আই আই টি গুৱাহাটীৰ গৱেষক দল এটাই সাজি উলিওৱা এবিধ বায়’চেন্সৰ, যিয়ে গাখীৰত এলকালাইন ফছফাটেজৰ উপস্থিতি ধৰা পেলাব পাৰে, ছবিৰ উৎস
আই আই টি গুৱাহাটীৰ গৱেষক দল এটাই সাজি উলিওৱা এবিধ বায়’চেন্সৰ, যিয়ে গাখীৰত এলকালাইন ফছফাটেজৰ উপস্থিতি ধৰা পেলাব পাৰে, ছবিৰ উৎস
নতুন বছৰ এটা আৰম্ভ হৈ গ’ল যদিও আমি এতিয়াও ২০১৮ চনৰ মধুৰ অভিজ্ঞতা সমূহ সোৱৰণ কৰি আছোঁ। আঞ্চলিক ভাষাত বিজ্ঞানৰ প্ৰচাৰ আছিল ২০১৮ চনৰ আমাৰ এক বিশেষ পৰিকল্পনা। ইয়াৰ জৰিয়তে বিজ্ঞান ভিত্তিক গল্প সমূহ ভাষাৰ প্ৰাচীৰ ভাঙি দূৰ দূৰণিৰ পঢ়ুৱৈ সকলৰ বাবে উপলব্ধ হ’ল। কানাড়া ভাষাত আৰম্ভ কৰি আমি হিন্দী, মাৰাঠী আৰু অসমীয়া ভাষাত বিজ্ঞান প্ৰচাৰত জনপ্ৰিয়তা অৰ্জন কৰো। আশা কৰোঁ যে ২০১৯ চনত আমি আৰু ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ম। আগবঢ়াইছোঁ আঞ্চলিক ভাষা সমূহত প্ৰকাশিত আমাৰ আটাইতকৈ জনপ্ৰিয় কিছু নিৰ্বাচিত লিখনি
আই.আই. টি. বম্বেৰ গৱেষক সকলে পলিমাৰ আধাৰিত আৰু দেহত প্ৰত্য়াৰোপন কৰি ইনচুলিন প্রস্তুত কৰিব পৰা এক কৃত্ৰিম অগ্ন্যাশয় সাজি উলিয়াইছে।
কপাৰ হৈছে আমাৰ স্নায়ুতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধী ব্যৱস্থাৰ সঠিক পৰিচালনাৰ বাবে অত্যাৱশ্যকীয় এক সূক্ষ্ম পোষক। উদ্ভিদৰ বৃদ্ধি আৰু প্ৰজননটো ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দেহত কপাৰৰ মাত্ৰা কম হ’লে ৰক্ত আৰু স্নায়ু জনিত ৰোগ হোৱাৰ সম্ভাৱনা থাকে, আনহাতে এতিমাত্ৰা কপাৰৰ উপস্থিতিও দেহৰ বাবে ক্ষতিকাৰক আৰু ইয়ে এল্জেইমাৰ আৰু প্ৰদাহজনক ৰোগ আদিৰ সৃষ্টি কৰিব পাৰে। শেহতীয়াকৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি) বোম্বেৰ জীৱ বিজ্ঞান আৰু জৈৱ ইঞ্জিনীয়াৰিং বিভাগত গৱেষণাৰত প্ৰফেছৰ সৌম্য মুখাৰ্জী আৰু তেখেতৰ গৱেষণা দলটিয়ে এটা কাৰ্যক্ষম চেন্সৰ নিৰ্মাণ কৰিছে যিয়ে অতি কম খৰচতে
স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত পৰিষ্কাৰ খোৱাপানীৰ যথেষ্ঠ অৱদান আছে। লেতেৰা খোৱাপানী সেৱনৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ যেনে ক’লেৰা, ডায়েৰীয়া, গ্ৰহনী, টাইফয়েড আৰু জণ্ডিছ আদিয়ে দেখা দিব পাৰে। ভাৰতৰ দৰে দেশ এখনত পৰিষ্কাৰ পানীযোগানৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো অতি প্ৰয়োজন কাৰণ ইয়াত ২১ শতাংশ সংক্ৰমণশীল বেমাৰ লেতেৰা খোৱাপানী সেৱনৰ ফলতে হয় আৰু প্ৰতিদিনে প্ৰায় পাচশঁতকৈও বেছি ল'ৰা ছোৱালীয়ে ডায়েৰীয়াৰ ফলত মৃত্যুবৰণ কৰে । বৈজ্ঞানিক আৰু উদ্যোগিক অনুসন্ধান পৰিষদ (চি এচ আই আৰ) ৰ অধীনস্থ ভাৰতীয় বিষবিজ্ঞান অনুসন্ধান সংস্থান (আই আই টি আৰ) দ্বাৰা উদ্ভাবিত এটা নতুন পৰিশোধন যন্ত্ৰই খোৱাপানীৰ সম