পৃথিৱীৰ প্ৰায় ৩.৫বিলিয়ন মানুহৰ কাৰণে ভাত এক প্ৰধান খাদ্য। কিন্তু পানীৰ নাটনি আৰু আবাদীৰ অত্যাধিক বৃদ্ধিৰ কাৰণে অতি সোনকালেই আপোনাৰ প্ৰিয় ভাত সাজ আপোনাৰ বাবে দুষ্প্ৰাপ্য হৈ পৰিব পাৰে। সাধাৰণতে ধান হৈছে পানীত হোৱা শস্য আৰু পানী ভৰ্তি পথাৰত ইহঁতৰ খেতি কৰা হয়। অৱশ্যে প্ৰতি কেজি ধানৰ উৎপাদনৰ বাবে প্ৰায় ৪০০০ ৰ পৰা ৫০০০ লিটাৰ পানী খৰচ হয় আৰু কৃষি কাৰ্য্যত পানীৰ সংৰক্ষণৰ বাবে লবলগীয়া প্ৰচেষ্টা সমূহৰ ভিতৰত ধান খেতিৰ কাৰণে কম পানী ব্যৱহাৰ কৰাটো এক প্ৰয়োজনীয় বিষয় হৈ পৰিছে। এই পৰিস্থিতিৰ লগত যুজঁ দিবলৈ গোটেই বিশ্বৰ বহু গৱেষকে কম পানীৰ উপস্থিতিত খেতি কৰিব পৰা ধানৰ প্ৰকাৰৰ উদ্ভাৱন কৰি আছে। এই ধান সমূহক বায়ুজীৱি (এৰোবিক) ধান বোলে।
ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অধীনস্থ ভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠান (আই আই আৰ আৰ) হাইদৰাবাদ আৰু তেলেংগানা ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়, হাইদৰাবাদৰ গৱেষক সকলে কৰা এক অধ্যয়নত তেওঁলোকে সেই জিন সমূহ চিনাক্ত কৰি উলিয়াইছে যিয়ে পানীৰ অভাৱ থকা অৱস্থাত বায়ুজীৱি ধানৰ বৃদ্ধিত সহায় কৰে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা সমৰ্থিত এই গৱেষণাটোৰ ফলাফল সমূহ চাইনটিফিক ৰিপোৰ্টচ নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।
গৱেষক সকলে কম পানী থকা বা শুকান পথাৰত খেতি কৰিব পৰা বায়ুজীৱী ধানৰ এক প্ৰকাৰ (চি আৰ ধান ২০২) আৰু সাধাৰণতে ব্যৱহৃত পানী ভৰ্তি পথাৰত খেতিৰ উপযোগী এক ধানৰ প্ৰকাৰৰ (বি পি টি ৫২০৪) শিপা আৰু কাণ্ডৰ অধ্যয়ন কৰিছিল। তেওঁলোকে নেক্সট জেনেৰেচন চিকুয়েন্সিং নামৰ এক প্ৰযুক্তিৰ সহায়ত শিপা আৰু কাণ্ডৰ কোষবোৰত থকা হাজাৰ হাজাৰ আৰ এন এ ৰ অধ্যয়ন কৰিছিল আৰু কোষত কাৰ্যক্ষম হৈ থকা জিন সমূহ (য’ত চিডি এখনত থকা গানৰ দৰে, প্ৰাণীৰ জীৱন ধাৰণৰ ক্ৰিয়া-প্ৰক্ৰিয়াসমূহ লিপিবদ্ধ হৈ থাকে) চিনাক্ত কৰি উলিয়াইছিল।
তেওঁলোকে কৰা পৰীক্ষাৰ সহায়ত কোষত থকা জিন সমূহক তিনিটা ভাগত বিভক্ত কৰা হৈছিল। প্ৰথম ভাগটো আছিল ট্ৰেন্সক্ৰিপচন ফেক্টৰ জিন সমূহ যিয়ে প্ৰটিন উৎপাদন কাৰ্য্যত ভাগ লয়। দ্বিতীয় ভাগটো আছিল পৰিবাহী জিন সমূহ যিয়ে সেই বিলাক প্ৰটিন উৎপাদনত ভাগ লৈছিল যিয়ে কোষৰ ভিতৰলৈ গ্লূকোজ আৰু অন্যান্য পুষ্টিকৰ উপাদান পৰিবহন কৰাত সহায় কৰে। তৃতীয় ভাগটো আছিল শিপাৰ চৰিত্ৰৰ লগত জড়িত জিন সমূহ যি শিপাৰ দৈৰ্ঘ্য আদি আৰু শিপাৰ বিভিন্ন কাৰ্য্যৰ কাৰণে প্ৰয়োজনীয়।
অধ্যয়ন টোৱে প্ৰমাণ কৰিছিল যে পানীৰ নাটনিৰ এক পৰিস্থিতিৰ সম্মুখীন হোৱাত ধানৰ শিপা প্ৰণালীয়ে ইয়াৰ কাণ্ডতকৈ অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিপাত প্ৰকাশিত হোৱা এক জিন ‘ডি আৰ ই বি ১ এফ’ য়ে পানী নথকা অৱস্থাত ১.৫ গুণ বেছি প্ৰটিন উৎপন্ন কৰিছিল । একেদৰে অজৈৱ ফছফেটৰ পৰিবাহী জিন ‘পি এইচ টি ১;৬’ ও বায়ুজীৱী ধানত ৪.৪২গুণ বেছিকৈ প্ৰকাশিত (কাৰ্যক্ষম) হৈছিল আৰু ইয়ে প্ৰতিকূল পৰিস্থিতিৰ সম্মুখীন হবলৈ এই জিন সমূহেযে সহায় কৰে তাক প্ৰমাণ কৰিছিল। একেদৰে শিপাৰ লগত জড়িত এক জিন ‘ও এছ এম টি ২ এ’ বায়ুজীৱী ধানৰ শিপাত তিনি গুণ অধিক পৰিমানে প্ৰকাশিত হৈছিল আৰু ইয়ে প্ৰতিকূল পৰিস্থিতিত শিপাৰ ভূমিকাৰ কথা প্ৰমাণ কৰিছিল।
“এই অধ্যয়নত চিনাক্ত কৰা জিন সমূহে জিনীয় বিকাশৰ সহায়ত পানীৰ নাটনিৰ সন্মুখীন হ’ব পৰা ধানৰ প্ৰকাৰৰ উৎপাদনৰ পথ মুকলি কৰিব। এই কাৰ্য্য় বাকী শস্য সমূহলৈও প্ৰসাৰিত কৰিব পৰা যাব”, গৱেষক সকলে জনায়। তেওঁলোকে কিছুমান হৰম’ন যেনে ইথিলিন, এবছিচিক এচিড আদিও বায়ুজীৱি অভিযোজনৰ সহায়ক হোৱাৰ প্ৰমাণ পাইছিল। “বায়ুজীৱি অভিযোজনৰ প্ৰক্ৰিয়া কিছু পৰিমানে খৰাং সহনশীলতাৰ প্ৰক্ৰিয়াৰ লগত মিলে”, তেওঁলোকে জনায়।
বায়ুজীৱি ধানৰ অভিযোজনৰ আৰত থকা জিনীয় প্ৰক্ৰিয়াৰ বিষয়ে সবিশেষ জনোৱা এয়া এক প্ৰথম অধ্যয়ন। গৱেষক সকলে ভাৱে যে এই জ্ঞান পানীৰ অভাৱ থকা ঠাইত খেতি কৰিব পৰা আৰু অধিক শস্যৰ প্ৰকাৰৰ উদ্ভাৱন কৰি বিশ্ববাসীক খৰাং পৰিস্থিতিৰ পৰা হোৱা ক্ষতিৰ পৰা উদ্ধাৰ কৰিবলৈ সহায়ক হব। আধা সংখ্যক খেতি পথাৰেই পানী যোগানৰ ব্যৱস্থাৰ বাহিৰত থকাৰ পাছতো ১০৫.৪ মিলিয়ন টন ধানৰ সৈতে ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম উৎপাদক। গতিকে পানীৰ নাটনিৰ বাবে ভোকত থাকিব লগা পৰিস্থিতিৰ এক সাম্ভাব্য সমাধান দিয়াৰ সম্ভাৱনাৰে এই অধ্যয়নে সকলোৰে বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে।