ভাৰতত নিপা ভাইৰাছ বিয়পাব পৰা বাদুলিৰ এক সম্ভাৱ্য তালিকা

Read time: 1 min
কেৰেলা
12 Jul 2019
ভাৰতত  নিপা ভাইৰাছ বিয়পাব পৰা বাদুলিৰ এক সম্ভাৱ্য তালিকা

গৱেষক সকলে নিপা ভাইৰাছ কঢ়িয়াব পৰা বাদুলিৰ প্ৰজাতি সমূহ চিনাক্ত কৰিবলৈ এক তথ্য চালিত পদ্ধতি ব্যৱহাৰ কৰিছে

২০১৮ চনৰ ২ মে তাৰিখে কেৰেলাত নিপা ভাইৰাছৰ  প্ৰাদুৰ্ভাৱৰ প্ৰথমটো ঘটনা পঞ্জিকৃত হৈছিল। জ্বৰ, মূৰৰ বিষ, তন্দ্ৰা, মানসিক বিভ্ৰান্তি আদি লক্ষণেৰে চিহ্নিত হোৱা এই ৰোগৰ ফলত ১৬ জন লোক মৃত্যু মুখত পৰিছিল। এই ৰোগৰ বাহক হিচাপে জনাজাত বাদুলিয়ে এই ভাইৰাছ সমূহ মানুহলৈ সংক্ৰমিত কৰিছিল। যদিও প্ৰথমতে পতংগভোজী বাদুলি ইয়াৰ কাৰণে দায়ী বুলি ভৱা হৈছিল, পিছলৈ  ফল আৰু ফুলৰ মৌ খোৱা ভাৰতীয় ফ্লায়িং ফক্স (টেৰোপাচ মেডিয়াচ) নামৰ বাদুলি বিধৰ দেহত এই ভাইৰাছ বিধ পোৱা গৈছিল।

কেৰেলাত নিপাৰ প্ৰাদুৰ্ভাৱ ভাৰতৰ প্ৰথমটো সংক্ৰমণ নাছিল। ২০০১  আৰু ২০০৭ চনত পশ্চিম বংগত এনে ঘটনা ঘটিছিল য’ত সংক্ৰমণৰ উৎস বাংলাদেশ (য’ত এই সংক্ৰমণৰ পুনৰাবৃত্তি হৈ থাকে) বুলি ভৱা হৈছে । “খেজুৰ গছৰ  পৰা সংগ্ৰহীত ৰস আৰু বাদুলিৰ মূত্ৰ আৰু লালটিৰে দূষিত  হোৱা ফল খালে নিপা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা বাঢ়ে”, ৰিচাৰ্ছ মেটাৰ্চৰ লগত হোৱা এক সাক্ষাৎকাৰত কেৰী ইনষ্টিটিউট অফ ইক’চিষ্টেম ষ্টাডিচৰ গৱেষক ডঃ বাৰবাৰা হানে জনায়। কিন্তু বাদুলিৰ এনেকুৱা কিছুমান প্ৰজাতিয়ো আছে নেকি যিবোৰে বাকী প্ৰজাতি বিলাকতকৈ এই ভাইৰাছ বিধ কঢ়িওৱাৰ সম্ভাৱনা বেছি?

ডঃ হান আৰু আমেৰিকা আৰু ভাৰতৰ বিভিন্ন গৱেষণা প্ৰতিষ্ঠানৰ কিছু গৱেষকে কৰা এক শেহতীয়া অধ্যয়নত মেচিন লাৰ্নিংৰ সহায়ত এই প্ৰশ্ন সমূহৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰা হৈছিল। নিপা ভাইৰাছ আৰু গোটেই বিশ্বত ইহঁতৰ উপস্থিতিৰ বিষয়ে ইতিমধ্যে হৈ যোৱা গৱেষণাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে পতংগ আৰু ফলভক্ষী বাদুলীৰ ১১ টা প্ৰজাতি চিনাক্ত কৰিছিল যিয়ে ভাৰতত নিপা ভাইৰাছ বিয়পোৱাত ভাগ লোৱাৰ আশংকা আছে। তেওঁলোকৰ গৱেষণাৰ ফলাফল সমূহ প্লচ নেগলেক্টেড ট্ৰ’পিকেল ডিজিজেচ  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

নিপা ভাইৰাছ এছিয়া, আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ বাদুলি সমূহত থকা হেনিপাভাইৰাছেচ নামৰ শ্রেণী এটাৰ অন্তৰ্ভুক্ত। এই শ্রেণীৰ কোনবিধ ভাইৰাছ কোনবিধ বাদুলিত থাকে সেই বিষয়ে অধ্যয়ন অতি সীমিত যিয়ে এই ভাইৰাছ বিধৰ বিস্তাৰণৰ বিষয়ে সম্পূৰ্নকৈ বুজাত বাধা জন্মায় ।

এই অধ্যয়নত গৱেষক সকলে বিভিন্ন উৎসৰ পৰা বনৰীয়া বাদুলিত থকা হেনিপাভাইৰাছৰ ওপৰত হোৱা গৱেষণা কাৰ্য্য সমূহ সংগ্ৰহ কৰিছিল। নিপাৰ বিষয়ে থকা ২৮৫  টা ৰেকৰ্ড আৰু ২৫ খন গৱেষণা পত্ৰৰ পৰা তেওঁলোকে বাদুলিৰ প্ৰজাতি, দেশ য’ৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছিল,আৰু এই ভাইৰাছ বিধৰ উপস্থিতি ধৰা পেলাবলৈ ব্যৱহাৰ কৰা প্ৰযুক্তি আদিৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিল। বাহক (বাদুলি) সমূহৰ বিষয়ে সংগ্ৰহীত বৈশিষ্ট্য তেওঁলোকে অন্য সম্ভাৱ্য বাহকৰ বিষয়ে জানিবলৈ ব্যৱহাৰ কৰিছিল। এই বৈশিষ্ট্য সমূহ আছিল বিভিন্ন বাদুলিৰ প্ৰজাতিৰ মাজত থকা পাৰ্থক্য যেনে সিহঁতৰ দেহৰ আকাৰ, খাদ্য, সিহঁতৰ ভৌগলিক বিস্তৃতিৰ পৰিসৰ ইত্যাদি।

এছিয়া, অষ্ট্ৰেলিয়া আৰু ওচেনিয়াত থকা ৫২৩ বিধ বাদুলিৰ ৪৮ টা বৈশিষ্ট্যৰ তথ্য ব্যৱহাৰ কৰি গৱেষক সকলে এক মেচিন লাৰ্নিং গাণিতিক পৰিভাষা প্ৰস্তুত কৰিছিল। তেওঁলোকৰ এই এলগ’ৰিদমে বাদুলি সমূহৰ বৈশিষ্ট্য আৰু ইহঁতৰ দেহত ভাইৰাছৰ উপস্থিতিৰ মাজৰ সম্পৰ্ক অনুধাৱন কৰিবলৈ সক্ষম হৈছিল। ভাৰতত থকা বাদুলিৰ ১১২ টা প্ৰজাতিৰ ভিতৰত এই এলগ’ৰিদমে ১১ টা প্ৰজাতিক নিপা ভাইৰাছৰ বাহক হিচাপে চিনাক্ত কৰিছিল।

তেওঁলোকে কেৰেলাৰ ৭ বিধ বাদুলিৰ প্ৰজাতিক নিপা ভাইৰাচৰ ভাণ্ডাৰ হিচাপে চিহ্নিত কৰিছিল। ইহতবোৰ হৈছে টেৰোপাচ মেডিয়াচ, লেচাৰ চৰ্ট-ন’জড ফ্ৰুট বাদুলি (Cynopterus brachyotis), গ্ৰেটাৰ চৰ্ট-ন’জড ফ্ৰুট বাদুলি (Cynopterus sphinx), কেভ নেক্তাৰ বাদুলি (Eonycteris spelaea), লেচাৰ এছিয়াটিক য়েল’ বাদুলি (Scotophilus kuhlii), প’ম’না ৰাউণ্ড লিফ বাদুলি (Hipposideros pomona) ইত্যাদি। ইহঁতৰ ভিতৰত টেৰোপাচ মেডিয়াচ  নামৰ প্ৰজাতিটো একমাত্ৰ যাৰ দেহৰ পৰা নিপা ভাইৰাছ সংগ্ৰহ কৰা হৈছে, বাকী প্ৰজাতি সমূহত নিপা ভাইৰাছৰ বিপক্ষে প্ৰস্তুত এন্টিবডী পোৱা গৈছিল।

টেৰোপাচ মেডিয়াচ এবিধ ফল, ফুলৰ মৌ খোৱা বাদুলি যাৰ বাকী বাদুলিৰ সৈতে বহু লক্ষণৰ মিল আছে আৰু আন কিছু প্ৰজাতিৰ সৈতে ইহঁতক এনেকুৱা ঠাইত পোৱা যায় য’ত নিয়মিত ভাৱে নিপা ভাইৰাছ বিয়পে”, ডঃ হানে কয়।

ইয়াৰ উপৰিও এই অধ্যয়নত আৰু ছয়বিধ বাদুলি চিনাক্ত কৰা হৈছিল যাৰ ভৌগলিক পৰিসৰ এছিয়া, অষ্ট্ৰেলিয়া আৰু ওচেনিয়াত বিস্তৃত হৈ আছে। এই বাদুলি সমূহ এতিয়া লৈকে নিপা ভাইৰাছৰ বাহক হিচাপে প্ৰমাণিত হোৱা নাই যদিও ইহঁতে বাহক হিচাবে কাম কৰাৰ যথেষ্ট সম্ভাৱনা আছে। বিশেষকৈ কেৰেলাত থকা দীঘল ডেউকাযুক্ত টম্ব বাদুলি (Taphozous longimanus) আৰু ব্লেক বিয়াৰ্ডেদ টম্ব বাদুলিৰ (Taphozous melanopogon) এই ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ প্ৰায় ৮০% সম্ভাৱনা আছে, তেওঁলোকে জনায়।

এই অধ্যয়নত বাদুলিৰ প্ৰজাতিৰ এনে এখন তালিকা চিনাক্ত হ’ল যি নিপা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে আমাৰ নজৰ তালিকাত থকাটো বাঞ্চনীয়। বিশ্ব স্বাস্থ্য সংস্থাই নিপা ভাইৰাছক এক সম্ভাৱ্য মহামাৰী ৰূপে চিহ্নিত কৰাৰ লগে লগে ইয়াৰ ফলত হোৱা প্ৰাণহানিৰ প্ৰতিৰোধৰ বাবে এই ভাইৰাছ বিধৰ বিস্তাৰণ ৰোধ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে।

“পশু পক্ষীৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ দিশত প্ৰথম পদক্ষেপ হৈছে ইহঁতৰ চিনাক্তকৰণ। আমাৰ অধ্যয়নত ইহঁতৰ চিনাক্তকৰণৰ বাবে এক তথ্য চালিত পদ্ধতিৰ ব্যৱহাৰ কৰা হৈছিল”, অধ্যয়নটোৰ প্ৰয়োজনীয়তাৰ বিষয়ে বৰ্ণনা কৰি ডঃ হানে কয়।

গৱেষক সকলে অৱশ্যে সোঁৱৰাই দিয়ে যে এই তালিকাখন অসম্পূৰ্ণ, কাৰণ পৰিবেশ পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি আদিয়ে বাদুলিৰ খাদ্যৰ উপলব্ধতা আৰু ইহঁতৰ ৰোগ প্ৰতিৰোধক ক্ষমতাক প্ৰভাৱান্নিত কৰি ইহঁতক এই ৰোগৰ প্ৰতি সংবেদনশীল কৰি তুলিব পাৰে। যেতিয়া ইহঁতে উচ্চ মানদণ্ড যুক্ত খাদ্য নাপাই বা ইহঁতৰ প্ৰাকৃতিক খাদ্যৰ উৎস সমূহ বিলুপ্ত হৈ আহে, তেতিয়া ইহঁতে সহজলভ্য নিম্ন মানৰ খাদ্য গ্ৰহণ কৰিবলৈ বাধ্য হয় যিয়ে ইহঁতৰ পুষ্টিত ব্যাঘাত জন্মায়। ইয়াৰ ফলত এই ভাইৰাছ সমূহ বেচি মাত্ৰাত এৰি দিয়াৰ সম্ভাৱনা বৃদ্ধি হয়, ডঃ হানে জনায়।

ভৱিষ্যতে গৱেষক সকলে আৰু অধিক প্ৰজাতিত এই ভাইৰাছৰ উপস্থিতিৰ বিষয়ে অধ্যয়ন কৰি তাক তেওঁলোকৰ এলগ’ৰিদমৰ পূৰ্বানুমানৰ লগত তুলনা কৰিবলৈ পৰিকল্পনা কৰিছে। “আমি আশা কৰোঁ যে এই ফলাফল সমূহে ক’ত আৰু কেতিয়া মানুহলৈ ইহঁতৰ সংক্ৰমণ  হোৱাৰ আশংকা অত্যাধিক আৰু ই কেনেকৈ সময়ৰ লগে লগে সলনি হব পাৰে সেই বিষয়ে জানিবলৈ সহায়ক হব”, ডঃ হানে সামৰে।