আপোনাৰ দেহত কিমান কপাৰ আছে?

Read time: 1 min
Bengaluru
29 Sep 2018
মিট্চেল এন জি লিয়াং, আনস্প্লাছৰ পৰা

কপাৰ হৈছে আমাৰ স্নায়ুতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধী ব্যৱস্থাৰ সঠিক পৰিচালনাৰ বাবে অত্যাৱশ্যকীয় এক  সূক্ষ্ম পোষক। উদ্ভিদৰ বৃদ্ধি আৰু প্ৰজননটো ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দেহত কপাৰৰ মাত্ৰা কম হ’লে ৰক্ত আৰু স্নায়ু জনিত ৰোগ হোৱাৰ সম্ভাৱনা থাকে, আনহাতে এতিমাত্ৰা কপাৰৰ উপস্থিতিও দেহৰ বাবে ক্ষতিকাৰক আৰু ইয়ে এল্জেইমাৰ আৰু প্ৰদাহজনক ৰোগ আদিৰ সৃষ্টি কৰিব পাৰে। শেহতীয়াকৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি) বোম্বেৰ জীৱ বিজ্ঞান আৰু জৈৱ ইঞ্জিনীয়াৰিং বিভাগত গৱেষণাৰত প্ৰফেছৰ সৌম্য মুখাৰ্জী আৰু তেখেতৰ গৱেষণা দলটিয়ে এটা কাৰ্যক্ষম চেন্সৰ নিৰ্মাণ কৰিছে যিয়ে অতি কম খৰচতে আমাৰ তেজৰ লগতে চৌপাশৰ মাটি আৰু পানীত থকা কপাৰৰ পৰিমাণ জুখিব পাৰিব।

উপযুক্ত পৰিমাণৰ কপাৰৰ উপস্থিতিয়ে শস্যৰ উৎপাদন বৃদ্ধিত সহায় কৰে। কপাৰৰ মাত্ৰা কমি গ’লে সালোক সংশ্লেষণ, শ্বসন, প্ৰজনন আৰু বেমাৰ প্ৰতিৰোধী ক্ষমতা বিঘ্নিত হয় আৰু শস্যৰ উৎপাদন কমি যায়। পানীত অতিমাত্ৰা কপাৰৰ উপস্থিতিও মাছৰ বাবে ঘাটক হ’ব পাৰে। একেদৰে পানী পৰিবাহী পুৰণা কপাৰৰ পাইপ ক্ষয় যোৱাৰ ফলত খোৱা পানীত কপাৰৰ মাত্ৰা বাঢ়ি গৈ আমাৰ স্বাস্থ্যৰ ক্ষতি কৰে। যিহেতু আমাৰ খোৱাপানী আৰু চৌপাশৰ মাটি পানীত কপাৰৰ পৰিমাণ উপযুক্ত মাত্ৰাত থকাটো অতি গুৰুত্বপূৰ্ণ গতিকে কপাৰৰ মাত্ৰা জুখিব পৰা এটি যন্ত্ৰ আমাৰ কাৰণে অতি প্ৰয়োজনীয়।

কপাৰৰ পৰিমাণ জুখিবলৈ ব্যৱহৃত হৈ থকা বৰ্তমানৰ পদ্ধতি সমূহ অতি লেহেমীয়া। তদুপৰি এই পদ্ধতিসমূহ অতি খৰছী কাৰণ ইয়াৰ বাবে অত্যাধুনিক যন্ত্ৰ পাতি আৰু প্ৰশিক্ষণপ্ৰাপ্ত লোকৰ প্ৰয়োজন। একেদৰে ইতিমধ্যে উপলব্ধ চেন্সৰ সমূহৰ বহুততে দিঘলীয়া পদ্ধতি, কম সংবেদনশীলতা ইত্যাদি সমস্যা থাকে। আই আই টি বম্বেৰ গৱেষক সকলে নিৰ্মাণ কৰা নতুন যন্ত্ৰটোৰ দ্বাৰা এই সমস্যাবোৰ নিৰ্মূল কৰা হৈছে। তদুপৰি এই যন্ত্ৰটিয়ে বিভিন্ন ধৰনৰ নমুনা যেনে তেজৰ চিৰাম, মাটি আৰু পানীৰ পৰা কপাৰৰ পৰিমাণ নিৰ্ণয় কৰিব পাৰে যিটো বেছিভাগ চেন্সৰৰ দ্বাৰা সম্ভৱপৰ নহয়। গৱেষক সকলে “বায়’চেন্সৰ আৰু বায়’ইলেকট্ৰনিক” নামৰ পত্ৰিকা এখনত এই গৱেষণাটোৰ ফলাফল সমূহ প্ৰকাশ কৰিছে।

গৱেষক সকলে নিৰ্মাণ কৰা চেন্সৰটোত ইমিউন'গ্লোবিউলিন নামৰ এবিধ প্ৰ’টিন ব্যৱহাৰ কৰিছে। ইমিউন'গ্লোবিউলিন হৈছে আমাৰ দেহৰ প্ৰতিৰক্ষা প্ৰনালীত ব্যৱহৃত এবিধ প্ৰটিন। গৱেষণাটোৰ নতুনত্বৰ বিষয়ে বৰ্ণনা কৰি প্ৰফেছৰ মুখাৰ্জীয়ে কয়, “আমি জনামতে কপাৰ আয়নৰ চিনাক্তকৰণৰ বাবে ইমিউন'গ্লোবিউলিনৰ ব্যৱহাৰ এয়েই প্ৰথম।”

প্ৰফেছৰ মুখাৰ্জীয়ে জনোৱা মতে চেন্সৰটোৰ কাৰ্য প্ৰণালী এনে ধৰণৰ, “যদিও গধুৰ ধাতু সমূহ ইমিউন'গ্লোবিউলিনৰ ফালে আকৰ্ষিত হয়, এই আকৰ্ষণ কপাৰ আৰু ইমিউন'গ্লোবিউলিনৰ মাজৰ আকৰ্ষণতকৈ দূৰ্বল। আনহাতে কপাৰৰ বাদে বাকী মিনাৰেল সমূহে ইমিউন'গ্লোবিউলিনৰ লগত সম্পৰ্কলৈ নাহে। গতিকে এক প’লিএনিলিন পৃষ্ঠতলত লাগি থকা ইমিউন'গ্লোবিউলিনৰ লগত হোৱা কপাৰৰ আকর্ষণে এই চেন্সৰটোক এক মিশ্ৰণৰ পৰা বাছি বাছি কপাৰ চিনাক্ত কৰিবলৈ সক্ষম কৰি তোলে।”

যন্ত্ৰটোত এটা কম খৰচী এল ই ডি বাল্ব, অপ্টিকেল ফাইবাৰ সমূহৰ সংযোজক আৰু পোহৰৰ অবশোষণ জুখিবলৈ এক অপ্টিকেল ডিটেক্টৰ ব্যৱহাৰ কৰা হৈছে। “সাধাৰণতে গৱেষক সকলে পোহৰৰ অবশোষণ জুখিবলৈ স্পেক্ট্ৰ'ফ'টোমিটাৰ নামৰ এক ব্যয়বহুল যন্ত্ৰ ব্যৱহাৰ কৰে। আমাৰ যন্ত্ৰটোত আমি স্পেক্ট্ৰ'ফ'টোমিটাৰৰ সলনি এক সৰল ইলেক্ট্ৰনিক বৰ্তনী ব্যৱহাৰ কৰিছো আৰু গোটেই প্ৰণালীটো এক লগত লৈ ফুৰিব পৰা সৰু যন্ত্ৰত স্থাপন কৰা হৈছে যিটো অতি কম খৰচী আৰু খেতি পথাৰ আদিলৈ নি ব্যৱহাৰ কৰিব পাৰি,” প্ৰফেছৰ মুখাৰ্জীয়ে জনায় ।

গৱেষক সকলে জনায় যে এই যন্ত্ৰটি কৃষক আৰু মীন পালক সকলৰ বাবে অতি উপযোগী হ’ব। লগতে আমি সকলোৱে আমাৰ খোৱা পানীত থকা কপাৰৰ পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাই নিৰূপন কৰা খোৱাৰ বাবে অনুমোদন যোগ্য সীমাৰ ভিতৰত আছেনে নাই সেয়া ঘৰতে পৰীক্ষা কৰিব পাৰিম।

তেজ, মাটি আৰু পানী আদিৰ নমুনা ব্যৱহাৰ কৰি ইতিমধ্যে এই যন্ত্ৰটোৰ সফল পৰীক্ষণ কৰা হৈছে। “বৰ্তমানে আমি ইমিউন'গ্লোবিউলিন জি প্ৰটিনবিধ কেনেকৈ বেছি দিনলৈ ভালে ৰাখিব পাৰি তাৰ বাবে চেষ্টা চলাই আছোঁ। ইয়ে চেন্সৰটো কিনাৰ পাছত বেছি দিনলৈ ব্যৱহাৰ কৰাত সহায় কৰিব। ফিল্ডত ব্যৱহাৰৰ বাবে বেছি উপযোগী কৰিবলৈ আমি চেন্সৰৰ ডিজাইনটোও উন্নীত কৰাৰ চেষ্টা কৰি আছোঁ। ইয়াৰ উদ্যোগীকৰনৰ ব্যৱস্থাও চলি আছে, ” প্ৰফেছৰ মুখাৰ্জীয়ে জনায় ।