ভাৰতত ভয়াবহ ৰূপ ধাৰণ কৰিছে এন্টিবায়’টিক প্ৰতিৰোধৰ সমস্যাই

Read time: 1 min
বেঙ্গালুৰু
18 Sep 2019
ভাৰতত ভয়াবহ ৰূপ ধাৰণ কৰিছে এন্টিবায়’টিক প্ৰতিৰোধৰ সমস্যাই

বেক্টেৰিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ব্যৱহৃত হোৱা এন্টিবায়’টিক  সমূহে ১৯২৮ চনত ইয়াৰ প্ৰথম আৱিস্কাৰৰ পাছৰে পৰা বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসাত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। কিন্তু বৰ্তমান সময়ত এই এন্টিবায়’টিক সমূহৰ ক্ৰিয়াক প্ৰতিৰোধ কৰাৰ ক্ষমতা থকা কিছুমান বেক্টেৰিয়া এক ডাঙৰ সমস্যা হৈ পৰিছে। এন্টিবায়’টিক প্ৰতিৰোধী এই বেক্টেৰিয়া সমূহৰ চিকিৎসা দীঘলীয়া আৰু খৰছী হোৱাৰ উপৰিও ইয়াৰ ফলত বহু লোক মৃত্যু মুখত পৰে। এন্টিবায়’টিক প্ৰতিৰোধৰ বাবে ২০৫০ চনৰ ভিতৰত বিশ্বত বছৰি প্ৰায় ১০ মিলিয়ন লোকৰ মৃত্যু হ’ব পাৰে বুলি অনুমান কৰা হৈছে। এন্টিবায়’টিকৰ অসাৱধান আৰু অত্যাধিক ব্যৱহাৰৰ ফলত বিকাশ হোৱা এই বেক্টেৰিয়া সমূহৰ কাৰনেই আজি নিউমোনিয়া, টিউবাৰকুলোচিচ, গ'ন'ৰিয়া আদি ৰোগৰ এন্টিবায়’টিক প্ৰতিৰোধী সংক্ৰমণ আৰম্ভ হৈছে।

আমেৰিকাৰ বৈজ্ঞানিক দল এটাই কৰা এক শেহতীয়া গৱেষণাত নিৰ্দিষ্ট কিছুমান বেক্টেৰিয়াৰ ওপৰত এন্টিবায়’টিকৰ প্ৰভাৱ জানিবলৈ ড্ৰাগ প্ৰতিৰোধী ইণ্ডেক্স (ডি আৰ আই) ৰ ব্যৱহাৰ কৰিছিল। তেওঁলোকে ৪১ খন দেশত বিভিন্ন এন্টিবায়’টিকৰ ব্যৱহাৰৰ বিষয়েও অধ্যয়ন কৰিছিল। বিল আৰু মেলিণ্ডা গেটচ ফাউণ্ডেচন আৰু ইউ এছ চেণ্টাৰচ ফৰ ডিজিচ কন্ত্ৰ’ল এণ্ড প্ৰিভেনচনৰ দ্বাৰা সমৰ্থিত এই গৱেষণাৰ ফলাফল সমূহ বি এম জে গ্লোবেল হেল্থ  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

ড্ৰাগ প্ৰতিৰোধী ইণ্ডেক্স (ডি আৰ আই)  হৈছে এক এন্টিবায়’টিক আৰু এবিধ ৰোগজনক বেক্টেৰিয়াৰ এক  জোৰাৰ বাবে এন্টিবায়’টিকৰ ব্যৱহাৰ আৰু এন্টিবায়’টিক প্ৰতিৰোধৰ পৰিমান মিলাই কৰা গণিতীয় হিচাপ। ইয়াৰ মান ০ ৰ পৰা ১০০ লৈকে হয় যত ০ ৰ অৰ্থ হৈছে ১০০% সংবেদনশীলতা আৰু ১০০ ৰ অৰ্থ হৈছে ১০০% প্ৰতিৰোধী ক্ষমতা। এই অঙ্কটোৱে এবিধ বেক্টেৰিয়া ৰোধ কৰাত এক এন্টিবায়’টিক কিমান সফল হ’ব তাৰ অনুমান কৰাত  আৰু  এন্টিবায়’টিক প্ৰতিৰোধৰ সমস্যাৰ সমাধান বিচৰাত সহায় কৰে।

“ডি আৰ আইৰ প্ৰবৰ্তন ড্ৰাগ প্ৰতিৰোধৰ সমস্যাৰ মুল্যাংকন আৰু গৱেষণাৰ ফলাফল সমূহ মানুহৰ মাজলৈ লৈ যোৱাৰ প্ৰথম পদক্ষেপ আছিল”, গৱেষক সকলে কয়। বিভিন্ন ভৌগলিক স্থানত এন্টিবায়’টিক প্ৰতিৰোধৰ সমস্যাতো কেনেকৈ বেলেগ বেলেগ হয় আৰু বিভিন্ন দেশত এন্টিবায়’টিকৰ ব্যৱহাৰ আদিৰ বিষয়ে বৰ্ণনা কৰিবলৈ তেওঁলোকে ডি আৰ আই মানতো (স্ক’ৰ) ব্যৱহাৰ কৰিছিল।

গৱেষক সকলে ৪১ খন দেশত কিছুমান নিৰ্দিষ্ট  এন্টিবায়’টিক আৰু উচ্চ প্ৰাথমিকতা থকা ৰোগজনক বেক্টেৰিয়াৰ ডি আৰ আই নিৰ্ধাৰণ কৰিছিল। এই বেক্টেৰিয়া সমূহ আছিল  ই. ক’লাই, ক্লেবচিয়েলা নিউম’নি, একাইনেট’বেক্টাৰ বাউমেনি, এণ্টেৰ’ক’ক্কাছ ফেচিয়াম আৰু ষ্টেফাইল’কক্কাছ অৰিয়াচ ইত্যাদি। এন্টিবায়’টিক সমূহ আছিল ব্ৰড-স্পেক্ট্ৰাম পেনিচিলিন যিয়ে বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়াৰ ওপৰত ক্ৰিয়া কৰে আৰু নেৰ’-স্পেক্ট্ৰাম পেনিচিলিন যিয়ে মাত্ৰ এক প্ৰকাৰৰ বেক্টেৰিয়াহে মাৰিব পাৰে। 

অধ্যয়নটোত পোৱা গৈছিল যে এন্টিবায়’টিকৰ ব্যৱহাৰ আৰু এন্টিবায়’টিক প্ৰতিৰোধৰ মাত্ৰা বিভিন্ন দেশত বেলেগ বেলেগ। একাইনেট’বেক্টাৰ বাউমেনি  আৰু এণ্টেৰ’ক’ক্কাছ ফেচিয়াম নামৰ বেক্টেৰিয়া দুবিধে সকলো এন্টিবায়’টিকৰ বিপৰীতে আৰু বিশেষকৈ ব্ৰড-স্পেক্ট্ৰাম এন্টিবায়’টিকৰ বিপক্ষে আটাইতকৈ বেছি প্ৰতিৰোধ দেখুৱাইছিল। ব্ৰড-স্পেক্ট্ৰাম পেনিচিলিন সমূহৰ ডি আৰ আই স্ক’ৰো বেছি আছিল কাৰণ বিভিন্ন দেশ সমূহত ইহঁত আটাইতকৈ বেছি ব্যৱহৃত হৈছিল। আনহাতে নেৰ’-স্পেক্ট্ৰাম পেনিচিলিন সমূহ হৈছে দামী আৰু আটাইতকৈ কম ব্যৱহৃত এন্টিবায়’টিক আৰু ইহঁত বিকাশশীল দেশ সমূহত কমকৈ উপলব্ধ। গতিকে ইহঁতৰ ডি আৰ আই স্ক’ৰো কম। এই তথ্য সমূহে প্ৰমাণ কৰে যে এন্টিবায়’টিকৰ অতিমাত্ৰা ব্যৱহাৰে এন্টিবায়’টিক প্ৰতিৰোধৰ পৰিমাণ বৃদ্ধি কৰে।

অধ্যয়নত আৰু পোৱা গৈছিল যে ধনী দেশ যেনে চুইডেন, কানাডা, নৰৱে, ফিনলেণ্ড আৰু ডেনমাৰ্ক আদিত ডি আৰ আই স্ক’ৰ আটাইতকৈ কম আছিল। গৱেষক সকলৰ মতে ইয়াৰ কাৰণ হ’ল এই দেশ সমূহত নেৰ’-স্পেক্ট্ৰাম পেনিচিলিনৰ অধিক ব্যৱহাৰ আৰু ইয়াত দামী আৰু প্ৰভাৱী এন্টিবায়’টিক সমূহ সহজলভ্য। দুখীয়া আৰু মধ্যবিত্ত দেশ সমূহ যেনে ভাৰত, থাইলেণ্ড, ভেনেজুৱেলা আদিত ডি আৰ আই স্ক’ৰ বেছি, বিশেষকৈ ভাৰতত আটাইতকৈ বেছি আছিল। গৱেষক সকলে জনাই যে এই দেশ সমূহত ব্ৰড-স্পেক্ট্ৰাম পেনিচিলিনৰ ব্যৱহাৰ বেছি আৰু নতুন আৰু প্ৰভাৱী এন্টিবায়’টিক সমূহ সহজলভ্য নহয়।

ব্ৰড-স্পেক্ট্ৰাম পেনিচিলিন সমূহৰ প্ৰচুৰ ব্যৱহাৰৰ সৈতে প্ৰতি ব্যক্তিৰ হিচাপত এন্টিবায়’টিকৰ ব্যৱহাৰত ভাৰত শীৰ্ষ স্থানত আছে, আৰু এই সমূহ ইয়াত কম খৰচতে আৰু সহজতে পোৱা যায়। গতিকে আমাৰ দেশে ৰোগ প্ৰতিৰোধী জীৱাণু বিলাকৰো আটাইতকৈ বেছি বোজা বহন কৰে। এই প্ৰৱণতাতো এন্টিবায়’টিকৰ অত্যাধিক আৰু অপ্ৰয়োজনীয় ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আমাৰ স্বাস্থ্য ক্ষেত্ৰলৈ এক সতৰ্ক বাৰ্তা।

এই অধ্যয়নত বিকশিত কৰা ডি আৰ আই স্ক’ৰে বিভিন্ন দেশত এন্টিবায়’টিকৰ ব্যৱহাৰ আৰু জীৱাণু সমূহৰ এন্টিবায়’টিক প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে জনাত সহায় কৰিব আৰু ক’ত ঔষধ প্ৰতিৰোধ এক সমস্যা হৈ থিয় দিছে সেয়া চিনাক্ত কৰাত সহায় কৰিব। এন্টিবায়’টিক প্ৰতিৰোধ ৰোধ কৰিবলৈ এন্টিবায়’টিক ব্যৱহাৰ সম্বন্ধীয় সঠিক সিদ্ধান্ত লোৱাৰ বাবে স্বাস্থ্য সেৱাৰ বিভাগ সমূহেও এই তথ্যসমূহ ব্যৱহাৰ কৰিব পাৰিব।