অৰুণাচলৰ পাহাৰত বিষহীন সাপৰ এক নতুন প্ৰজাতিৰ আবিষ্কাৰ

Read time: 1 min
Bengaluru
22 Feb 2019
অৰুণাচলৰ পাহাৰত বিষহীন সাপৰ এক নতুন প্ৰজাতিৰ আবিষ্কাৰ

শেহতীয়াকৈ খটীয়া পহু, ভেকুলী, কেঁকোসাপ আৰু পতংগ আদিৰ নতুন প্ৰজাতি বা উপ-প্ৰজাতিৰ  আৱিষ্কাৰৰ ফলত উত্তৰপূৰ্বাঞ্চল গবেষক সকলৰএক  আকৰ্ষনৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। অৰুণাচল প্ৰদেশৰ পৰা বিষহীন সাপৰ এক নতুন প্ৰজাতিৰ আবিষ্কাৰেৰে ‘হেল্প আৰ্থ’ আৰু ফ্ৰান্স নেশ্যনেল মিউজিয়াম অফ নেচাৰেল হিষ্ট্ৰিৰ গৱেষক সকলে এই তালিকা খনত এক নতুন নাম সংযোজন কৰিছে । উত্তৰ পূৰ্বাঞ্চলত সাপৰ প্ৰায় ১১০ টা প্ৰজাতি আছে যাৰ প্ৰায় আধা সংখ্যক অৰুণাচল প্ৰদেশত পোৱা যায়। ৰাফোৰ্ড স্মল গ্ৰাণ্টৰ দ্বাৰা সমৰ্থিত এই অধ্যয়নটো জুটেক্সা  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

নতুনকৈ আৱিস্কৃত এই বিষহীন সাপৰ প্ৰজাতিটোৰ বৈজ্ঞানিক নাম হেবিয়াছ লেক্ৰাইমা  ৰখা হৈছে। লেটিন ভাষাৰ লেক্ৰাইমা শব্দৰ অৰ্থ হৈছে চকু পানী। আচলতে সাপ বিধৰ চকুৰ তলত থকা দাগটো কলা চকুপানী যেন দেখি। ইহঁতৰ সাধাৰণ নামটো ‘ক্ৰন্দনৰত কিলবেক’ ৰখা হৈছে। নতুনকৈ বৰ্ণিত হোৱা সাপৰ প্ৰজাতিটোৰ সৈতে অৰুণাচল প্ৰদেশত কিলবেক সাপৰ প্ৰজাতিৰ সংখ্যা সাতটা লৈকে বৃদ্ধি পালে।

গুৱাহাটীৰ এক এন জি ও ‘হেল্প আৰ্থ’ত কৰ্মৰত গৱেষক জয়াদিত্য পূৰকায়স্থই অৰুণাচলৰ বাচাৰ চহৰৰ কাষৰ এক পাহাৰীয়া অঞ্চলৰ ধান খেতি পথাৰত ৪৮. ৭ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এটা সাপ পর্যবেক্ষণ কৰিছিল। অধিক অধ্যয়নৰ বাবে তেওঁ ফ্ৰান্সৰ সৰীসৃপ বিশেষজ্ঞ পেট্ৰিক ডেভিডৰ লগত যোগাযোগ কৰিছিল। গৱেষক সকলে এই সাপৰ আকৃতি এই জাতৰ প্ৰায় ৪৪বিধ সাপৰ লগত তুলনা কৰাৰ পাছত ই এক নতুন প্ৰজাতি বুলি নিশ্চিত কৰিবলৈ সক্ষম হৈছিল।

এই সাপবিধ জুম খেতি কৰা এক পাহাৰীয়া অঞ্চলৰ কাষত পোৱা গৈছিল। “ইহঁত দিনৰ ভাগত সক্ৰিয় হৈ থাকে আৰু ভেকুলী, লালুকী, মাছ আৰু সৰু জেঠী আদি ভক্ষণ কৰে। জুম খেতিৰ কাষত বসবাস কৰাৰ বাহিৰে ইহঁতৰ স্বভাৱৰ বিষয়ে বিশেষঃ জানিব পৰা হোৱা নাই”, পুৰকায়স্থই জনায় ।

উত্তৰ পূৰ্বাঞ্চল, হিমালয় আৰু ইন্দো বাৰ্মা নামৰ দুটা জৈৱ বৈচিত্রৰ ভান্ডাৰ ভৌগলিক ক্ষেত্ৰৰ (হট স্পট) অংশ। নতুনকৈ সাপৰ আৰু এক প্ৰজাতি আবিষ্কাৰ হোৱাৰ ঘটনাই এই অঞ্চলত জৈৱ বৈচিত্ৰতাৰ বিষয়ে আৰু অধিক অধ্যয়নৰ প্ৰয়োজনীয়তা থকাটো প্ৰমান কৰিলে ।