ধঁপাত আৰু সুৰাই হৈছে উত্তৰ পূৰ্বাঞ্চলত হোৱা মূৰ আৰু ডিঙিৰ কেন্সাৰৰ মূল কাৰণ

Read time: 1 min
Bengaluru
1 Oct 2018

কেন্সাৰ হৈছে বিভিন্ন ৰূপত  দেখা দিব পৰা এক নীৰৱ ঘাটক। মূৰ আৰু ডিঙিৰ কেন্সাৰ তাৰেই এটা ৰূপ যি মুখ, নাক, কণ্ঠনলী, আৰু লালটি গ্ৰন্থি আদিত দেখা দিব পাৰে। ই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ধৰা পৰা কেন্সাৰ সমূহৰ এবিধ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ এক ৰিপোৰ্ট মতে ৯০ শতাংশ মূৰ আৰু ডিঙিৰ কেন্সাৰ হৈছে স্কোৱামাছ কোষ কাৰ্চিনোমা (এইচ এন এচ চি চি)। স্কোৱামাছ কোষ কাৰ্চিনোমা হৈছে ছালৰ উপৰিভাগত থকা অস্বাভাৱিক স্কোৱামাছ কোষৰ অনিয়ন্ত্রিত বিভাজন।

গৱেষণাৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু নাগালেণ্ডত আটাইতকৈ বেছি মূৰ আৰু ডিঙিৰ কেন্সাৰৰ প্ৰাদূৰ্ভাৱ দেখা গৈছে। শেহতীয়াকৈ অসম বিশ্ববিদ্যালয়, ইউনিভাৰ্চিটি অফ চাইন্স এন্ড টেকন’লজী, মেঘালয়; কল্যাণী বিশ্ববিদ্যালয় আৰু ইনষ্টিটিউট অফ এডভান্সড ষ্টাডি ইন চাইন্স এন্ড টেকন’লজীৰ  গৱেষণাকাৰী সকলে কৰা এক অধ্যয়নত এই তথ্যৰ আঁৰত থকা কিছু কাৰণ পোহৰলৈ আহিছে। টিউমাৰ বায়োল’জী নামৰ পত্ৰিকা এখনত শেহতীয়াকৈ প্ৰকাশিত এক গৱেষণাপত্ৰত তেওঁলোকে সময়মতে আৰু দক্ষ ভাৱে মূৰ আৰু ডিঙিৰ স্কোৱামাছ কোষ কাৰ্চিনোমা ধৰা পেলাবলৈ কিছুমান বায়'মাৰ্কাৰ (জৈৱ চিহ্ন)ৰ বিষয়ে বৰ্ননা কৰিছে।

গৱেষণাটোৰ বাবে বয়স, লিংগ, জীৱন-শৈলী, আৰু ধঁপাত সেৱনৰ অভ্যাসৰ ভিত্তিত প্ৰায় ৫০ জন সুস্থ আৰু ৫০ জন মূৰ আৰু ডিঙিৰ কেন্সাৰত আক্ৰান্ত লোকৰ পৰা তথ্য় সংগ্ৰহ কৰা হৈছিল। তথ্য়খিনি বিশ্লেষণ কৰাৰ পাছত দেখা গ’ল যে জীৱন-শৈলী আৰু ধঁপাত সেৱনৰ অভ্যাসে কেন্সাৰৰ উৎপত্তিত ব্যাপক অৰিহণা যোগায় ।

এই অধ্য়য়নটোত অংশগ্ৰহন কৰা ইনষ্টিটিউট অফ এডভান্সড ষ্টাডি ইন চাইন্স এন্ড টেকন’লজীৰ বৈজ্ঞানীক ডঃ ৰোজি মণ্ডলে কয় যে “পাণ আৰু চূণৰ সৈতে তামোল, ধোঁৱা বিহীন ধঁপাতযুক্ত বস্তু (খৈনী, গুটখা আৰু জৰ্দা) আৰু চিগাৰেটৰ সেৱনে এই অঞ্চলত মূৰ আৰু ডিঙিৰ স্কোৱামাছ কোষ কাৰ্চিনোমাৰ প্ৰাদূৰ্ভাৱ বৃদ্ধি কৰিছে। ভালদৰে বতাহ চলাচল নকৰা পাকঘৰ আৰু নিয়মীয়াকৈ হোৱা খৰি জুইৰ ধোঁৱাৰ প্ৰভাৱেও ইয়াৰ সৃষ্টিত অৰিহনা যোগাব পাৰে।’’

এই অধ্যয়নটোৰ বাবে গৱেষণাকাৰী সকলে তেজৰ প্লাজমাৰ পৰা কোষমুক্ত মাইটকন্দ্ৰীয় ডি এন এ সংগ্ৰহ কৰিছিল। নিৰোগী আৰু এইচ এন এচ চি চি কেন্সাৰ আক্ৰান্ত লোক, এই দুয়ো ধৰণৰ লোকৰ পৰা এই ডি এন এ সংগ্ৰহ কৰা হৈছিল। কোষমুক্ত মাইটকন্দ্ৰীয় ডি এন এ হ’ল দেহত এবিধ মুক্তভাৱে বিচৰন কৰি ফুৰা ডিএনএ।“ইহত কোনো কোষৰ ভিতৰত নাথাকে আৰু তেজত মুক্তভাৱে  বিচৰন কৰি ফুৰে, গতিকে ইহতক কোষমুক্ত ডি এন এ বুলি কোৱা হয়”, ডঃ মণ্ডলে  জনায়।

গৱেষক সকলে কোষমুক্ত মাইট’কন্দ্ৰীয় ডিএনএ আৰু কোষকেন্দ্ৰত থকা ডি এন এৰ,তামোল, ধোঁৱা বিহীন ধঁপাতযুক্ত বস্তু আৰু ধঁপাত সেৱনৰ অভ্যাসৰ লগত থকা সম্পৰ্ক অধ্যয়ন কৰে। প্ৰাৰম্ভিক পৰ্য্য়ায়তে এই বেমাৰ ধৰা পেলোৱাত এই ডিএনএ সমূহৰ উপযোগীতাৰ বিষয়ে জানিবলৈ এই অধ্য়য়ন কৰা হৈছিল । অধ্যয়নত পোৱা গ’ল যে এইচ এন এচ চি চি আক্ৰান্ত আৰু নিৰোগী মানুহৰ মাজত দেহত পোৱা কোষমুক্ত মাইটকন্দ্ৰীয় ডি এন এৰ পৰিমানত যথেষ্ট পাৰ্থক্য আছে।

কেন্সাৰ চিনাক্তকৰনৰ বায়মাৰ্কাৰ হিচাপে,কোষমুক্ত মাইট’কন্দ্ৰীয় ডিএনএ ব্যবহাৰ কৰাৰ  কি সুবিধা আছে? “বায়প্চিৰ দ্বাৰা সংগৃহীত কলাত উপস্থিত থকা কিছুমান পৰিবৰ্তন কেন্সাৰৰ বায়মাৰ্কাৰ হিচাপে ব্য়ৱহাৰ কৰা হয় এই বায়মাৰ্কাৰ সমূহে কিছুমান অস্বাভাবিকতা বা কোষাবৰণ ত থকা সংগ্ৰাহীৰ উপস্থিতি- অনুপস্থিতি ইত্য়াদি দেখুৱাই যিবোৰৰ ওপৰত ভিত্তি কৰি কেন্সাৰৰ চিনাক্তকৰণ কৰা হয়,” ডঃ মণ্ডলে জনায় ।“বিভিন্ন পৰীক্ষাসমূহৰ কাৰনে কলা সংগ্ৰহৰ সময়ত ৰোগীজনৰ দৈহিক ক্ষতি বা কষ্ট হ’ব পাৰে। ইয়াৰ পৰিবৰ্তে কোষমুক্ত মাইট’কন্দ্ৰীয় ডি এন এ সংগ্ৰহৰ পদ্ধতিটো অতি সৰল আৰু ৰোগীৰ দেহত কোনো ক্ষতি নকৰাকৈ কৰিব পৰা যায়। ইয়ে উত্তৰ পূৰ্বাঞ্চলত এই ৰোগৰ নিৰ্ধাৰণ আৰু ৰোগৰ বোজা হ্ৰাসকৰণত সহায় কৰিব,”তেখেতে  জনায়।

এইচ এন এচ চি চি ৰোগীৰ কোষমুক্ত মাইট’কন্দ্ৰীয় ডি এন এ ৰ পৰিমাণৰ লগত তামোল, ধোঁৱা বিহীন ধঁপাতযুক্ত বস্তু আৰু ধঁপাত সেৱনৰ অভ্যাসক তুলনা কৰি কৰা এয়ে প্ৰথম গৱেষণা। অধ্যয়নটোত ভবিষ্য়ৎত কেন্সাৰৰ আগতীয়া আৰু কষ্টবিহীন নিৰ্ধাৰণত কোষমুক্ত মাইট’কন্দ্ৰীয় ডি এন এ ব্যৱহাৰৰ এক উজ্জল সম্ভাৱনা থকাতো পৰিলক্ষিত হৈছে ।