অৰুণাচল প্ৰদেশৰ সুউচ্চ বৰফময় পাহাৰত বাঘৰ উপস্থিতিৰ প্ৰমান

Read time: 1 min
Bengaluru
8 Feb 2019
This image is purely representative

প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ অৰুণাচল প্ৰদেশ অতি শীঘ্ৰেই পাহাৰীয়া বৰফময় অঞ্চলত থকা বাঘৰ উপস্থিতিৰ বাবে বিখ্যাত হৈ পৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বন্যজীৱ সংস্থান, ডেৰাডুনৰ গৱেষক সকলে কৰা এক শেহতীয়া অধ্যয়নত পূৰ্বীয় হিমালয়ৰ ৩৬৩০ মিটাৰ উচ্চতাত বাঘৰ উপস্থিতিৰ ফটোগ্ৰাফিক প্ৰমাণ পোৱা গৈছে।

সুউচ্চ পাহাৰীয়া অঞ্চলত বাঘৰ উপস্থিতি অৱশ্য়ে আচৰিত কথা নহয়। “পূৰ্বতেও ভূটান আৰু উত্তৰাখণ্ডৰ এনেকুৱা উচ্চতাত বাঘৰ উপস্থিতিৰ প্ৰমাণ আছে। সাধাৰণতে বাঘে এনেকুৱা অঞ্চলত বাস নকৰে, কিন্তু এটা উপত্যকাৰ পৰা আন এটালৈ পৰিভ্ৰমণ কৰাৰ বাবে এই ঠাই সমূহৰ মাজেৰে পাৰ হয়”, বন্যপ্ৰাণী সংৰক্ষণ সংস্থাৰ পৰা বাঘৰ ওপৰত গৱেষনা কৰা বিশিষ্ট বৈজ্ঞানিক ডঃ উল্লাচ কাৰান্থে জনায়।

প্ৰায় এক শতিকাৰ আগতেই ভাৰতীয় আর্মীৰ কেপ্টেইন এফ এম বেইলিয়ে অৰুণাচলৰ মিচিমি পাহাৰৰ সুউচ্চ হাবিত বাঘৰ উপস্থিতিৰ বিষয়ে প্ৰথম বাৰৰ বাবে বৰ্ণনা কৰিছিল। ২০১০ চনত লষ্ট লেণ্ড অফ দা টাইগাৰচ নামৰ ডকুমেণ্টৰী এখনৰ বাবে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেচন (বি বি চি) য়ে  ভূটানৰ ৪০০০ মিটাৰ উচ্চতাত বাঘৰ উপস্থিতিৰ ফিল্মায়ন কৰিছিল।

অৰুণাচলৰ দিবাং বন্যপ্ৰাণী  অভয়াৰণ্যটো বাঘৰ উপস্থিতিৰ অপ্ৰতিস্থিত প্ৰমাণ থকা বুলি জনা যায়। এই অভয়াৰণ্যৰ কাষতে থকা এংৰিম ভেলীত ২০১২ চনত দুটা ৰয়েল বেংগল বাঘৰ পোৱালী উদ্ধাৰ কৰা হৈছিল। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বাঘ সংৰক্ষণ অথৰিটি (এন টি চিএ), ভাৰতীয় বন্যজীৱ সংস্থান আৰু ৰাজ্যিক পৰিবেশ আৰু বন বিভাগে এই অঞ্চলত বাঘৰ উপস্থিতিৰ বিষয়ে জানিবলৈ প্ৰাৰম্ভিক সৰ্বেক্ষণ আৰম্ভ কৰিছিল। এনটিচিএ ৰ দ্বাৰা সমৰ্থিত বৰ্তমান অধ্যয়নটোও এই জৰীপৰে এক ৰূপ য’ত কেমেৰা ট্রেপৰ সহায়ত দিবাং ভেলী আৰু মিচিমি পাহাৰত তিনি বছৰৰ কাৰণে বাঘৰ উপস্থিতি ৰেকৰ্ড কৰা হৈছিল। এই অধ্যয়নৰ ফলাফল সমূহ জাৰ্নেল অফ থ্ৰীটেণ্ড টেক্সা  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

এই ঠাই দুখনত  বাঘৰ উপস্থিতিৰ বিষয়ে জানিবলৈ গৱেষক সকলে ১০৮ টা কেমেৰা ব্যৱহাৰ কৰিছিল। প্ৰত্যেকটো বাঘ ইহঁতৰ দেহত থকা সাঁচৰ সহায়ত চিনাক্ত কৰা হয়। আমাৰ ফিংগাৰ প্ৰিন্টৰ দৰে এই সাঁচ সমূহো প্ৰত্যেক বাঘৰ বাবে বেলেগ বেলেগ। একেটা বাঘকে দুবাৰ গণনা কৰাৰ পৰা বিৰত থাকিবলৈ সাধাৰণতে গৱেষক সকলে মুখামুখীকৈ দুটা কেমেৰা ব্যৱহাৰ কৰে, যাতে একে সময়তে ইহতৰ দেহৰ দুয়োটা দিশৰে সাঁচৰ ফটো লব পাৰি। অৱশ্যে যিহেতু উপস্থিতিৰ বিষয়ে জনাটোৱেই এই অধ্যয়নৰ মুখ্য উদ্দেশ্য আছিল, বেছি ঠাই সামৰি লবলৈ এই অধ্যয়নত গৱেষক সকলে এঠাইত এটাকৈয়ে কেমেৰা ব্যৱহাৰ কৰিছিল।

কেমেৰাত বাঘৰ ৪২ টা ছবি বন্দী হৈছিল যত নটা বয়স্ক আৰু দুটা পোৱালি আছিল। প্ৰথম বাৰৰ বাবে এই ছবি বিলাকে ভাৰতৰ এক সৰ্বোচ্চ উচ্চতাত বাঘৰ উপস্থিতিৰ প্ৰমাণ ডাঙি ধৰিলে। এঘাৰটা বাঘৰ উপস্থিতিয়ে মিচিমি পাহাৰক এই ৰাজ্যৰ যিকোনো বাঘ ৰিজাৰ্ভতকৈ বেছি বাঘ থকা ঠাই হিচাপে চিহ্নিত কৰিলে।

তাৎপৰ্য পূৰ্ণ ভাবে, মিচিমি পাহাৰৰ হাবি আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বাঘৰ প্রিয় খাদ্য যেনে ফুটুকী হৰিণ, শৰপহু আদি সহজলভ্য নহয়। ইহঁতৰ বিষ্ঠা অধ্যয়ন কৰি গম পোৱা গৈছে যে ইহঁতে উত্তৰ পূৰ্বাঞ্চল, ম্যানমাৰ আৰু চীনত থকা মিচিমি টাকিন নামৰ বিপন্ন প্ৰাণী এবিধ ভক্ষণ কৰিছিল। গৱেষকসকলে অৱশ্যে এতিয়ালৈকে এই বাঘ সমূহৰ বিষয়ে বিষদভাৱে অধ্যয়ন কৰা নাই।

এই অঞ্চলত বাঘৰ উপস্থিতিয়ে বাঘৰ সংৰক্ষণৰ বাবে চলি থকা প্ৰচেষ্টাক এক নতুন দিশ দিব।

গৱেষকসকলে কয় যে, “এই অতি উচ্চ পাহাৰীয়া অঞ্চলত বাঘৰ উপস্থিতৰ প্ৰমানে বাঘ আৰু ইহঁতৰ বাসস্থানৰ সংৰক্ষণৰ বাবে নতুন সুযোগৰ লগতে নতুন জটিলতা আনি দিলে। নতুনকৈ আৱিস্কৃত এই আবাদীৰ আনুবংশীক বিশিষ্টতাক ৰক্ষা কৰিবৰ বাবে ইহঁতৰ পর্যবেক্ষণ আৰু সুৰক্ষাৰ ব্যৱস্থা কৰাটো প্ৰথম পদক্ষেপ হ’ব লাগে। বাঘৰ উপস্থিতিৰ সম্ভাৱনা থকা বাকী ঠাই সমূহৰো সৰ্বেক্ষণ কৰা উচিত”।

বাঘৰ উপস্থিত প্ৰমাণ হোৱাৰ ফলত ভৱিষ্যতে এই ঠাই খিনিক টাইগাৰ ৰিজাৰ্ভ হিচাপে গণ্য কৰাৰ এক সাম্ভাৱ্য় পথ মুকলি হৈছে, যি বাঘৰ লগতে এই অঞ্চলৰ আন প্ৰাণী আৰু উদ্ভিদৰ সংৰক্ষণতো সহায়ক হ’ব ।