষ্ণতা আৰু পানী জমা হৈ থকা অৱস্থাটোৱে কিছুমান এনেকুৱা অণুজীৱৰ বৃদ্ধিত অৰিহণা যোগাই যিবোৰে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে আৰু ইয়াক মিথেনলৈ পৰিৱৰ্তিত কৰে। এই সমস্যাটো সমাধান কৰাৰ এটা উপায় হৈছে মাটিৰ জৈৱ-কাৰ্বন ধৰি ৰখাৰ ক্ষমতা বঢ়োৱা। শেহতীয়াকৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক কেইজন মানে অধিক কাৰ্বনযুক্ত সাৰৰ মিথেন

Bengaluru
27 Sep 2018

হৃদযন্ত্ৰ আৰু ৰক্তবাহিকা নলীৰ লগত জড়িত কাৰ্ডিওভাচকুলাৰ (চি ভি ডি) বা হৃদ বাহিকা ৰোগ প্ৰধান ঘাটক ৰোগ সমূহৰ মাজত অন্যতম। ভাৰতত এই ৰোগৰ ফলত হোৱা মৃত্যুৰ হাৰ আটাইতকৈ বেছি (২৫%) আৰু ই দ্বিতীয় আৰু তৃতীয় স্থানত থকা ঘাটক যক্ষ্মা (টিউবাৰকুলোচিচ) আৰু শ্বাসপ্রস্বাসৰ ৰোগ এই দুয়োটাতে  মিলি হোৱা প্ৰানহাণীতকৈও অধিক। স্বাস্থ্য কৰ্মীসকলে অনুমান কৰিছে যে আমাৰ জীৱন যাত্ৰাত হোৱা পৰিবৰ্তন, মেদবহুলতা, অস্বাস্থ্যকৰ আহাৰ, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আৰু ধঁপাত আৰু সুৰাৰ অত্যাধিক ব্যৱহাৰে ভবিষ্য়তত এই ৰোগৰ প্ৰাদূৰ্ভাৱ আৰু বৃদ্ধি কৰিব।

Bengaluru
26 Sep 2018

অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগ আৰু গুজৰাটৰ আই আই টি গান্ধীনগৰৰ পৃথিৱী বিজ্ঞান বিভাগে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-জলৰ ওপৰত কৰা এক গৱেষণাত কিছু চিন্তাজনক তথ্য পোহৰলৈ আহিছে। গৱেষণাটোত পৰীক্ষা কৰা এই অঞ্চলৰ ভূ-জলত আৰ্চেনিক, ফ্ল`ৰাইড আৰু ইউৰেনিয়াম পোৱা গৈছে যিয়ে আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে।