Science

Bengaluru
22 Mar 2019

বায়ু প্ৰদূষণ নামৰ এক অদৃশ্য ঘাটক বৰ্তমান সময়ৰ পৃথিৱীৰ প্ৰধান স্বাস্থ্যজনীত সমস্যা সমূহৰ মাজৰ অন্যতম আৰু দুখীয়া আৰু মধ্যবিত্ত দেশসমূহত ইয়াৰ প্ৰভাৱ আৰু ভয়াৱহ। ভাৰতত বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ কাৰনে সঠিক ব্য়ৱস্থা লবলৈ ইহতৰ কাৰণ আৰু পৰিনামৰ বিষয়ে সবিশেষ জানিব পৰাকৈ দেশৰ সকলো ৰাজ্যক সামৰি কৰা এক অধ্যয়নৰ প্ৰয়োজনীয়তা আছিল। লেন্সেট প্লেনেটাৰী হেল্থ  নামৰ পত্ৰিকা এখনত প্ৰকাশিত এক শেহতীয়া অধ্যয়নত গৱেষক সকলে আমাৰ দেশত বায়ু প্ৰদূষণৰ ফলত হোৱা ৰোগ, মৃত্যু, আ

মুম্বাই
26 Jul 2019

গৱেষক সকলে আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত ভিত্তি কৰি ভাৰতীয় শিশু সকলৰ মাজত খাদ্যতালিকাৰ ভিন্নতাৰ বিষয়ে অধ্যয়ন কৰিছে।

Hyderabad
10 May 2019

পৃথিৱীৰ প্ৰায় ৩.৫বিলিয়ন মানুহৰ কাৰণে ভাত এক প্ৰধান খাদ্য। কিন্তু পানীৰ নাটনি আৰু আবাদীৰ অত্যাধিক বৃদ্ধিৰ কাৰণে অতি সোনকালেই আপোনাৰ প্ৰিয় ভাত সাজ আপোনাৰ বাবে দুষ্প্ৰাপ্য হৈ পৰিব পাৰে। সাধাৰণতে ধান হৈছে পানীত হোৱা শস্য আৰু পানী ভৰ্তি পথাৰত ইহঁতৰ খেতি কৰা হয়। অৱশ্যে প্ৰতি কেজি ধানৰ উৎপাদনৰ বাবে প্ৰায়

অৰুণাচল প্ৰদেশ
28 Jun 2019

এয়া ২০১৪ চনৰ কথা, অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকাৰ অৰণ্যত ডঃ চাহিল  নিঝাৱানৰ নেতৃত্বত স্থানীয় ইডু মিচিমি গোষ্ঠীৰ কিছু লোকে মধ্যম আৰু ডাঙৰ আকাৰৰ স্তন্যপায়ী প্ৰাণীৰ উপস্থিতিৰ বিষয়ে জানিবলৈ কিছু কেমেৰা স্থাপন কৰিছিল। ২০ মাহৰ মূৰত তেওঁলোকে ইয়াত বন্দী হোৱা  ফটোবোৰ পৰীক্ষা কৰাত  কিছু আচৰিত আৰু  অনাকাংক্ষিত ফটো পোৱা গ’ল। এই ফটো সমূহৰ মাজত বেলেগ বেলেগ ৰঙৰ এছিয়াৰ সোণালী মেকুৰীৰ বহু ফটো আছিল।

5 Apr 2019

মানুহৰ ক্ষেত্ৰত এক সুস্থ গৰ্ভাৱস্থাৰ দৈৰ্ঘ্য় হৈছে প্ৰায় ৪০ সপ্তাহ। অৱশ্য়ে বিশ্বত প্ৰতিবছৰে প্ৰায় ১৫ মিলিয়ন নৱজাতকৰ সময়পূৰ্বক ভাৱে বা ৩৭ সপ্তাহৰ আগতেই জন্ম হয়। সময়তকৈ আগতেই হোৱা জন্মৰ ফলত হোৱা জটিলতাৰ বাবে প্ৰতিবছৰে প্ৰায় এক মিলিয়ন শিশুৱে প্ৰাণ হেৰুৱাই আৰু পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ ই এক প্ৰধান কাৰণ। ভাৰতত প্ৰতিবছৰে প্ৰায় ৩.৫ মিলিয়ন অপৈণত শিশুৰ জ

বেঙ্গালুৰু
22 Nov 2019

প্ৰতি বছৰে অক্টোবৰ মাহৰ মাজ ভাগত নাগালেণ্ডৰ ব’মৰ (Bomrr) নামৰ  জাতি এটাৰ লোক সকল মিমি গাওঁত থকা গুহা সমূহত একত্ৰিত হয়। বছৰেকীয়া এই বাদুলি চিকাৰৰ উৎসৱত প্ৰায় ৭০০০ ৰ পৰা ২৫০০০ টা বাদুলি হত্যা কৰা হয়। এই জাতিটোৰ লোক সকলে বিশ্বাস কৰে যে এই বাদুলিসমূহৰ কিছুমান ঔষধিক গুণ আছে যিয়ে ডায়েৰীয়া, দেহৰ বিষ ইত্যাদি নিৰ্মূল কৰিব পাৰে আৰু শক্তি বৃদ্ধি কৰে। কিন্তু এক শেহতীয়া অধ্যয়নৰ মতে ৰোগৰ উপশমত সহায় কৰাৰ সলনি বাদুলি সমূহে ভয়ানক ফিলোভাইৰাছহে কঢ়িয়াই যিবোৰ মানুহৰ দেহলৈকো সংক্ৰমিত হ’ব পাৰে।

বেঙ্গালুৰু
6 Oct 2019

আপুনি জানেনে যে পৃথিৱীত মানুহৰ মৃত্যুৰ মুখ্য কাৰণ যুদ্ধ বা দুৰ্ভিক্ষ নহয়, হৃদৰোগ সমূহহে। এই ঘাটক সমূহৰ কাৰক বোৰৰ বিষয়ে এতিয়াও সম্পূৰ্ণকৈ জনা হোৱা নাই। গৱেষক সকলৰ মতে ইয়াৰ কাৰণ সমূহ হৈছে জিনীয় কাৰক, জীৱন শৈলীৰ পৰিবৰ্তন, খাদ্য, আৰু পাৰিবেশিক কাৰণ যেনে বায়ু প্ৰদূষণ ইত্যাদি। যোৱা কিছু বছৰত উচ্চ ৰক্তচাপ আদি  হৃদৰোগৰ কাৰকৰ ভূক্তভোগীৰ সংখ্যা বাঢ়িছে। দুখীয়া আৰু মধ্যবিত্ত দেশৰ লোক সমূহে ইয়াৰ ফলত বেছি কষ্ট ভোগ কৰিবলগীয়া হৈছে। ২০১৫ চনত উচ্চ ৰক্তচাপত ভূগি থকা ১.১ বিলিয়ন প্ৰাপ্ত বয়স্ক লোকৰ প্ৰায় ৪৪% দক্ষিণ আৰু পূৱ এছিয়াৰ আৰু ১৮% ভাৰতৰ বাসিন্দা আছিল।

বেঙ্গালুৰু
18 Sep 2019

বেক্টেৰিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৱহৃত হোৱা এন্টিবায়’টিক  সমূহে ১৯২৮ চনত ইয়াৰ প্ৰথম আৱিস্কাৰৰ পাছৰে পৰা বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসাত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। কিন্তু বৰ্তমান সময়ত এই এন্টিবায়’টিক সমূহৰ ক্ৰিয়াক প্ৰতিৰোধ কৰাৰ ক্ষমতা থকা কিছুমান বেক্টেৰিয়া এক ডাঙৰ সমস্যা হৈ পৰিছে। এন্টিবায়’টিক প্ৰতিৰোধী এই বেক্টেৰিয়া সমূহৰ চিকিৎসা দীঘলীয়া আৰু খৰছী হোৱাৰ উপৰিও ইয়াৰ ফলত বহু লোক মৃত্যু মুখত পৰে। এন্টিবায়’টিক প্ৰতিৰোধৰ বাবে ২০৫০ চনৰ ভিতৰত বিশ্বত বছৰি প্ৰায় ১০ মিলিয়ন লোকৰ মৃত্যু হ’ব পাৰে বুলি অনুমান কৰা হৈছে। এন্টিবায়’টিকৰ অসাৱধান আৰু অত্যাধিক ব্যৱহাৰৰ ফলত বিকাশ

বেঙ্গালুৰু
6 Sep 2019

হিমালয়ৰ অধিক উচ্চতাত বনৰীয়া আৰু কৃষিজাত উদ্ভিদৰ পৰাগযোগত ভোমোৰাৰ বিভিন্ন প্ৰজাতিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই অঞ্চলত ইয়াৰ উপস্থিতি অতি মহত্বপূৰ্ণ কাৰণ আন বহু পোক-পতংগ এই ঠাইত বাচি থাকিবলৈ অক্ষম। ভাৰতত ভোমোৰাৰ প্ৰজাতি সমূহৰ বিস্তৃতিৰ বিষয়ে বিষদ গৱেষণা হোৱা নাই। হিমালয়ৰ পশ্চিম আৰু কেন্দ্ৰীয় অংশত ইহঁতৰ বিস্তৃতিৰ বিষয়ে কিছু অধ্যয়ন হৈছে যদিও পূৱ-হিমালয়ৰ কঠোৰ জলবায়ুৰ বাবে এই অঞ্চলত ইহঁতৰ অধ্যয়ন অতি সীমিত হৈ আছে।