হিমালয়ৰ অধিক উচ্চতাত বনৰীয়া আৰু কৃষিজাত উদ্ভিদৰ পৰাগযোগত ভোমোৰাৰ বিভিন্ন প্ৰজাতিয়ে উল্লেখযোগ্য ভূমিকা পালন কৰে। এই অঞ্চলত ইয়াৰ উপস্থিতি অতি মহত্বপূৰ্ণ কাৰণ আন বহু পোক-পতংগ এই ঠাইত বাচি থাকিবলৈ অক্ষম। ভাৰতত ভোমোৰাৰ প্ৰজাতি সমূহৰ বিস্তৃতিৰ বিষয়ে বিষদ গৱেষণা হোৱা নাই। হিমালয়ৰ পশ্চিম আৰু কেন্দ্ৰীয় অংশত ইহঁতৰ বিস্তৃতিৰ বিষয়ে কিছু অধ্যয়ন হৈছে যদিও পূৱ-হিমালয়ৰ কঠোৰ জলবায়ুৰ বাবে এই অঞ্চলত ইহঁতৰ অধ্যয়ন অতি সীমিত হৈ আছে।
শেহতীয়াকৈ ভাৰত, অষ্ট্ৰিয়া আৰু জাৰ্মানীৰ গৱেষকৰ দল এটাই হিমালয়ৰ পূৱ প্ৰান্তত অৱস্থিত অৰুণাচল প্ৰদেশত ব’ম্বাচ নামৰ জাতিটোৰ (ভোমোৰা) বিষয়ে অধ্যয়ন কৰিছিল। তেওঁলোকে এই ঠাইত ভোমোৰাৰ ২১ টা প্ৰজাতিৰ সন্ধান পাইছিল যি পূৰ্বতে হোৱা সকলো অধ্যয়নতকৈ বেছি। ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা আংশিকভাৱে সমৰ্থিত এই অধ্যয়নটোৰ ফলাফল সমূহ জু কিজ নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।
গৱেষক সকলে ২০১৫ চনৰ পৰা ২০১৭ চনৰ মাজত ফুল ফুলাৰ সময় খিনিত (বাৰিষাৰ আগৰ পৰা বাৰিষাৰ পাছলৈ), অৰুণাচল প্ৰদেশৰ পৰা ভোমোৰাৰ প্ৰায় ৭০০ টা নমুনা সংগ্ৰহ কৰিছিল। এই নমুনা সমূহ পূৱ-হিমালয়ৰ ২০০ ৰ পৰা ৪৩০০ মিটাৰ উচ্চতাৰ ভিতৰত বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা হৈছিল। ইতিমধ্যে উপলব্ধ বৰ্ণনাৰ সৈতে তুলনা কৰি এই নমুনা সমূহ ভোমোৰাৰ ২১ প্ৰজাতিৰ অন্তৰ্গত বুলি চিনাক্ত কৰা হৈছিল।পূৱ-হিমালয়ৰ বিভিন্ন উচ্চতাত ভোমোৰাৰ বিভিন্ন প্ৰজাতিৰ বিতৰনত এক বিশেষ ক্ৰম থকা দেখা গৈছিল। ১০৯০ মিটাৰ উচ্চতালৈ থকা সেমেকা চিৰসেউজীয়া অৰণ্যত মাত্ৰ তিনিটা প্ৰজাতি পোৱা গৈছিল। লক্ষণীয়ভাৱে বৰ্ধিত উচ্চতাত উপলব্ধ প্ৰজাতিৰ সংখ্যা বেছি হোৱা পৰিলক্ষিত হৈছিল। ৩০০০ ৰ পৰা ৪০০০ মিটাৰ উচ্চতাৰ ভিতৰত থকা চাব-আলপাইন অৰণ্যত ১৫ টা প্ৰজাতিৰ উপস্থিতি প্ৰমাণিত হৈছিল।
গৱেষক সকলে মন কৰিছিল যে কিছুমান প্ৰজাতি যেনে ব’ম্বাচ এলব’প্লীউৰেলিচ আৰু বি. ব্ৰেভিচেপচ আদি হিমালয়ৰ এটা উচ্চতালৈয়ে সীমাবদ্ধ হৈ নাথাকি বিভিন্ন উচ্চতাত বিস্তৃত হৈ আছে। গৱেষক সকলৰ মতে কিছুমান প্ৰজাতিৰ বিভিন্ন উচ্চতা আৰু বাসস্থানত থাকিব পৰাকৈ হোৱা এই অভিযোজন ক্ষমতা এক লক্ষণীয় বিষয়। আনহাতে শতৰুৰ পৰা বাচি থাকিবলৈ কিছুমান প্ৰজাতিৰ বেলেগ প্ৰজাতিৰ দৰে ভেশচন ধৰাৰ ক্ষমতা থকাও দেখা গৈছিল।
২০০৪ চনত প্ৰকাশিত হোৱা এক অধ্যয়নত অৰুণাচল প্ৰদেশত ব’ম্বাচৰ মাত্ৰ আঠটা প্ৰজাতি পোৱা গৈছিল। আনহাতে মালকিয়াট চাইনি আৰু তেওঁৰ দলে দেশজুৰি কৰা এক ১২ বছৰীয়া সমীক্ষাত এই অঞ্চলত মাত্ৰ এটা প্ৰজাতিৰ উপস্থিতিৰ প্ৰমাণ পাইছিল। গতিকে ২১ টা প্ৰজাতিৰ সন্ধান পোৱা বৰ্তমান অধ্যয়নটোৱে নিশ্চয়কৈ পূৱ হিমালয়ত এইবিধ ভোমোৰাৰ বিস্তৃতিৰ বিষয়ে এক ভাল ছবি ডাঙি ধৰিছে। বি. মিৰাচ নামৰ ভোমোৰাৰ প্ৰজাতি এটা পূৰ্বতে কেৱল হিমালয়ৰ পশ্চিম আৰু কেন্দ্ৰীয় অংশতেই থকা বুলি ভৱা হৈছিল। কিন্তু বৰ্তমান অধ্যয়নত সংগৃহীত প্ৰায় ১৩% নমুনাই এই প্ৰজাতিৰ সদস্য় আছিল, যিয়ে প্ৰমাণ কৰিলে যে ইহঁত পূৱ-হিমালয়কে ধৰি হিমালয়ৰ বিভিন্ন অংশত বিস্তৃত হৈ আছে।
এই অধ্যয়নে অৰুণাচল প্ৰদেশৰ ভোমোৰাৰ বৈচিত্ৰতা কাশ্মীৰ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ সমকক্ষৰ বুলি প্ৰমাণ কৰিলে। গৱেষক সকলে আশা প্ৰকাশ কৰে যে অধিক অধ্যয়নৰ পাছত ৪০০০ মিটাৰ উচ্চতাৰ ওপৰত থকা গছবিহীন আলপাইন অঞ্চলতো আৰু অধিক প্ৰজাতিৰ সন্ধান পোৱা যাব।
স্থানীয় খেতি-বাতিৰ পদ্ধতিত হোৱা সাল-সলনি আৰু বিশ্বৰ জলবায়ু পৰিৱৰ্তনে ভোমোৰাৰ আবাদীকো প্ৰভাৱান্বিত কৰিছে। প্ৰতিকূল পৰিবেশৰ মাজতো পৰাগযোগত ইহঁতে পালন কৰা অতি গুৰুত্বপূৰ্ণ ভূমিকালৈ লক্ষ্য ৰাখি এই অঞ্চলত শস্যৰ উৎপাদন আৰু জৈৱ বৈচিত্ৰতা ৰক্ষা কৰিবলৈ ইহঁতৰ সংৰক্ষণ অতি প্ৰয়োজনীয়। সলনি হৈ থকা উষ্ণতাই কেনেকৈ ভোমোৰাৰ এই প্ৰজাতি সমূহক প্ৰভাৱান্বিত কৰিব সেয়া অধ্যয়ন কৰাটোও অতি গুৰুত্বপূৰ্ণ।
আপেল আদি গুৰুত্বপূৰ্ণ উদ্ভিদৰ পৰাগযোগ প্ৰক্ৰিয়াত সহায় কৰিব পৰাকৈ গৱেষণাগাৰত ভোমোৰাৰ স্থানীয় প্ৰজাতিৰ পালনৰ কাম চলি আছে।
“ইহঁতৰ সম্ভাৱনাৰ বিষয়ে নিশ্চিত হ’বলৈ আৰু ভবিষ্যতে অৰুণাচল প্ৰদেশত ব্যৱসায়িক ভিত্তিত ফল আৰু শস্যৰ পৰাগযোগত ব্যৱহাৰৰ উপযোগী হ’ব পৰা ভোমোৰাৰ প্ৰজাতি সমূহ চিনাক্ত কৰিবলৈ অধিক অধ্যয়নৰ প্ৰয়োজন আছে”, গৱেষক সকলে কয় ।