গৱেষণাৰ সহায়ত হিমালয়ৰ ৰূপকুণ্ড হ্ৰদত থকা নৰ-কংকালৰ ৰহস্য উৎঘাটন

Read time: 1 min
হায়দৰাবাদ
30 Aug 2019
গৱেষণাৰ সহায়ত হিমালয়ৰ ৰূপকুণ্ড হ্ৰদত থকা নৰ-কংকালৰ ৰহস্য উৎঘাটন

ৰূপকুণ্ড হৈছে উত্তৰাখণ্ডত অৱস্থিত এটা সৰু বৰফময় হ্ৰদ। হিমালয়ৰ পৰ্বতমালাত ১৬৪৭০ ফুট উচ্চতাত থকা এই হ্ৰদটো ইয়াৰ অনন্য প্ৰাকৃতিক সৌন্দৰ্য্যৰ উপৰিও  আন এক বিশেষ কাৰনবশত অতি জনাজাত আৰু সেয়া হৈছে কেইবাশও পুৰণা নৰ-কংকালৰ উপস্থিতি যাৰ বাবে ইয়াক ‘কংকাল হ্ৰদ’ বুলিও জনা যায়। এই কংকাল সমূহ ইয়ালৈ কেনেকৈ আহিল সি আজিও এক ৰহস্য হৈ আছে। বহুতেই এই মানুহবিলাক এক বিপর্যয়কাৰী ঘটনাত একেলগে মৃত্যু মুখত পৰা বুলি বিশ্বাস কৰে। এই দুৰ্ভগীয়া লোক সকল এজন ৰজা আৰু তেওঁৰ সহকাৰী সকল, ধুমুহাত আক্ৰান্ত সৈন্য বা ব্যৱসায়ীৰ দল, মহামাৰীত মৃত্যু হোৱা লোকৰ দল ইত্যাদি বুলি  বৰ্ননা কৰা অনেক কাহিনী আছে যদিও ইয়াৰ কোনোটোৰে একো প্ৰমাণ নাই।

ভাৰত, আমেৰিকা আৰু জাৰ্মানীৰ গৱেষকৰ দল এটাই শেহতীয়াকৈ সম্পন্ন কৰা দশক জোৰা এক অধ্যয়নত এই কংকাল সমূহৰ উৎসৰ বিষয়ে কিছু কথা পোহৰলৈ আহিছে। অধ্যয়নটোৰ ফলাফল সমূহ নেচাৰ কমিউনিকেচন  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

ৰূপকুণ্ডৰ এই কংকাল সমূহৰ উৎসৰ বিষয়ে জানিবলৈ গৱেষক সকলে ৩৮ টা  কংকালৰ অৱশেষৰ পৰা সংগৃহীত ডি এন এ  ব্যৱহাৰ কৰি ইয়াত থকা সমস্ত জিনীয় খবৰ উদ্ধাৰ কৰিছিল। কংকালৰ অৱশেষ সমূহৰ আয়ুসৰ বিষয়ে জানিবলৈ তেওঁলোকে ৰেডিও কাৰ্বন ডেটিং নামৰ পদ্ধতি এটা ব্যৱহাৰ কৰিছিল। আনহাতে এই লোকসকলৰ খাদ্যাভাসৰ বিষয়ে জানিবলৈ তেওঁলোকে হাড়ত থকা প্ৰ’টিন এবিধৰ অধ্যয়ন কৰিছিল। এই অধ্যয়ন সমূহে ৰূপকুণ্ডৰ কংকাল সমূহৰ বিষয়ে প্ৰচলিত লোকবিশ্বাস সমূহক মিছা বুলি প্ৰমাণ কৰি ইহঁতৰ উৎসৰ বিষয়ে বহু নতুন তথ্যৰ সন্ধান দিছে।

অধ্যয়নটোত এই কথা পোহৰলৈ আহিছে যে এই কংকাল সমূহ তিনিটা জিনগত ভাৱে পৃথক গোষ্ঠীৰ অন্তৰ্ভুক্ত। ২৩ টা কংকাল অন্তৰ্ভুক্ত প্ৰথম গোটটো দক্ষিণ এছিয়ান বা ভাৰতীয় মূলৰ হোৱাৰ বিপৰীতে ১৪ টা কংকাল অন্তৰ্ভুক্ত  দ্বিতীয় গোটটো পূৰ্বীয় মেডিটেৰানিয়ান বা বৰ্তমানৰ ক্ৰেটে (গ্ৰীচৰ এটা দ্বীপ) আৰু গ্ৰীক মূলৰ বুলি জানিব পৰা গৈছিল। তৃতীয় গোটটোত অন্তৰ্ভুক্ত হোৱা একমাত্ৰ কংকালটো দক্ষিণ-পূব এছিয়া মূলৰ বুলি চিনাক্ত কৰা হৈছিল। অধ্যয়ন কৰা কোনোটো কংকালৰে হিমালয়ত থকা লোকৰ সৈতে জিনীয় সাদৃশ্য নাছিল। হাড়ত থকা ক’লাজেন নামৰ প্ৰটিন এবিধৰ অধ্যয়নৰ সহায়ত প্ৰমাণিত হৈছিল যে এই তিনিওটা গোটৰ লোকৰ খাদ্যাভাস বেলেগ বেলেগ আছিল যিয়ে এই লোক সকল পৃথক মূলৰ হোৱা কথাটো পুনৰ প্ৰমাণ কৰিছিল।

অধ্যয়নত পোহৰলৈ অহা আনটো গুৰুত্বপূৰ্ণ তথ্য হ’ল এই কংকাল সমূহ ৰূপকুণ্ড হ্ৰদত বেলেগ বেলেগ সময়ত জমা হৈছিল। ভাৰতীয় মূলৰ লোক সকলৰ কংকাল সমূহ সপ্তমৰ পৰা দশম শতিকাৰ মাজত জমা হোৱাৰ বিপৰীতে মেডিটেৰানিয়ান গোট আৰু দক্ষিণ পূব এছিয়া মূলৰ লোক সমূহৰ কংকাল ইয়াৰ ১০০০ বছৰৰ পাছত, মানে সোঁতৰৰ পৰা বিংশ শতিকাৰ মাজত ইয়াত জমা হৈছিল। এই তথ্য সমূহে এই লোক সমূহৰ একেলগে এটা ঘটনাত মৃত্যু হোৱা বুলি থকা বিশ্বাসটো মিছা বুলি প্ৰমাণ কৰিলে।

কংকাল সমূহ কেৱল পুৰুষৰে নাছিল। “পুৰুষ আৰু মহিলাৰ প্ৰায় সমান সংখ্যক উপস্থিতিয়ে এই লোক সমূহ কোনো সৈনিক দলৰ সদস্য হিচাপে বিশ্বাস কৰাত সন্দেহৰ সৃষ্টি কৰিছে”, গৱেষক সকলে কয়। আনহাতে মহামাৰীত মৃত্যু হোৱা বুলি বিশ্বাস কৰিবলৈ কংকাল সমূহত কোনো বীজাণুৰ সংক্ৰমণৰ প্ৰমাণ নাছিল।

ৰহস্য হৈ থকা কথাটো হ’ল নন্দা দেৱী ৰাজ জাত তীৰ্থযাত্ৰাৰ ৰাস্তাত থকা এই হ্ৰদটোত ইমান লোকৰ মৃত্যু কেনেকৈ হৈছিল। “আমাৰ মতে তীৰ্থযাত্ৰাৰ সময়ত হোৱা সমূহীয়া মৃত্যু  ভাৰতীয় মূলৰ লোকসকলৰ একাংশৰ মৃত্যুৰ এক বিশ্বাসযোগ্য কাৰণ বুলি গণ্য কৰিব পাৰি”, গৱেষক সকলে কয়। একেই কাৰণতে দক্ষিণ পূব এছিয়া মূলৰ লোক সকলৰ মৃত্যু হোৱা বুলি ভাৱিবৰ থল থাকিলেও মেডিটেৰানিয়ান লোকসকলৰ মৃত্যুৰ কাৰণ এক ডাঙৰ সাঁথৰ হৈয়ে আছে। “পূৰ্বীয় মেডিটেৰানিয়ানৰ ইমান লোকে হিন্দু তীৰ্থ যাত্ৰাত যোগদান কৰা বুলি ভৱাত সন্দেহৰ থল আছে কাৰণ এই ঠাই সমূহত হিন্দু ধৰ্মৰ সিমান প্ৰচলন নাই”, গৱেষক সকলে কয়।

গৱেষক সকলৰ মতে ৰূপকুণ্ডত যোৱা কিছু দশকত বিদেশী পৰ্য্যটকৰ সমূহীয়া মৃত্যুৰ বিষয়ে থকা তথ্যৰ বিষয়ে গৱেষণা কৰাৰ প্ৰয়োজনীয়তা আছে। প্ৰমাণৰ সহায়ত অতীতৰ পম খেদাটো অতি আকৰ্ষণীয় কিন্তু অতি জটিল কাম। ৰূপকুণ্ডৰ দৰে ঠাইত ই আৰু জটিল, কাৰণ  ই অতি দুৰ্গম হোৱাৰ উপৰিও স্থানীয় তীৰ্থযাত্ৰী আৰু ভ্ৰমণকাৰী সকলে কংকাল সমূহ নষ্ট কৰাৰ লগতে কংকাল সমূহৰ লগত থকা বিভিন্ন বস্তুৰ ক্ষতি সাধন কৰিছে । অৱশ্যে যিখিনি আছে তাৰেই ব্যৱহাৰ কৰি উন্নত প্ৰযুক্তিৰ সহায়ত গৱেষণা কৰি গৱেষক সকলে বহু নজনা কথাৰ সম্ভেদ দিবলৈ সক্ষম হৈছে।