বিশ্বব্যাপী কৰা এক অধ্যয়নত গম পোৱা গৈছে যে বেছি চডিয়াম আৰু কম মাত্ৰাত গোটা শস্য আৰু ফল মূলৰ ব্য়ৱহাৰ বেছিভাগ মৃত্যুৰ কাৰণ হৈ পৰে।
“খাদ্যক আপোনাৰ ঔষধ আৰু ঔষধক আপোনাৰ খাদ্য হ’ব দিয়ক”, বিখ্যাত হিপোক্রেতচৰ এই বাণীয়ে বহু আগতেই সুস্থ আৰু বলবান হৈ থাকিবৰ বাবে সঠিক খাদ্য গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকীয়াই দিছিল। সময়ৰ লগে লগে এই উপদেশ পাহৰি যোৱা যেন অনুভৱ হৈছে কাৰণ আমি আমাৰ খাদ্যৰ তালিকাখন অস্বাস্থ্যকৰ, সংসাধিত , নিমখীয়া আৰু মিঠা খাদ্যৰে ভৰাই পেলাইছোঁ। দা লেনচেট নামৰ পত্ৰিকা এখনত শেহতীয়াকৈ প্ৰকাশিত এক অধ্যয়নত গৱেষক সকলে আমাৰ খাদ্যাভ্যাস সলনি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগ কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকে জনাইছে যে ২০১৭ চনত গোটেই বিশ্বত হোৱা প্ৰতি পাচটা মৃত্যুৰ ভিতৰত এটাৰ লগত জড়িত কাৰণ হৈছে নিম্নমানৰ খাদ্য। হৃদৰোগ, কেন্সাৰ আৰু টাইপ ২ ডায়েবেটিচ এই মৃত্যু সমূহৰ প্ৰধান কাৰক আছিল।
গৱেষক সকলে ১৯৯০ চনৰ পৰা ২০১৭ চনৰ ভিতৰত ১৯৫ খন দেশৰ ২৫ বছৰৰ উৰ্ধৰ লোকৰ খাদ্যাভ্যাস আৰু সোঁচৰিব নোৱাৰা বেমাৰৰ ফলত হোৱা মৃত্যুৰ হাৰৰ বিষয়ে অধ্যয়ন কৰিছিল। গৱেষক সকলে এই লোকসমূহৰ মাজত তেওঁলোকে খোৱা খাদ্যৰ বিভিন্ন উপাদান আৰু এইবোৰে সৃষ্টি কৰিব পৰা বেমাৰৰ বিষয়ে অনুমান কৰিছিল, আৰু ইয়াৰ পৰা হ’ব পৰা মৃত্যুৰ, আৰু অক্ষমতা সমাযোজিত জীৱন বৰ্ষৰ (ডি এ এল ৱাই) ৰ গণনা কৰিছিল। ডি এ এল ৱাই হৈছে বেমাৰ, অক্ষমতা আৰু সময়ৰ আগতে হোৱা মৃত্যুৰ ফলত জীৱনৰ পৰা হেৰোৱা বছৰ কেইটাৰ এক হিচাপ।
“১৯৫ খন দেশত খাদ্যাভাসৰ বিষয়ে কৰা অধ্যয়নে নিম্নমানৰ খাদ্যাভ্যাসৰ ফলত হোৱা স্বাস্থ্যৰ ক্ষতিৰ এক সম্পূৰ্ণ ছবি দাঙি ধৰিছে। আমি পালো যে খাদ্যাভ্যাসৰ উন্নীত কৰণৰ জৰিয়তে বিশ্বত হোৱা প্ৰতি পাঁচটা মৃত্যুৰ ভিতৰত এটা মৃত্যু প্ৰতিহত কৰিব পাৰি”, গৱেষক সকলে জনায়।
এই অধ্যয়নত পোৱা গৈছে যে ২০১৭ চনত হোৱা ১১ মিলিয়ন মৃত্যু আৰু ২৫৫ মিলিয়ন ডি এ এল ৱাই ৰ কাৰন আছিল নিম্নমানৰ খাদ্য। ঘাটক হিচাপে পৰিণত হোৱা মুখ্য তিনিটা কাৰণ আছিল বেছি মাত্ৰাৰ চডিয়াম, গোটা শস্যৰ কম ব্যৱহাৰ আৰু কম মাত্ৰাত ফল মূলৰ ব্যৱহাৰ। “আমাৰ গৱেষণাই প্ৰমাণ কৰে যে অপৰিমিত আহাৰে, ধপাত সেৱন বা আন যিকোনো কাৰণত হোৱা মৃত্যুতকৈ আধিক পৰিমাণৰ ক্ষতি কৰিব পাৰে”, গৱেষক সকলে কয়।অধ্যয়নটোত পোৱা গৈছিল যে ২০১৭ চনত বিশ্ববাসীয়ে কম স্বাস্থ্যকৰ খাদ্য আৰু উপাদান গ্ৰহণ কৰিছিল। গাখীৰ, বাদাম জাতীয় বস্তু আৰু বীজ, গোটা শস্য আদিৰ ব্যৱহাৰ কম হৈছিল। আনহাতে অস্বাস্থ্যকৰ খাদ্য যেনে মিঠা যুক্ত পানীয়, সংসাধিত মাংস, চডিয়াম আদি অধিক পৰিমাণত ব্যৱহৃত হৈছিল। মহিলাৰ তুলনাত পুৰুষে স্বাস্থ্যকৰ আৰু অস্বাস্থ্যকৰ এই দুয়োবিধ খাদ্য অধিক পৰিমানে ব্যৱহাৰ কৰিছিল। এই ক্ষেত্ৰত ব্যতিক্ৰম কিছু ঠাই হৈছে চেন্ত্ৰেল এছিয়া য’ত অনুকূল মাত্ৰাত পাচলি, জাপানৰ দৰে ধনী এছিয়ান দেশ য’ত স্বাস্থ্যকৰ মাত্ৰাত ওমেগা ৩ ফেটি এচিড, আৰু লেটিন আমেৰিকা, এছিয়া আৰু আফ্ৰিকা য’ত উচিত মাত্ৰাত মাহজাতীয় শস্য গ্ৰহণ কৰা হৈছিল।
ভাৰত তথা দক্ষিণ এছিয়াৰ লোক সকলে প্ৰয়োজনতকৈ কম পৰিমাণে ফল, পাচলি, গোটা শস্য, বাদামজাতীয় বস্তু আৰু বীজ, গাখীৰ, কেলচিয়াম, আহজাতীয় বস্তু, তেলযুক্ত মাছত থকা ওমেগা ৩ ফেটি এচিড, মাকৈৰ তেল, কুসুম তেল আদি ব্যৱহাৰ কৰিছিল। গোটা শস্যৰ কম ব্যৱহাৰ ভাৰত আৰু আন কিছু দেশৰ কাৰণে খাদ্য জড়িত স্বাস্থ্য ক্ষতিৰ প্ৰধান কাৰণ আছিল। যোগাত্মক দিশতো হ’ল আমাৰ ইয়াত মাহজাতীয় শস্যৰ ব্যৱহাৰ প্ৰয়োজনীয় মাত্ৰাতকৈ অধিক আছিল আৰু সংসাধিত মাংস আৰু চেনীযুক্ত মিঠা পানীয়ৰ ব্যৱহাৰ স্বাস্থ্যকৰ মাত্ৰাৰ ভিতৰত আছিল। অৱশ্যে হাইড্ৰ’জেনেটেড উদ্ভিজ তেলত থকা ট্ৰেন্স চৰ্বি আৰু নিমখত থকা চডিয়ামৰ ব্যৱহাৰৰ পৰিমাণ অতি বেছি আছিল।
২০১৭ চনত হোৱা আধাতকৈ বেছি খাদ্য জড়িত মৃত্যু আৰু দুই তৃতীয়াংশ খাদ্য জড়িত ডি এ এল ৱাই ৰ কাৰণ আছিল প্ৰয়োজনাধিক চডিয়ামৰ ব্যৱহাৰ (৩ মিলিয়ন মৃত্যু আৰু ৭০ মিলিয়ন ডি এ এল ৱাই), কম গোটা শস্যৰ ব্যৱহাৰ (৩ মিলিয়ন মৃত্যু আৰু ৮২ মিলিয়ন ডি এ এল ৱাই) আৰু ফলৰ কম ব্যৱহাৰ (২ মিলিয়ন মৃত্যু আৰু ৬৫ মিলিয়ন ডি এ এল ৱাই )। গোটা শস্যৰ কম ব্যৱহাৰ পুৰুষ আৰু মহিলাৰ ডি এ এল ৱাই ৰ আৰু মহিলাৰ মৃত্যুৰ আশংকাৰ প্ৰধান কাৰক আছিল। পুৰুষৰ ক্ষেত্ৰত চডিয়ামৰ ব্যৱহাৰ, আৰু তাৰ পাছত গোটা শস্য আৰু ফলৰ কম ব্যৱহাৰ প্ৰধান ক্ষতিৰ কাৰক আছিল।
গোটা শস্য, ফল আৰু পাচলি, বাদামজাতীয় বস্তু আৰু বীজ, ওমেগা ৩ ফেটি এচিড আদি কম থকা আৰু চডিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ ব্যৱহাৰ কৰা আবাদীৰ মাজত কাৰ্ডিও ভাস্কুলাৰ ৰোগৰ ফলত হোৱা মৃত্যুৰ হাৰ অধিক আছিল। ভাৰতত অতি বেছিকৈ হোৱা টাইপ ২ ডায়েবেটিচ, গোটা শস্য, ফল, বাদাম জাতীয় বস্তু আৰু বীজ আদিজাতীয় খাদ্যৰ কম ব্যৱহাৰ কৰা লোকৰ মাজত মৃত্যুৰ এক প্ৰধান কাৰণ আছিল। গোটা শস্যৰ কম ব্যৱহাৰ, ২৫ ৰ পৰা ৫০ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰতো মৃত্যু আৰু ডি এ এল ৱাই ৰ এক প্ৰধান আশংকাৰ কাৰণ আছিল। আনহাতে, ৭০ ৰ উৰ্ধৰ লোকৰ ক্ষেত্ৰত প্ৰধান ক্ষতিকৰ উপাদান আছিল চডিয়াম।
২০১৭ চনত পৃথিৱীৰ ২০ খন জনবহুল দেশৰ ভিতৰত ইজিপ্তত খাদ্য জড়িত মৃত্যুৰ হাৰ আটাইতকৈ বেছি আৰু জাপানত আটাইতকৈ কম আছিল। খাদ্য জড়িত কাৰ্ডিও ভাস্কুলাৰ ৰোগ আৰু কেন্সাৰৰ ফলত হোৱা মৃত্যুৰ হাৰ চীনত সৰ্বাধিক আৰু টাইপ ২ ডায়েবেটিচৰ ফলত হোৱা মৃত্যুৰ হাৰ মেক্সিকোত সৰ্বাধিক আছিল।
২০১৭ চনত খাদ্যৰ কাৰণে হব পৰা, বয়স মানকীকৃত প্ৰত্যেক ১০০০০০ মানুহৰ মাজত মৃত্যুৰ হাৰ (A) আৰু প্ৰত্যেক ১০০০০০ মানুহৰ মাজত ডি এ এল ৱাই ৰ হাৰ (B), (ছবিৰ উৎস)
স্বাস্থ্যকৰ খাদ্যৰ লগত জড়িত বেছিভাগ বিতৰ্ক চডিয়াম, চেনী আৰু চৰ্বিৰ ওপৰতে দৃষ্টিবদ্ধ হৈ থকাৰ বিপৰীতে আন বহু কাৰক বিপদৰ কাৰণ হিচাপে চিহ্নিত হৈছে। “আমাৰ অধ্যয়নে প্ৰমাণ কৰে যে খাদ্য জড়িত ক্ষতিৰ প্ৰধান কাৰক সমূহ হৈছে অধিক চডিয়াম যুক্ত খাদ্য, কম গোটা শস্য, কম পৰিমানৰ ফল, বাদামজাতীয় খাদ্য আৰু বীজ, কম পাচলি আৰু কম ওমেগা ৩ ফেটি এচিডৰ ব্যৱহাৰ; ইহঁতৰ প্ৰত্যেকেই বিশ্বৰ প্ৰায় ২% তকৈও অধিক মৃত্যুৰ কাৰক হ’ব পাৰে”, গৱেষক সকলে জনায়। গৱেষণাটোৰ ফলাফল সমূহে এই খাদ্য সমূহৰ উৎপাদন, বিতৰণ আৰু ব্যৱহাৰৰ বাবে উচিত ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তাৰ কথা প্ৰমাণ কৰিছে।
অৱশ্যে এই সকলোবোৰ ইমান সহজ নহয়। গোটেই বিশ্বৰ বাসিন্দা সকলৰ মাজত থকা ভিন্নতাৰ দৰে তেওঁলোকৰ খাদ্যাভ্যাসো বেলেগ বেলেগ। খাদ্যাভ্যাসৰ জটিলতা আৰু আহাৰৰ ওপৰত বিভিন্ন কাৰকৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি, খাদ্যাভ্যাসৰ উন্নীত কৰণৰ বাবে খাদ্য প্ৰণালীৰ লগত জড়িত বিভিন্ন দিশৰ লোকৰ সক্ৰিয় সহযোগিতা আৰু উচিত নীতিৰ প্ৰয়োজন” গৱেষক সকলে কয়।