Sorry, you need to enable JavaScript to visit this website.

Health

বেঙ্গালুৰু | Nov 22, 2019
মানুহৰ দেহলৈ বিয়পিব পৰা ফিলোভাইৰাছ কঢ়িয়াই উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান বাদুলিৰ প্ৰজাতিয়ে

প্ৰতি বছৰে অক্টোবৰ মাহৰ মাজ ভাগত নাগালেণ্ডৰ ব’মৰ (Bomrr) নামৰ  জাতি এটাৰ লোক সকল মিমি গাওঁত থকা গুহা সমূহত একত্ৰিত হয়। বছৰেকীয়া এই বাদুলি চিকাৰৰ উৎসৱত প্ৰায় ৭০০০ ৰ পৰা ২৫০০০ টা বাদুলি হত্যা কৰা হয়। এই জাতিটোৰ লোক সকলে বিশ্বাস কৰে যে এই বাদুলিসমূহৰ কিছুমান ঔষধিক গুণ আছে যিয়ে ডায়েৰীয়া, দেহৰ বিষ ইত্যাদি নিৰ্মূল কৰিব পাৰে আৰু শক্তি বৃদ্ধি কৰে। কিন্তু এক শেহতীয়া অধ্যয়নৰ মতে ৰোগৰ উপশমত সহায় কৰাৰ সলনি বাদুলি সমূহে ভয়ানক ফিলোভাইৰাছহে কঢ়িয়াই যিবোৰ মানুহৰ দেহলৈকো সংক্ৰমিত হ’ব পাৰে।

General, Science, Health, Society, Deep-dive, Friday Features
বেঙ্গালুৰু | Oct 6, 2019
উচ্চ ৰক্তচাপ আৰু বায়ু প্ৰদূষণৰ লগত ইয়াৰ সম্পৰ্ক

আপুনি জানেনে যে পৃথিৱীত মানুহৰ মৃত্যুৰ মুখ্য কাৰণ যুদ্ধ বা দুৰ্ভিক্ষ নহয়, হৃদৰোগ সমূহহে। এই ঘাটক সমূহৰ কাৰক বোৰৰ বিষয়ে এতিয়াও সম্পূৰ্ণকৈ জনা হোৱা নাই। গৱেষক সকলৰ মতে ইয়াৰ কাৰণ সমূহ হৈছে জিনীয় কাৰক, জীৱন শৈলীৰ পৰিবৰ্তন, খাদ্য, আৰু পাৰিবেশিক কাৰণ যেনে বায়ু প্ৰদূষণ ইত্যাদি। যোৱা কিছু বছৰত উচ্চ ৰক্তচাপ আদি  হৃদৰোগৰ কাৰকৰ ভূক্তভোগীৰ সংখ্যা বাঢ়িছে। দুখীয়া আৰু মধ্যবিত্ত দেশৰ লোক সমূহে ইয়াৰ ফলত বেছি কষ্ট ভোগ কৰিবলগীয়া হৈছে। ২০১৫ চনত উচ্চ ৰক্তচাপত ভূগি থকা ১.১ বিলিয়ন প্ৰাপ্ত বয়স্ক লোকৰ প্ৰায় ৪৪% দক্ষিণ আৰু পূৱ এছিয়াৰ আৰু ১৮% ভাৰতৰ বাসিন্দা আছিল।

General, Science, Health, Society, Deep-dive
বেঙ্গালুৰু | Sep 18, 2019
ভাৰতত ভয়াবহ ৰূপ ধাৰণ কৰিছে এন্টিবায়’টিক প্ৰতিৰোধৰ সমস্যাই

বেক্টেৰিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৱহৃত হোৱা এন্টিবায়’টিক  সমূহে ১৯২৮ চনত ইয়াৰ প্ৰথম আৱিস্কাৰৰ পাছৰে পৰা বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসাত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। কিন্তু বৰ্তমান সময়ত এই এন্টিবায়’টিক সমূহৰ ক্ৰিয়াক প্ৰতিৰোধ কৰাৰ ক্ষমতা থকা কিছুমান বেক্টেৰিয়া এক ডাঙৰ সমস্যা হৈ পৰিছে। এন্টিবায়’টিক প্ৰতিৰোধী এই বেক্টেৰিয়া সমূহৰ চিকিৎসা দীঘলীয়া আৰু খৰছী হোৱাৰ উপৰিও ইয়াৰ ফলত বহু লোক মৃত্যু মুখত পৰে। এন্টিবায়’টিক প্ৰতিৰোধৰ বাবে ২০৫০ চনৰ ভিতৰত বিশ্বত বছৰি প্ৰায় ১০ মিলিয়ন লোকৰ মৃত্যু হ’ব পাৰে বুলি অনুমান কৰা হৈছে। এন্টিবায়’টিকৰ অসাৱধান আৰু অত্যাধিক ব্যৱহাৰৰ ফলত বিকাশ

General, Science, Health, Deep-dive
পুণে | Aug 23, 2019
পলিথিন নষ্ট কৰিব পৰা দুবিধ ভেঁকুৰ

অতিমাত্ৰা ব্যৱহাৰৰ ফলত আমাৰ চাৰিওফালে দম বন্ধা পলিথিন বেগ সমূহৰ ভয়াবহতাৰ বিষয়ে আমি অজ্ঞাত নহয়। এই বেগ সমূহ বস্তু কঢ়িয়াবৰ বাবে উপযোগী হোৱাৰ ফলত পলিথিনৰ  উৎপাদনো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু ই গোটেই বিশ্বতে সৰ্বাধিক ব্যৱহৃত হোৱা এবিধ প্লাষ্টিক হিচাপে চিহ্নিত হৈছে । লক্ষণীয় ভাৱে, প্ৰায় ৬৪% প্লাষ্টিক আৱর্জনাৰ উৎস এই পলিথিন সমূহে ভূ-পৃষ্ঠ আৰু সাগৰ আদিত জমা হোৱা, জীৱ জন্তুৰ মৃত্যুৰ কাৰন হৈ পৰা, নলা নৰ্দমা বন্ধ কৰি অস্বাস্থ্যকৰ পৰিৱেশৰ

General, Science, Health, Deep-dive
গুৰুগ্ৰাম | Aug 16, 2019
অধ্যয়নৰ মতে ভাৰতত দক্ষ স্বাস্থ্য কৰ্মীৰ যথেষ্ট অভাৱ আছে।

অধ্যয়নৰ মতে ভাৰতত দক্ষ স্বাস্থ্য কৰ্মীৰ যথেষ্ট অভাৱ আছে।

General, Science, Health, Society, Deep-dive
গুৱাহাটী | Aug 2, 2019
আপুনি কিনা গাখীৰ খিনিৰ বিশুদ্ধতাৰ বিষয়ে জানিবলৈ সহায়ক হ’ব পাৰে কাগজেৰে নিৰ্মিত এটা বায়’চেন্সৰ

আই আই টি গুৱাহাটীৰ গৱেষক দল এটাই  সাজি উলিওৱা এবিধ বায়’চেন্সৰ, যিয়ে গাখীৰত এলকালাইন ফছফাটেজৰ উপস্থিতি ধৰা পেলাব পাৰে, ছবিৰ উৎস

General, Science, Technology, Health, Deep-dive
মুম্বাই | Jul 26, 2019
ভাৰতীয় শিশুৰ খাদ্যত আৰ্থ-সামাজিক অৱস্থাৰ প্ৰভাৱ

গৱেষক সকলে আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত ভিত্তি কৰি ভাৰতীয় শিশু সকলৰ মাজত খাদ্যতালিকাৰ ভিন্নতাৰ বিষয়ে অধ্যয়ন কৰিছে।

General, Science, Health, Society, Deep-dive
বেংগালুৰু | Jul 19, 2019
কেন্সাৰৰ নিৰীক্ষণৰ বাবে এক সহজ ৰক্তপৰীক্ষা

এফালে কম সময়তে জটিল ৰূপ লোৱা ৰোগ আৰু আনফালে ইয়াৰ লগত যুঁজিবলৈ আৱিস্কৃত হোৱা নিত্য নতুন চিকিৎসা পদ্ধতি, ঔষধ আৰু ৰোগ নিৰ্ণায়ক প্ৰণালীৰ সৈতে কেন্সাৰৰ পৃথিৱীখন অতি দ্ৰুতগামী। কম্পিউটাৰ টম’গ্ৰাফী (চি টি), এম আৰ আই ৰ পৰা বায়’পচি লৈ, আৰু অস্ত্ৰোপচাৰৰ পৰা ফলপ্ৰসূ ঔষধলৈ কেন্সাৰৰ চিকিৎসা আৰু নিৰীক্ষণ সহজ হৈ পৰিছে যদিও ই অতি খৰছীও হৈ পৰিছে। বহু সময়ত ৰোগী সকলে কিছুমান ঔষধৰ ক্ৰিয়াক প্ৰতিৰোধ কৰাৰ ক্ষমতা লাভ কৰে যিয়ে তেওঁলোকৰ অৱস্থা অধিক শোচনীয় কৰি তোলে। চিকিৎসাৰ লগে লগে নিয়মিত ভাৱে বেমাৰৰ উত্থান পতনৰ সমীক্ষা কৰাটোও অতি প্ৰয়োজনীয় হৈ পৰে।

General, Science, Health, Deep-dive
কেৰেলা | Jul 12, 2019
ভাৰতত  নিপা ভাইৰাছ বিয়পাব পৰা বাদুলিৰ এক সম্ভাৱ্য তালিকা

গৱেষক সকলে নিপা ভাইৰাছ কঢ়িয়াব পৰা বাদুলিৰ প্ৰজাতি সমূহ চিনাক্ত কৰিবলৈ এক তথ্য চালিত পদ্ধতি ব্যৱহাৰ কৰিছে

General, Science, Ecology, Health, Society, Policy, Deep-dive
Bengaluru | Apr 26, 2019
আপুনি কি খাইছে মন কৰক: বিশ্বত প্ৰতি পাঁচজনৰ ভিতৰত এজনে নিম্নমানৰ খাদ্যৰ বাবে প্ৰাণ হেৰুৱাই

বিশ্বব্যাপী কৰা এক অধ্যয়নত গম পোৱা গৈছে যে বেছি চডিয়াম আৰু কম মাত্ৰাত গোটা শস্য আৰু ফল মূলৰ ব্য়ৱহাৰ বেছিভাগ মৃত্যুৰ কাৰণ হৈ পৰে।

General, Science, Health, Society, Deep-dive
Subscribe to Health