ಹಯಾಬುಸಾ ಎಂದರೆ ವೇಗವಾಗಿ ಚಲಿಸುವ ಜಪಾನೀ ಬೈಕ್ ನೆನಪಿಗೆ ತಕ್ಷಣ ಬರುವುದು ಅಲ್ಲವೇ? ಆದರೆ ಜಪಾನಿನ ಬಾಹ್ಯಾಕಾಶ ಸಂಸ್ಥೆ - (ಜಾಕ್ಸ, JAXA) ತನ್ನ ಒಂದು ನೌಕೆಯ ಹೆಸರು ಹಯಾಬುಸಾ 2 ಎಂದು ಇಟ್ಟಿದ್ದಾರೆ. ಈ ನೌಕೆಯನ್ನು ಜಪಾನಿನ ಬಾಹ್ಯಾಕಾಶ ಸಂಸ್ಥೆ ಸೌರವ್ಯೂಹದಾದ್ಯಂತ ಸಂಚರಿಸಿ ರುಯ್ಗು (Ryugu) ಕ್ಷುದ್ರಗ್ರಹವನ್ನು ಸಂಪರ್ಕ ಸಾಧಿಸುವ ಉದ್ದೇಶದಿಂದ  ಡಿಸೆಂಬರ್ 2014 ರಲ್ಲಿ ಉಡಾವಣೆ ಮಾಡಿತ್ತು. ಇದು ಸುಮಾರು ಮೂವತ್ತು ಕೋಟಿ (300 ಮಿಲಿಯನ್) ಕಿಲೋಮೀಟರ್ ದೂರ ಪ್ರಯಾಣಿಸಿ 2018 ರಲ್ಲಿ ರುಯ್ಗು ಕ್ಷುದ್ರಗ್ರಹವನ್ನು ಸ್ಪರ್ಶಿಸಿತ್ತು. ಅಲ್ಲಿಯೇ ಕೆಲ ತಿಂಗಳು ಇದ್ದು ಮಾಹಿತಿ ಮತ್ತು ವಸ್ತು ಸಂಗ್ರಹಣೆ ಮಾಡಿ, 2020 ಯಲ್ಲಿ ಯಶಸ್ವಿಯಾಗಿ ಹಿಂತಿರುಗಿತ್ತು.

ভাৰতবৰ্ষত দুটা সময় ক্ষেত্ৰৰ প্ৰাসংগিকতা

Read time: 1 min
Bengaluru
14 Dec 2018

সন্ধিয়া পাঁচ বজাৰ ঘিটমিটীয়া অন্ধকাৰত কাৰ্য্য়ালয়ৰ কাম শেষ কৰি বাহিৰলৈ ওলোৱা নাইবা ৰাতিপুৱা চাৰে চাৰি বজাতে ওলোৱা ৰ’দ জাকে ভাঙি দিয়া টোপনিটো, এই কোনোটোৱেই আমাৰ বেছিভাগৰে বাবে এক প্ৰিয় অভিজ্ঞতা নহয়। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দা হিচাপে ই আমাৰ বাবে এক এৰাব নোৱাৰা পৰিস্থিতি। ভাৰতবর্ষৰ বৰ্তমান মান সময়ে (আই এচ টি) আমাৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰিছে কাৰণ আমাৰ ইয়াত সূৰ্যোদয় আৰু সূৰ্যাস্ত দুয়োটাই ন বজাৰ পৰা পাঁচ বজালৈ চলা আমাৰ কাৰ্যালয়ৰ সময়তকৈ বহু আগতেই হয়। যদিও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহে বহু আগৰে পৰাই এক সুকীয়া সময় ক্ষেত্ৰৰ  (টাইম জ’ন) বাবে দাবী জনায় আহিছে, ই এতিয়ালৈ গ্ৰাহ্য হোৱা নাই; আনহাতে ২০১৭ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই দাবী সন্মিলিত এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন নাকচো কৰিছে।

নতুন দিল্লীত থকা ৰাষ্ট্ৰীয় ভৌতিক প্ৰয়োগশালাত (চি এচ আই আৰ - এন পি এল) হোৱা এক শেহতীয়া অধ্যয়নত গৱেষক সকলে ভাৰতত দুটা পৃথক টাইম জ’ন প্ৰচলন কৰাৰ সম্ভাৱনাৰ পৰীক্ষা কৰিছিল। তেওঁলোকে পশ্চিমবংগৰ পৰা পূৱত থকা ৰাজ্য সমূহৰ কাৰণে আই এচ টি -II নামৰ এক সুকীয়া টাইম জ’ন প্ৰস্তাৱ কৰিছে আৰু ইয়াক বাস্তৱায়িত কৰাৰ বাবে বিভিন্ন উপায়ৰ বিষয়ে পৰামৰ্শও আগবঢ়াইছে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ দ্বাৰা সমৰ্থিত এই অধ্যয়নটো কাৰেণ্ট চাইন্স  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

“এই ৰাজ্য সমূহত আই এচ টি II বাস্তৱায়িত কৰিলে ইয়াৰ বাসিন্দা সমূহৰ কাৰ্য্যালয়ৰ কৰ্মসময় আৰু তেওঁলোকৰ দৈহিক (বায়’লজিকেল) ঘড়ীৰ সময়ৰ ভাৰসাম্য ৰক্ষা হব, লগতে যথেষ্ট পৰিমানৰ শক্তিৰো ৰাহি হব”, গৱেষক সকলে জনায়।

গোটেই পৃথিৱী খন ২৪ টা টাইম জ’নত বিভক্ত হৈ আছে আৰু প্ৰত্যেকেই ১৫ ডিগ্ৰী দ্ৰাঘিমাগত প্ৰস্থলৈ বিয়পি আছে। আমি যিমানে পূবলৈ যাওঁ, প্ৰত্যেক জ’নত এক ঘন্টা কৈ যোগ হৈ গৈ থাকে। বহু দেশ বিভিন্ন টাইম জ’নলৈ বিস্তৃত হৈ থাকে, যেনে আমেৰিকা য’ত ন টা টাইম জ’ন আছে। কিন্তু, যদিও ভাৰতবৰ্ষ ২৯ ডিগ্ৰী দ্ৰাঘিমাগত প্ৰস্থত বিয়পি আছে, ইয়াত এটাই টাইম জ’ন আছে। উত্তৰ পূৰ্বাঞ্চলত চাৰি বজাতে দিন আৰু ৰাতি হোৱাৰো ইয়েই কাৰণ। যিহেতু আমাৰ শৰীৰ আন্ধাৰত জিৰণি আৰু পোহৰত কৰ্মসক্ষম হবৰ বাবে প্ৰস্তুত হৈ থাকে, দিনৰ পোহৰৰ লগত ঘড়ীৰ কাটাৰ এই অসামঞ্জস্যই আমাৰ কৰ্মস্পৃহাক প্ৰভাৱান্নিত কৰে।

এই অধ্যয়নৰ বাবে গৱেষক সকলে পূৰ্বোত্তৰৰ অৰুণাচল প্ৰদেশৰ ডং নামৰ ঠাইৰ পৰা আৰম্ভ কৰি পশ্চিমৰ গুজৰাটৰ ঘুৱাৰ মোটা নামৰ ঠাইখনলৈ ভাৰতৰ দহ ঠাইত সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ তুলনা কৰিছিল। “পূৰ্বোত্তৰত সূৰ্য্য সোনকালে উদয় হয় আৰু পশ্চিমৰ তুলনাত বহু মাহলৈ সূৰ্যোদয় দুই ঘণ্টা আগতেই হয়”, গৱেষক সকলে জনায়। যিসকলে এই অঞ্চলত কাম কৰে তেওঁলোকে কাৰ্য্য়ালয়ৰ কাম আৰম্ভ হোৱাৰ আগতেই দিনৰ পাচ ঘণ্টা সময় খৰচ কৰে আৰু ফলত কাম শেষ হওঁতে ৰাতি হৈ পৰে।

এই সমস্যাটোৰ সমাধানৰ বাবে গৱেষক সকলে বৰ্তমানৰ মান সময়ৰ লগত এক ঘণ্টা যোগ কৰি আই এচ টি - II নামৰ এক পৃথক টাইম জ’ন সৃষ্টি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। তেওঁলোকে জনাইছে যে বৰ্তমান ভাৰতীয় মান সময় (ইউ টি চি + ৫.৩০ ঘ) যি ৮২°৩৩′পূৰ্ব দ্ৰাঘিমাংশ  ধৰি হিচাপ কৰা হয়, ই ৬৮°৭′ পূৰ্ব আৰু ৮৯°৫২′পূৰ্ব ৰ মাজৰ অংশটো সামৰি লয়। দ্বিতীয় প্ৰস্তাৱিত টাইম জ’ন, আই এচ টি II, যি ৯৭°৩০′পূৰ্ব দ্ৰাঘিমাংশ  ধৰি হিচাপ কৰা হয়, সি ৮৯°৫২′ পূৰ্ব আৰু ৯৭°২৫′ পূৰ্ব ৰ মাজৰ ঠাই খিনি সামৰি লব। গৱেষক সকলৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসম, মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰা আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জক এই নতুন সময় জ’ন টোৱে সামৰি লব।

অধ্যয়ন টোৱে দুয়োটা টাইম জ’নৰ মাজৰ সীমাৰেখা টোও নিৰ্ধাৰণ কৰি দিছে। “এই সীমাৰেখা পশ্চিম বংগ আৰু অসমৰ সীমাঞ্চলৰ বিশেষ সংকীৰ্ণতম ঠাই খিনি হ’ব”, গৱেষক সকলে জনায়।

এই বিভাজনে ৰেলৱে পৰিবহন আদিত হব পৰা সমস্যাও লাঘৱ কৰিব। ভাৰতত ৰেলৰ সময় আৰু সংকেত এতিয়াও স্বচালিত, হোৱা নাই। যিহেতু আই এচ টি II অঞ্চলত মাত্ৰ দুটাহে বৃহৎ ষ্টেচন আছে, ইয়াৰ সময় অতি সহজে সলনি বা ঠিক কৰি লব পৰা যাব, তেওঁলোকে কয়।

প্ৰস্তাৱিত নতুন সময় জ’ন টোৱে এই অঞ্চলৰ বাসিন্দা খিনিৰ জীৱনশৈলী উন্নীত কৰাৰ লগতে আৰু বহু উপকাৰ সাধন কৰিব। যিহেতু দিনৰ ভাগতেই বেছি ভাগ কাম সম্পাদন হব, ই যথেষ্ট পৰিমানে বিদ্যুৎ ৰাহি কৰাত সহায়ক হব। “সাম্ভাব্য বিদ্যুৎ ৰাহীৰ পৰিমাণ প্ৰায় ২×১০৭ কিলো ৱাট ঘণ্টা, যিটো অতিকৈ মহত্বপূৰ্ণ, কাৰণ এই ঠাই সমূহত বিদ্যুতৰ নাটনি আছে”, তেওঁলোকে জনায়।

গৱেষক সকলে, ব্ৰিটিছৰ দ্বাৰা ১৮৮৪ চনত প্ৰবৰ্তিত কৰা ‘বম্বে টাইম’ আৰু ‘কলিকতা টাইমৰ’ সদৃশ দুটা টাইম জ’নৰ ধাৰণাটোৰ পুনৰীক্ষণ কৰে। তেওঁলোকে জনায় যে বৰ্তমানৰ ভাৰতৰ সময় ৰক্ষক, ভাৰতীয় ভৌতিক প্ৰয়োগশালা (এন পি এল), ভাৰতত দুটা সময় জ’ন বজায় ৰখাত সম্পূৰ্ণ সক্ষম যদিহে এন পি এল ৰ অনুৰূপ এক গৱেষণাগাৰ আই এচ টি-II অঞ্চলত প্ৰতিষ্ঠা কৰা হয়।

“যিহেতু এন পি এল ৰ ওচৰত প্ৰয়োজনীয় কাৰিকৰী অভিজ্ঞতা আছেই, প্ৰয়োজনীয় অনুদান আৰু ঠাই পালেই অনুৰূপ এক প্ৰয়োগশালাৰ স্থাপন অতি সহজেই কৰিব পৰা যাব”, গৱেষক সকলে জনায়।