পলিথিন নষ্ট কৰিব পৰা দুবিধ ভেঁকুৰ

Read time: 1 min
পুণে
23 Aug 2019
পলিথিন নষ্ট কৰিব পৰা দুবিধ ভেঁকুৰ

অতিমাত্ৰা ব্যৱহাৰৰ ফলত আমাৰ চাৰিওফালে দম বন্ধা পলিথিন বেগ সমূহৰ ভয়াবহতাৰ বিষয়ে আমি অজ্ঞাত নহয়। এই বেগ সমূহ বস্তু কঢ়িয়াবৰ বাবে উপযোগী হোৱাৰ ফলত পলিথিনৰ  উৎপাদনো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু ই গোটেই বিশ্বতে সৰ্বাধিক ব্যৱহৃত হোৱা এবিধ প্লাষ্টিক হিচাপে চিহ্নিত হৈছে । লক্ষণীয় ভাৱে, প্ৰায় ৬৪% প্লাষ্টিক আৱর্জনাৰ উৎস এই পলিথিন সমূহে ভূ-পৃষ্ঠ আৰু সাগৰ আদিত জমা হোৱা, জীৱ জন্তুৰ মৃত্যুৰ কাৰন হৈ পৰা, নলা নৰ্দমা বন্ধ কৰি অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰা আদি এশ এবুৰি সমস্যাৰ কাৰক হৈ পৰিছে। শেহতীয়াকৈ সাৱিত্ৰীবাই ফুলে পুণে বিশ্ববিদ্যালয়ৰ গৱেষক সকলে কৰা এক অধ্যয়নত ভেঁকুৰৰ দুটা প্ৰকাৰ চিনাক্ত কৰিছে যি পলিথিনৰ এই সমস্যা লাঘৱ কৰাত সহায়ক হ’ব পাৰে।

গামা ৰশ্মিৰ বিকিৰণ, প্রতিক্রিয়াশীল ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ ইত্যাদি অনেক উপায়ৰ সহায়ত পলিথিন ধংশ কৰাৰ চেষ্টা কৰা হৈছে। কিন্তু এই উপায় সমূহে পলিথিনৰ পৰা বিভিন্ন বিষাক্ত পদাৰ্থ উৎপন্ন কৰি আৰু অধিক সমস্যাৰ সৃষ্টি কৰে। প্ৰাকৃতিক ভাৱে ঘটোৱা বিঘটন (বায়’ডিগ্ৰেডেচন) বা অণুজীৱৰ সহায়ত প্লাষ্টিক নষ্ট কৰা  কাৰ্য্যক পৰিবেশৰ অনুকূল বুলি গণ্য কৰা হয়। বিশ্বৰ বহু গৱেষক পলিথিন ক্ষয় কৰিব পৰা বেক্টেৰিয়া আৰু ভেঁকুৰৰ সন্ধানত আছে।

এই অধ্যয়নত গৱেষক সকলে এছপাৰজিলাচ টেৰিয়াচ (Aspergillus terreus) আৰু এছপাৰজিলাচ  চাইড’ৱী  (Aspergillus sydowii) নামৰ দুই বিধ ভেঁকুৰ চিনাক্ত কৰিছিল যিয়ে গৱেষণাগাৰৰ পৰিবেশত পলিথিন ধংশ কৰিব পাৰে।  বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ জি চি) আৰু বিজ্ঞান আৰু ইঞ্জিনীয়াৰিং অনুসন্ধান বোৰ্ড (এচ ই আৰ বি)ৰ দ্ৱাৰা সমৰ্থিত এই অধ্যয়নটোৰ ফলাফল সমূহ চাইন টিফিক ৰিপোৰ্টচ  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

গৱেষক সকলে ভাৰতৰ পশ্চিম উপকূলীয় অঞ্চলৰ বিভিন্ন স্থানৰ মেনগ্ৰোভৰ মাটিত পেলোৱা প্লাষ্টিকৰ বোজাৰ পৰা ১০৯ বিধ  ভেঁকুৰ সংগ্ৰহ কৰিছিল। ইয়াৰ পৰা পলিথিন নষ্ট কৰিব পৰা ভেঁকুৰৰ সন্ধান কৰি তেওঁলোকে এছপাৰজিলাচ  জাতিৰ ভেঁকুৰ দুবিধ চিনাক্ত কৰিছিল। গৱেষণাগাৰত পলিথিনৰ টুকুৰাৰ ওপৰত এই ভেঁকুৰ দুবিধ বাঢ়িবলৈ দিয়াত পলিথিনৰ ওজন, প্ৰসার্য শক্তি, দীৰ্ঘায়িত হ’ব পৰা ক্ষমতা আদি হ্ৰাস পাইছিল যিয়ে পলিথিনৰ ক্ষয় হবলৈ ধৰাৰ কথা প্ৰমাণ কৰিছিল। ইলেকট্রন অণুবীক্ষণ যন্ত্ৰৰ সহায়ত কৰা অধ্যয়নে ভেঁকুৰ দুবিধৰ কাৰ্য্যৰ কথা নিশ্চিত কৰিছিল।

“ভেঁকুৰ বাঢ়িবলৈ দিয়া পলিথিনৰ টুকৰাৰ প্ৰসার্য শক্তিৰ পৰা পলিথিনৰ ক্ষয় হোৱাৰ পৰিমাণ অনুমান কৰা হৈছিল। আমাৰ অধ্যয়নত পলিথিনৰ প্ৰসার্য শক্তি প্ৰায় ৯৪% হ্ৰাস পাইছিল। ভেঁকুৰৰ সহায়ত পলিথিনৰ প্ৰসার্য শক্তিৰ ইমান হ্ৰাসকৰণ কৰিবলৈ সক্ষম হোৱা এইটোৱেই প্ৰথম অধ্যয়ন,” গৱেষক ডঃ অবিনাশ আদেই কয়।

গৱেষণাগাৰত ভেঁকুৰৰ বৃদ্ধিৰ বাবে ব্যৱহৃত মিডিয়া বা খাদ্যৰ উষ্ণতা আৰু আম্লিকতায়ো পলিথিন ধংশৰ প্ৰক্ৰিয়াৰ উন্নীতকৰনত ভূমিকা পালন কৰে । এই অধ্যয়নত গৱেষক সকলে এই অৱস্থাসমূহ অনুকূল কৰি লোৱাৰ পাছত ভেঁকুৰৰ দ্বাৰা  পলিথিনৰ ওজন প্ৰায় ৫০% হ্ৰাস কৰিবলৈ সক্ষম হৈছিল।

গৱেষক সকলৰ মতে যিহেতু গৱেষণাগাৰত এই ভেঁকুৰ সমূহৰ অধিক উৎপাদন কৰিব পাৰি, ইহঁতক সহজেই পলিথিনৰ দম বন্ধা ঠাই সমূহত ব্যৱহাৰ কৰিব পৰা যাব। “এতিয়া আমি এই ভেঁকুৰ সমূহৰ পৰা কিছুমান উৎসেচক  সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছো যিয়ে পলিথিন আৰু অন্যান্য পলিমাৰ যৌগৰ ক্ষয় কাৰ্য্যত সহায় কৰে,” ডঃ  আদেই জনায় ।

প্ৰায় ৯.২ বিলিয়ন টন প্লাষ্টিক উৎপন্ন কৰা আৰু ইয়াৰে প্ৰায় ৬.৯ বিলিয়ন টন জাৱৰ হিচাপে পেলোৱা এইখন পৃথিৱীত এনেকুৱা আবিষ্কাৰ সমূহৰ বিশেষ প্ৰয়োজন আছে ।