কেন্সাৰৰ নিৰীক্ষণৰ বাবে এক সহজ ৰক্তপৰীক্ষা

Read time: 1 min
বেংগালুৰু
19 Jul 2019
কেন্সাৰৰ নিৰীক্ষণৰ বাবে এক সহজ ৰক্তপৰীক্ষা

এফালে কম সময়তে জটিল ৰূপ লোৱা ৰোগ আৰু আনফালে ইয়াৰ লগত যুঁজিবলৈ আৱিস্কৃত হোৱা নিত্য নতুন চিকিৎসা পদ্ধতি, ঔষধ আৰু ৰোগ নিৰ্ণায়ক প্ৰণালীৰ সৈতে কেন্সাৰৰ পৃথিৱীখন অতি দ্ৰুতগামী। কম্পিউটাৰ টম’গ্ৰাফী (চি টি), এম আৰ আই ৰ পৰা বায়’পচি লৈ, আৰু অস্ত্ৰোপচাৰৰ পৰা ফলপ্ৰসূ ঔষধলৈ কেন্সাৰৰ চিকিৎসা আৰু নিৰীক্ষণ সহজ হৈ পৰিছে যদিও ই অতি খৰছীও হৈ পৰিছে। বহু সময়ত ৰোগী সকলে কিছুমান ঔষধৰ ক্ৰিয়াক প্ৰতিৰোধ কৰাৰ ক্ষমতা লাভ কৰে যিয়ে তেওঁলোকৰ অৱস্থা অধিক শোচনীয় কৰি তোলে। চিকিৎসাৰ লগে লগে নিয়মিত ভাৱে বেমাৰৰ উত্থান পতনৰ সমীক্ষা কৰাটোও অতি প্ৰয়োজনীয় হৈ পৰে।

শেহতীয়াকৈ, বিভিন্ন ঠাইৰ সহযোগীৰ সৈতে মিলি এক ভাৰতীয় বৈজ্ঞানিক দলে সম্পন্ন কৰা সফল গৱেষণা প্ৰকল্পত, কেনেকৈ পৰিভ্রমনকাৰী কোষ (চি টি চি) ৰ গোট সমূহে কেন্সাৰৰ চিকিৎসাৰ প্ৰতিক্ৰিয়া আৰু ৰোগীয়ে আৰোগ্য হোৱাৰ সম্ভাৱনাৰ বিষয়ে জনাত সহায় কৰিব পাৰে সেই কথা প্ৰমাণ কৰিছে । চি টি চি সমূহ হৈছে টিউমাৰৰ পৰা  খহি আহি তেজত বিয়পি ফুৰা কেন্সাৰ কোষ।

“কেন্সাৰ ৰোগীৰ দেহত এবিধ চিকিৎসাই কাম দিছেনে নাই সেয়া জনাটো সহজ কথা নহয়”, ইনষ্টিটিউট অফ বায়’ইনফৰমেটিকচ, বেংগালুৰুৰ বৈজ্ঞানিক ডঃ প্ৰশান্ত কুমাৰে কয়। ভাৰতীয় বিজ্ঞান সংস্থান ( আই আই এচ চি) ত কৰ্মৰত  তেখেতৰ সহযোগী অজয় বালাকৃষ্ণন আৰু ডঃ আন্নাপূৰ্ণি ৰংগৰাজনৰ সহযোগিতাৰে তেখেত সকলে বিভিন্ন চিকিৎসাৰ সময়ত কেন্সাৰ ৰোগীসকলৰ দেহত এই পৰিভ্ৰমণকাৰী কেন্সাৰ কোষৰ গোট সমূহৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ এক পদ্ধতি প্ৰস্তাৱ কৰিছে।

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ (ডি এচ টি), জৈৱ প্ৰযুক্তিবিদ্যা বিভাগ (ডি বি টি), ৱেলকাম ট্ৰাষ্ট - ডি বি টি ইণ্ডিয়া এলায়েন্স আৰু বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ (চি এচ আই আৰ) ৰ দ্বাৰা সমৰ্থিত এই গৱেষণাৰ ফলাফল সমূহ চাইন টিফিক ৰিপোৰ্টচ  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

কেন্সাৰৰ নিৰীক্ষণৰ বাবে চিকিৎসক সকলে সময়ে সময়ে বায়’পচি ব্যৱহাৰ কৰে। কিন্তু ৰোগী এজন যেতিয়া গুৰুতৰ ভাবে অসুস্থ হৈ থাকে, তেতিয়া ৰোগীৰ দেহৰ পৰা কলাৰ সংগ্ৰহ সঠিক নহয়। তদুপৰি সকলো ৰোগীয়ে অস্ত্ৰোপচাৰৰ সম্মুখীন হবলৈ সক্ষম নহয়। এনেবোৰ ক্ষেত্ৰত লিকুইড (তৰল) বায়’পচি সহায়কাৰী হৈ পৰে।

প্ৰস্তাৱিত প্ৰযুক্তিটোত গৱেষক সকলে দেহত কেন্সাৰৰ অগ্ৰগতি আৰু চিকিৎসাৰ ফলাফলৰ বিষয়ে জানিবলৈ ৰোগীৰ ৰক্তৰ ব্যৱহাৰ কৰিছিল। “লিকুইড বায়’পচি বা ৰক্ত পৰীক্ষাৰ এই পদ্ধতিটো কেন্সাৰৰ চিনাক্তকৰন আৰু চিকিৎসাৰ পৰ্যালোচনাৰ বাবে সহায়কাৰী হব পাৰে”, ২০১৩ চনৰ পৰাই পৰিভ্ৰমণকাৰী টিউমাৰ কোষসমূহ অধ্যয়ন কৰি থকা প্ৰাধ্যাপক কুমাৰে জনায়। “আমি ইয়াত এই কোষ (চি টি চি) সমূহ সংগ্ৰহ বা সমৃদ্ধ কৰা নাই, মাথো পৰীক্ষা কৰাৰ আগত  প্ৰাকৃতিক পৰিবেশত ইহঁতক বাঢ়িবলৈ দিছোঁ”, তেখেতে কয়।

ৰোগীৰ দেহে চিকিৎসাৰ প্ৰতি সঁহাৰি দিছে নে নাই সেয়া কৰ্ষণ কৰা কোষসমূহৰ আকৃতি অধ্যয়ন কৰি চিকিৎসক সকলে অনুমান লগাব পাৰে। ৰক্ত পৰীক্ষাত সঘন ভাৱে গোট খায় থকা কোষৰ সমষ্টিৰ উপস্থিতিয়ে প্ৰমাণ কৰে যে ৰোগীৰ বাবে চিকিৎসা ফলপ্ৰসূ হোৱা নাই। এনেদৰে এই পদ্ধতিটোৱে চিকিৎসাৰ বাবে আটাইতকৈ ফলপ্ৰসূ উপায় সমূহ বাচি উলিওৱাত সহায় কৰে।

কিডৱাই মেমৰিয়েল ইনষ্টিটিউট অফ অনক’লজি, বেংগালুৰুৰ কেন্সাৰ বিশেষজ্ঞ সকলৰ সহায়ত হাওঁফাওঁ, স্তন, খাদ্যনলী আৰু ব্লাডাৰ কেঞ্চাৰত আক্ৰান্ত ৰোগীৰ ১৫০ টা ৰক্তৰ নমুনা ব্য়ৱহাৰ কৰি গবেষক সকলে তেওঁলোকৰ পদ্ধতিটোৰ কার্যক্ষমতাৰ বিষয়ে অধ্যয়ন কৰিছিল। তেওঁলোকে পাইছিল যে যদিহে তেজত থকা টিউমাৰ কোষৰ গোট  সমূহ টান  (সঘন ভাৱে গোট খায় থকা) হয় তেতিয়া ৰোগীৰ দেহত কেন্সাৰ থকাৰ বেছি সম্ভাৱনা থাকে । “চিকিৎসাৰ ফলত হোৱা উন্নতিৰ বিষয়ে  লিকুইড বায়’পচিত পোৱা পৰিভ্রমনকাৰী কোষৰ পৰা কৰা অনুমান, চি টি স্কেন আৰু এম আৰ আই ৰ ফলাফলৰ লগত তুলনা কৰাত ইহঁতে একে ধৰণৰ ফলাফল দেখুৱাইছিল”, কিডৱাইৰ মেডিকেল অনক’লজি বিভাগৰ প্ৰাধ্যাপক ডঃ গোবিন্দ বাবু কেয়ে আমাক জনায়।

এই পৰীক্ষাটোৰ বাবে প্ৰায় এক সপ্তাহ সময়ৰ প্ৰয়োজন হয় আৰু বৰ্তমান প্ৰচলিত পৰীক্ষা সমূহতকৈ ই বহু কম খৰচী। দেহৰ কেন্সাৰ কোষৰ ওপৰত ঔষধৰ কি প্ৰতিক্ৰিয়া হয় সেই বিষয়ে সঠিক সময়ত জানিবলৈ ই অতি উপকাৰী হ’ব। প্ৰতি বছৰে কেন্সাৰৰ ফলত  প্ৰায় ১২ লাখ লোক মৃত্যু মুখত পৰা দেশ এখনত এনেকুৱা এক সৰল ৰক্ত পৰীক্ষাই এক নতুন আশাৰ সূচনা কৰিছে। অনাগত দিনত গৱেষক সকলে তেওঁলোকৰ এই উপায় ব্যৱহাৰ কৰি এই ৰোগৰ বিকাশ আৰু ইয়াৰ ফলপ্ৰসূ চিকিৎসাৰ দিশত অধিক অধ্য়য়ন কৰিবলৈ পৰিকল্পনা কৰিছে ।