সাতটা দশকৰ বিৰতিৰ পাছত অৰুণাচল প্ৰদেশত পিট ভাইপাৰ সাপৰ এক নতুন প্ৰজাতিৰ আৱিষ্কাৰ

Read time: 1 min
Arunachal Pradesh
31 May 2019
সাতটা দশকৰ বিৰতিৰ পাছত অৰুণাচল প্ৰদেশত পিট ভাইপাৰ সাপৰ এক নতুন প্ৰজাতিৰ আৱিষ্কাৰ

যদি আপুনি নতুনকৈ আৱিস্কৃত হোৱা পিট ভাইপাৰ সাপৰ প্ৰজাতি ট্ৰাইমেৰেচুৰুচ অৰুণাচলেনচিচৰ  লগত লুকাভাকু খেলিব লগা হয় তেনেহলে কোন জিকিব তাত মুঠেই সন্দেহ নাই। ইহঁতৰ গাৰ ৰঙা মুগা ৰংটো হাবিৰ লগত ইমান ধুনীয়াকৈ মিলি পৰে যে ইহঁতক চিনি উলিওৱাটো ইমান সহজ কথা নহয়। লক্ষণীয় ভাৱে অলপতে গৱেষক সকলে এটা মাত্ৰ নমুনাৰ (সাপ) সহায়ত এই নতুন প্ৰজাতিটো বৰ্ণনা কৰিছে আৰু এতিয়া ই বিশ্বৰ বিৰলতম পিট ভাইপাৰ সাপ হিচাপে চিহ্নিত হৈছে।

ঈগল নেষ্ট বায়’ডাইভাৰচিটি প্ৰজেক্টৰ যুৱ সৰীসৃপবিদ ৰোহন পণ্ডিতে তেওঁৰ ক্ষেত্ৰ সহায়ক ৱাংচু ফিয়াংৰ লগত অৰুণাচল প্ৰদেশৰ পশ্চিম কামেংৰ দূৰবৰ্তী পাহাৰীয়া হাবিত কৰি থকা অধ্যয়নৰ সময়ত এই নতুন প্ৰজাতিটো আৱিস্কৃত হৈছিল। তেওঁলোকে প্ৰত্যক্ষ কৰা এই সাপ বিধ এই অঞ্চলত থকা অন্য মুগা পিট ভাইপাৰ সাপ যেনে সৰু পৰ্বতীয়া ভাইপাৰ (মাউণ্টেইন পিট ভাইপাৰ) আৰু মুগা স্পটেড পিট ভাইপাৰ আদিতকৈ দেখাত বেলেগ আছিল। ভালকৈ পৰীক্ষা কৰোঁতে গম পোৱা গ’ল যে ই আচলতে আগতে কেতিয়াও বৰ্ণিত নোহোৱা এক সাপৰ প্ৰজাতি। এই নতুন প্ৰজাতিটোৰ বিষয়ে বৰ্ণনা সমূহ ৰাছিয়ান জাৰ্নেল অফ হাৰ্পেটোল’জী নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

ভাইপাৰ সমূহ হৈছে বিষাক্ত সাপ। পিট ভাইপাৰসমূহৰ মূৰৰ দুয়োফালে, চকু আৰু নাকৰ ফুটাৰ মাজত তাপ সংগ্ৰাহী পিট থাকে। এই পিট সমূহে ইহঁতৰ ‘ষষ্ঠ ইন্দ্ৰিয়’ হিচাবে কাম কৰে আৰু ইহঁতক উষ্ণৰক্ত বিশিষ্ট চিকাৰ বিচাৰিবলৈ বা চিকাৰৰ আকাৰৰ বিষয়ে অনুমান কৰিবলৈ সহায় কৰে। এই অংগ সমূহে ইহঁতক নিশাৰ ভাগত চিকাৰী জন্তুৰ পৰা বাচি থাকিবলৈও সহায় কৰে যেন লাগে ।

ট্ৰাইমেৰেচুৰুচ হৈছে পিট ভাইপাৰ সমূহৰ মাজত আটাইতকৈ বেছি বৈচিত্ৰতা থকা জাতি। দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত ইহঁতৰ প্ৰায় ৫০ টা মান প্ৰজাতি আছে। নতুনকৈ আৱিস্কৃত হোৱা টি . অৰুণাচলেনচিচ  ৰ সৈতে ভাৰতত থকা পিট ভাইপাৰৰ সংখ্যা ২৪ টা লৈ বৃদ্ধি পালে। উত্তৰ পূৰ্বাঞ্চল হৈছে এতিয়ালৈকেও আৱিস্কৃত নোহোৱা বহু প্ৰজাতিৰ বসতি স্থল আৰু যোৱা দুটা দশকত ইয়াৰ পৰা বহু নতুন প্ৰজাতি আৱিস্কৃত হৈছে।

“অৰুণাচলৰ পৰা আৱিস্কৃত হোৱা এই সাপৰ প্ৰজাতিটো এই অঞ্চলৰ নতুন প্ৰজাতিৰ তালিকাখনত এক শেহতীয়া সংযোজন। একবিংশ শতিকাতো নতুনকৈ আৱিস্কৃত প্ৰজাতিৰ এই তালিকাখন দীঘলীয়া হৈ গৈ আছে আৰু ইয়াত বিভিন্ন স্তন্যপায়ী প্ৰাণী আৰু চৰাই আদিৰ প্ৰজাতিও সংযোজিত হৈছে যিয়ে অৰুণাচল প্ৰদেশৰ চহকী জৈৱ বৈচিত্ৰৰ কথা প্ৰমাণ কৰিছে”, ১৯৯৬ চনৰ পৰাই এই ৰাজ্যত সাপৰ বিষয়ে অধ্যয়ন কৰি থকা অশোক কেপ্টেইনে কয়।

এই ৰঙা মুগা পিট ভাইপাৰ বিধৰ দেহ ভাগ ক্ষীণ আৰু ডিঙিৰ অংশটো বহল। ওপৰৰ পৰা চালে মুখৰ সম্মুখ ভাগ গোলাকাৰ যেন লাগে। ইহঁতৰ দেহ ভাগত কিছুমান ডাঠ ৰঙৰ পটি থাকে আৰু পেটৰ বাকলিৰ ওপৰত বিছিন্ন বগা লাইন এডাল আছে। ইহঁতৰ বাকলি সমূহৰ বিষয়ে আন পিট ভাইপাৰ সমূহৰ লগত তুলনা কৰাৰ উপৰিও গৱেষক সকলে ইহঁতৰ ডি এন এ ব্যৱহাৰ কৰি বংশাৱলীৰ অধ্যয়ন কৰিছিল।

এই সাপবিধৰ বিষয়ে এতিয়াও ভালকৈ জনা হোৱা নাই। অৰণ্যৰ ভূমিৰ লগত মিলি যোৱা ইহঁতৰ দেহৰ ৰঙলৈ চাই ইহঁত স্থলজ যেন অনুভৱ হয়। অৱশ্যে যিহেতু এটা মাত্ৰ সাপৰ ওপৰত ভিত্তি কৰি এই প্ৰজাতিটোৰ বৰ্ণনা কৰা হৈছে, ইহঁতৰ পৰিসৰৰ বিষয়ে বিশেষ জনা হোৱা নাই আৰু এই বিষয়ে অধিক অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। অৰুণাচল প্ৰদেশৰ বন বিভাগৰ বৈজ্ঞানিক আৰু এই অধ্যয়নত ভাগ লোৱা এজন গৱেষক  ডঃ ভাৰত ভাটে  জনায় যে এই নতুন প্ৰজাতিটো ভাৰতত ৭০ বছৰৰ বিৰতিৰ পাছত বৰ্ণিত হোৱা পিট ভাইপাৰৰ এক প্ৰজাতি।

গৱেষক সকলৰ মতে ইহঁত আৱিস্কৃত হোৱা ৰাজ্য খনৰ নাম অনুসৰি ইহঁতক অৰুণাচল পিট ভাইপাৰ হিচাপে জনা যাব। ইয়াৰ লগে লগে অৰুণাচল একমাত্ৰ ভাৰতীয় ৰাজ্য হিচাপে পৰিগণিত হৈছে যাৰ নামেৰে এক পিট ভাইপাৰৰ নামাকৰণ কৰা হৈছে।

উত্তৰ পূৰ্বাঞ্চলত জৈৱ বৈচিত্ৰৰ বিষয়ে কৰা এনে ধৰণৰ জৰিপে এই অঞ্চলত এতিয়াও আৱিষ্কাৰ নোহোৱা প্ৰজাতি সমূহৰ চিনাক্ত কৰণত সহায় কৰিব। আই আই এচ ই আৰ পুনেৰ  ডঃ ৰমন আঠৰেয়াৰ অগ্ৰণী ভূমিকা থকা ঈগল নেষ্ট বায়’ডাইভাৰচিটি প্ৰজেক্ট ২০০৩ চনত আৰম্ভ হৈছিল। ৰাফোৰ্ড ফাউণ্ডেচন আৰু ফোৰ্ড ফাউণ্ডেচনৰ দ্বাৰা সমৰ্থিত এই ক্ষেত্ৰ অধ্যয়ন এই অঞ্চলৰ চৰাই, পখিলা, সৰীসৃপ, উভচৰ প্ৰাণী ইত্যাদিৰ বিষয়ে অধ্যয়ন  আৰু ইহঁতৰ পাৰিবেশিক মূল্য আৰু পৰিবেশ পৰ্যটনৰ সম্ভাৱনাৰ বিষয়ে সজাগতা সৃষ্টিকৰন আদি দিশত কাম কৰাৰ বাবে সমৰ্পিত।

অৱশ্যে পৰিবেশ পৰ্যটনৰ ভাল আৰু বেয়া দিশ দুয়োটাই আছে। এফালে ই জীৱ জন্তুৰ বাবে ক্ষতিকৰ হ’ব পাৰে। আনফালে সঠিকভাৱে আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সহায় হোৱাকৈ পৰিকল্পনা কৰা পৰিবেশ পৰ্যটনৰ প্ৰয়াসে স্থানীয় লোক সমূহক আৰ্থিক ভাৱে সহায় কৰাৰ লগতে অধিক অধ্যয়নৰ বাবে আৰ্থিক সমর্থন গোটোৱাতও সহায়ক হ’ব পাৰে।