ধানখেতিত জৈৱিক সাৰৰ প্ৰয়োগ, আশীৰ্বাদ নে অভিশাপ

Read time: 1 min
Bengaluru
29 Sep 2018

ধান এছিয়াৰ আটাইতকৈ বহুলভাৱে ব্যৱহৃত হোৱা প্ৰধান খাদ্যশস্য। ধানখেতিৰ পথাৰসমূহ গ্ৰীণ হাউচ গেছৰ  এবিধ ডাঙৰ উৎস হিচাপে চিহ্নিত হৈছে আৰু এই কথাটো অতিকৈ চিন্তনীয় কাৰণ মিথেন আৰু অন্যান্য গ্ৰীণ হাউচ গেছ সমূহে গোলকীয় উষ্ণতা বৃদ্ধিত সহায় কৰে। ধানখেতিৰ পথাৰ সমূহৰ বৰ্ধিত উষ্ণতা আৰু পানী জমা হৈ থকা অৱস্থাটোৱে কিছুমান এনেকুৱা অণুজীৱৰ বৃদ্ধিত অৰিহণা যোগাই যিবোৰে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে আৰু ইয়াক মিথেনলৈ পৰিৱৰ্তিত কৰে। এই সমস্যাটো সমাধান কৰাৰ এটা উপায় হৈছে মাটিৰ জৈৱ-কাৰ্বন ধৰি ৰখাৰ ক্ষমতা বঢ়োৱা। শেহতীয়াকৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক কেইজন মানে অধিক কাৰ্বনযুক্ত সাৰৰ মিথেন উৎপাদন আৰু ধানখেতিৰ উৎপাদনত থকা প্ৰভাৱৰ বিষয়ে কৰা এক অধ্যয়নত বহুত আমোদজনক তথ্য পোহৰলৈ আহিছে।

সাধৰণতে ব্যৱহাৰ হোৱা জৈৱ সাৰ যেনে গোবৰ, সেউজীয়া সাৰ আৰু তুঁহ ইত্যাদিত থকা ক্ষয় হৱ ধৰা বিভিন্ন পদাৰ্থই মাটিত থকা কাৰ্বনৰ পৰিমাণ বৃদ্ধি কৰে। আচলতে গোটেই পৃথিবীতে মাটিত থকা কাৰ্বনৰ পৰিমাণ ইমানেই বেছি যে ইয়াৰ পৰিমাণ বায়ুমণ্ডলত থকা কাৰ্বনৰ পৰিমানতকৈ প্ৰায় তিনিগুণ মান অধিক। গতিকে মাটিৰ ব্যৱস্থাপন প্ৰণালীৰ (যেনে জৈৱিক সাৰৰ প্ৰয়োগ আদি) সামান্য পৰিৱৰ্তনেও ধানখেতিৰ পৰা হোৱা গ্ৰীণ হাউচ গেছৰ নিৰ্গমনত যথেষ্ট অৰিহনা যোগোৱাৰ সম্ভাৱনা আছে।

গৱেষণাকাৰী সকলে এই অধ্যয়নটিত গোলকীয় উষ্ণতা বৃদ্ধি, মিথেন গেছৰ নিৰ্গমন, মাটিত থকা কাৰ্বনৰ পৰিমাণ আৰু শস্য উৎপাদনত বিভিন্ন জৈৱিক আৰু অজৈৱিক সাৰৰ (সাধাৰনতে এন পি কে বা নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়ামৰ সংমিশ্ৰন) প্ৰভাৱৰ বিষয়ে বিস্তৰভাৱে অধ্যয়ন কৰিছে। দুবছৰীয়া  ক্ষেত্ৰ সমীক্ষাটো তেজপুৰ বিশ্ববিদ্যালয় পৰিসৰত  ২০১৪-১৫ চনৰ জুন আৰু নৱেম্বৰ মাহৰ মাজত কৰা হৈছিল। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ (DST) অনুদান এটাৰে সম্পন্ন কৰা এই গৱেষণাৰ ফলাফল “জাৰ্নেল অফ এনভাৰমেণ্টেল চাইন্স এণ্ড পলিউচন ৰিছাৰ্চ” নামৰ এখন পত্রিকাত প্ৰকাশ পাইছে।

গৱেষণাৰ বাবে ব্যৱহৃত ধানৰ কঁঠিয়া সমূহ পাঁচটা ঠাইত পৃথক ভাৱে ৰোপণ কৰা হৈছিল।
প্ৰথম প্লটটো গবেষণাৰ কনট্ৰ’ল (নিয়ন্ত্রন) হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু এই প্লটটিত কেৱল এন পি কে সাৰৰ ব্যৱহাৰ কৰা হৈছিল। বাকী প্লট কেইটাত এন পি কেৰ উপৰিও বিভিন্ন জৈৱিক পদাৰ্থ যেনে গোবৰ, চেচবেনিয়া একুলিয়াটা নামৰ তৃণৰ পৰা প্ৰস্তুত কৰা হৰিৎ সাৰ, এ'জলা কেৰোলিনিয়ানা নামৰ এবিধ জলজ উদ্ভিদৰ পৰা তৈয়াৰ কৰা সাৰ আৰু ধানৰ তুঁহ ব্যৱহাৰ কৰা হৈছিল।

গৱেষণাটোত দেখা গ’ল  যে এন পি কে আৰু জৈৱিক সাৰ প্ৰয়োগ কৰা প্লট কেইটাত, অকল এন পি কে (কনট্ৰ’ল) দিয়া প্লটটিত কৈ বেছি মিথেন গেছ উৎপন্ন হয়। অকল গোবৰ বা হৰিৎ সাৰৰ প্ৰয়োগে মিথেন গেছৰ নিসৰ্গন প্ৰায় ৪০ ৰ পৰা ৬০ শতাংশ লৈকে বৃদ্ধি কৰে। অৱশ্যে জৈৱিক সাৰ প্ৰয়োগ হোৱা প্লট কেইটাত উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা দেখা গৈছিল। আটাইতকৈ বেছি উৎপাদন বৃদ্ধি  এ'জলা সাৰ দিয়া প্লটটোত (২৭%), আৰু তাৰ পাছত গোবৰ (২৩ %), তুঁহ (১৭%) আৰু হৰিৎ সাৰ (১১%) দিয়া প্লট কেইটাত দেখা গৈছিল।

গৱেষণাকাৰী সকলে পাইছিল যে কনট্ৰ’ল প্লটটিতকৈ জৈৱিক সাৰ দিয়া প্লটকেইটাত সালোক সংশ্লেষণৰ হাৰ বেছি আছিল। শস্যৰ কাৰ্বন জমা কৰি ৰখাৰ ক্ষমতা, কাৰ্বনৰ দক্ষতাৰ অনুপাতৰ (শস্যত জমা হোৱা আৰু নিৰ্গমিত কাৰ্বনৰ অনুপাত) পৰা নিৰ্ধাৰণ কৰিব পাৰি। এ'জলা সাৰ দিয়া প্লটত এই অনুপাত আটাইতকৈ বেছি আৰু হৰিৎ সাৰ দিয়া প্লটটিত এই পৰিমাণ আটাইতকৈ কম আছিল। জৈৱিক সাৰ যুক্ত প্লট কেইটাত মাটিত থকা জৈৱিক কাৰ্বনৰ পৰিমাণো বেছি হোৱা পৰিলক্ষিত হৈছিল।

গৱেষণাটোৱে প্ৰমাণ কৰিলে যে জৈৱিক সাৰৰ প্ৰয়োগৰ ফলত মিথেন গেছৰ নিৰ্গমন বাঢ়িলেও উৎপাদন বৃদ্ধিত জৈৱিক সাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। গৱেষণাকাৰী সকলে জনায় যে এন পি কে আৰু জৈৱিক সাৰৰ মিশ্ৰিত প্ৰয়োগৰ ফলত হোৱা কাৰ্বনৰ দক্ষতাৰ অনুপাত আৰু কাৰ্বন জমা কৰাৰ ক্ষমতা বৃদ্ধি এই গৱেষণাৰ এক প্ৰধান আৱিষ্কাৰ। যদিওঁ জৈৱিক সাৰৰ প্ৰয়োগে মিথেনৰ নিৰ্গমন বৃদ্ধি কৰে, মাটি আৰু শস্যত কাৰ্বনৰ পৰিমাণ বৃদ্ধি কৰি ই সেই ক্ষতিৰ ক্ষতিপূৰণও কৰে।

গৱেষক সকলৰ মতে যিহেতু উত্তৰ পূৰ্বাঞ্চলত অজৈৱিক সাৰৰ দাম বেছি, সহজলভ্য জৈৱিক সাৰৰ প্ৰয়োগে এই অঞ্চলত শস্যৰ উৎপাদন বৃদ্ধিত এক প্ৰধান ভূমিকা গ্ৰহণ কৰিব পাৰে। সঠিক ব্যৱস্থাপনা আৰু সঠিক ধৰণৰ জৈৱিক সাৰৰ বাছনিয়ে গোলকীয় উষ্ণতা বৃদ্ধিৰ এক অভিশাপক উৎপাদন বৃদ্ধিৰ এক আশীৰ্বাদ লৈকে ৰূপান্তৰিত কৰিব পাৰে।