বিদ্যাৰ্থীসকলে এতিয়া সহায় কৰিব পাৰে ‘প্ৰকল্প মানৱ - মানৱ মানচিত্ৰৰ’ নিৰ্মাণত

Read time: 1 min
Pune
30 Apr 2021
বিদ্যাৰ্থীসকলে এতিয়া সহায় কৰিব পাৰে ‘প্ৰকল্প মানৱ - মানৱ মানচিত্ৰৰ’ নিৰ্মাণত

ছবিৰ উৎস: ‘প্ৰকল্প মানৱৰ ফেইচবুক পৃষ্ঠা

২০১৯ চনত ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগে (ডিবিটি) ভাৰতীয় বিজ্ঞান শিক্ষা আৰু অনুসন্ধান  সংস্থান পুণে (আই আই এছ ই আৰ পুণে), ৰাষ্ট্ৰীয় কোষিকা বিজ্ঞান কেন্দ্ৰ, পুণে (এন চি চি এছ) আৰু পাৰচিষ্টেন্ট চিষ্টেমচ লিমিটেড, পুণেৰ সহযোগত এক উচ্চাভিলাষী প্ৰকল্প আৰম্ভ কৰিছিল। তেওঁলোকে ‘মানৱ’ - মানৱ  মানচিত্ৰ’ প্ৰকল্প আৰম্ভ কৰিছিল, যি হৈছে দেশৰ প্ৰথম এনে প্ৰকল্প। ইয়াৰ লক্ষ্য হৈছে বৈজ্ঞানিক  সাহিত্য আৰু ৰাজহুৱা ডাটাবেছত উপলব্ধ তথ্য ব্যৱহাৰ কৰি কলা, কোষীয় আৰু আণৱিক স্তৰত মানৱ শৰীৰৰ সম্পূৰ্ণ মানচিত্ৰ তৈয়াৰ কৰা। এই মানচিত্ৰই সুস্থ অৱস্থাত আৰু ৰোগৰ সময়ত অঙ্গ আৰু কলাবোৰে কেনেদৰে আচৰণ কৰে অধ্যয়ন কৰি মানৱ শৰীৰৰ এক সামগ্ৰিক বুজাবুজি প্ৰাপ্ত কৰাত সহায় কৰে। ই মানৱ শৰীৰৰ বিষয়ে আমাৰ জ্ঞানৰ অভাৱ পূৰণ কৰাত আৰু উন্নত  চিকিৎসা প্ৰাপ্ত কৰাত সহায় কৰিব পাৰে।

প্ৰকল্পটোৰ প্ৰথম পৰ্যায়টো ২০২১ চনৰ শেষৰ ফালে সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। এই পৰ্যায়ত, দলটোৱে মানুহৰ ছালৰ বিষয়ে (এক অঙ্গ হিচাপে) তথ্য সংগ্ৰহ কৰিব, আৰু এই তথ্য এক বিস্তৃত, সহজে লাভ কৰিব পৰা জ্ঞানৰ উৎস হিচাপে উপলব্ধ কৰাব। প্ৰকল্পটোৱে এতিয়া দেশৰ সমগ্ৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলক ইয়াৰ ডাটাবেছত অৱদান আগবঢ়াবলৈ  আমন্ত্ৰণ জনাইছে যিয়ে বৈজ্ঞানিক আৰু চিকিৎসক সমাজক লাভান্বিত কৰিব পাৰে। এই প্ৰচেষ্টাত অংশগ্ৰহণ কৰা বিদ্যাৰ্থীসকলে বৈজ্ঞানিক প্ৰকাশন সমূহ পঢ়াৰ আৰু প্ৰাসঙ্গিক সমল সমূহ গোটোৱাৰ দক্ষতা বিকশিত কৰিব পাৰিব ।

নতুন গৱেষণা প্ৰায়ে আগতে হোৱা কামৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে, যি তথ্য বিভিন্ন গৱেষণা পত্ৰিকাত প্ৰকাশিত অজস্ৰ গৱেষণা পত্ৰ, সমীক্ষা আৰু ডাটাবেছত বিয়পি আছে। প্রবন্ধ এটাত গুৰুত্বপূৰ্ণ লিখনি খিনি চিহ্নিত কৰাক এনোটেচন বুলি কোৱা হয় আৰু ই কিতাপ বা প্রবন্ধ এটা পঢ়োঁতে গুৰুত্বপূৰ্ণ লিখনি খিনি কলমেৰে চিহ্নিত কৰাৰ দৰে একে কথা। গৱেষকসকলে পঢ়া পত্ৰিকাৰ পৰা তথ্য সংগ্ৰহ আৰু সংযোগ কৰিবলৈ সাধাৰণতে এনোটেচন ব্যৱহাৰ কৰে। “ই গৱেষকসকলক  বৈজ্ঞানিক সমলৰ মাজত সম্পৰ্ক বুজাত  আৰু সম্পৰ্ক স্থাপন কৰাত সহায় কৰে আৰু অধ্যয়নত ব্যৱহৃত বিশিষ্ট পদ্ধতি আৰু সঁজুলি চিনাক্ত কৰাত সহায় কৰে," নাগৰাজ বালাসুব্ৰমনীয়ানে মন্তব্য কৰে। তেওঁ আইআইএছইআৰ পুণেৰ অধ্যাপক  আৰু তেওঁৰ প্ৰতিষ্ঠানত মানৱ প্ৰকল্পৰ গুৰি ধৰোতা ব্যক্তি।


ছবিৰ উৎস: ‘প্ৰকল্প মানৱৰ ফেইচবুক পৃষ্ঠা

প্ৰকল্পটোৰ বাবে আগ্ৰহী বিদ্যাৰ্থী আৰু গৱেষকসকলক এবাৰত এখন  বৈজ্ঞানিক পত্ৰ বা নিবন্ধ আৱণ্টন কৰা হয় (প্ৰথম পৰ্যায়ত ছালৰ বিজ্ঞানৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে)। তেওঁলোকে পাঠটো পঢ়ে আৰু এনোটেচন যোগ কৰে,  যাক প্লেটফৰ্ম ছফ্টৱেৰে ডাটাবেছ এটাত ধৰি ৰাখে আৰু সংৰক্ষণ কৰে। ইয়াৰ পিছত গৱেষকসকলে এই তথ্য সহজে প্ৰাপ্ত কৰিব পাৰিব, যিয়ে তথ্যবোৰ বৈজ্ঞানিক  প্ৰকাশনৰ পৰা সংগ্ৰহ আৰু সংযোগ কৰাত কটোৱা বেছিভাগ সময় বচোৱাত সহায় কৰিব। প্ৰকল্পটোত  প্ৰায় ১৫০০০শিক্ষাৰ্থী, ২৫০ জন শিক্ষক আৰু ১৬০ জন সমীক্ষক আৰু ১৪০জন বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে।

শিক্ষাৰ্থীসকলে কৰা এনোটেচনবোৰ দুটা পৰ্য্যায়ৰ সমীক্ষাৰ মাজেৰে পাৰ হ’ব। “শিক্ষাৰ্থী অৱদানকাৰীৰ উপৰিও, আমাক সমীক্ষক আৰু বিশেষজ্ঞ সমীক্ষকৰ এটা দলৰ প্ৰয়োজন হ'ব," মানৱৰ প্ৰজেক্ট মেনেজাৰ অৰ্চনা বেৰীয়ে কয়। "আমি জ্যেষ্ঠ পি.এইচ.ডি. শিক্ষাৰ্থী, পোষ্ট-ডক, বিজ্ঞানী, চিকিৎসক আৰু শিক্ষকসকলক সমীক্ষক হিচাপে যোগদান কৰাব বিচাৰিছোঁ," তেওঁ লগতে কয়।

এই প্লেটফৰ্মত অৱদানকাৰীসকলে এনোটেচন কৰা পাঠটো একাধিক নিৰ্ধাৰিত শ্ৰেণীত অন্তৰ্ভুক্ত আৰু তালিকা ভুক্ত কৰিব পাৰিব। পাঠটো এটা অঙ্গৰ গঠন, ইয়াক প্ৰভাৱিত কৰা ৰোগ, সেইবোৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পৰা ঔষধ, বা কোষীয় প্ৰক্ৰিয়াৰ সৈতে জড়িত জিন আদিৰ সৈতে সম্পৰ্কিত হ'ব পাৰে। “এনে এনোটেচন কৰা পাঠৰ ডাটাবেছত এক নিৰ্দিষ্ট অঙ্গ বা কলাৰ সৈতে সম্পৰ্কিত বিভিন্ন ক্ষেত্ৰৰ  তথ্য থাকিব। উদাহৰণ স্বৰূপে, যেতিয়া এজনে 'ছালৰ ফাইব্ৰোব্লাষ্ট'ৰ (এবিধ কোষ) বিষয়ে তথ্য  বিচাৰে, তেওঁলোকে এই কোষৰ সৈতে সম্পৰ্কিত সকলো তথ্যৰ বাবে পইণ্টাৰ প্ৰাপ্ত কৰিব পাৰিব, য’ত ফাইব্ৰোব্লাষ্টৰ প্ৰতিলিপিকৰণৰ পৰা  জীয়াই থকা আৰু প্ৰব্ৰজন লৈকে তথ্য অন্তৰ্ভুক্ত থাকিব,” নাগাৰাজে ব্যাখ্যা কৰে।

মানৱ এনোটেচন প্লেটফৰ্মটো মুকলি উৎস আৰু গৃহ বিকশিত উপকৰন ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে আৰু ই এক অনুকূলিত আৰু পুনৰ ব্যৱহাৰযোগ্য ছফ্টৱেৰ সমাধান। ইয়াত তত্ত্বাবধায়কৰ দ্বাৰা নিজে কৰা এনোটেচনৰ বাবে নিৰ্মিত এক সমীক্ষা প্ৰণালীও আছে। দলটোৱে প্ৰায় ১০০ জন শিক্ষাৰ্থীক অন্তৰ্ভুক্ত কৰা এখন কৰ্মশালাৰ সময়ত ধাৰণাটোৰ  এক প্ৰমাণ প্ৰস্তুত কৰিছে, যি এনোটেচনৰ নিৰ্দেশনা, তথ্য সংগ্ৰহ আৰু তথ্য প্ৰমাণীকৰণৰ পৰীক্ষা কৰিছিল। পৰৱৰ্তী পদক্ষেপ হিচাপে, প্ৰকল্পটোৱে গৱেষণা পত্ৰৰ শ্ৰেণীকৰণ আৰু বিদ্যাৰ্থীসকলৰ মাজত ইয়াৰ বিতৰণৰ কামটো  স্বয়ংক্রিয় কৰাৰ পৰিকল্পনা কৰিছে।


ছবিৰ উৎস: ‘প্ৰকল্প মানৱৰ ফেইচবুক পৃষ্ঠা

"বিতং আৰু উপযোগী এনোটেচন  কৰাটো যথেষ্ট ডাঙৰ কাম আৰু অভিব্যক্তিৰ বিবিধতাৰ বাবে ই আৰু জটিল হ'ব পাৰে। মানৱ প্ৰকল্প দলে তথ্যবোৰ এনোটেচন, সংগ্ৰহ আৰু প্ৰতিনিধিত্ব কৰাৰ বাবে মেচিন লাৰ্নিং আৰু কৃত্ৰিম বুদ্ধিমত্তা-আধাৰিত পদ্ধতিৰ অন্বেষণ কৰি আছে”, এনচিচিএছৰ কৃষ্ণশাস্ত্ৰীয়ে কয়। "প্লেটফৰ্মখনত মেচিন লাৰ্নিং-আধাৰিত অটো-এনোটেচন যোগ কৰাৰ বিকল্প আছে," পাৰচিষ্টেন্ট চিষ্টেমচৰ প্ৰকল্প অনুসন্ধানকাৰী অনামিকা কৃষান পালে জনায়।

প্ৰকল্প মানৱে বিদ্যাৰ্থীসকলক বৈজ্ঞানিক অধ্যয়নৰ সৈতে পৰিচয় কৰাবলৈ আৰু তথ্য বিজ্ঞান আৰু ইয়াৰ প্ৰয়োগৰ সৈতে পৰিচিত কৰাৰ বাবে কেইবাটাও কাৰ্যকলাপ পৰিচালনা কৰে, বিশেষকৈ জীৱবিজ্ঞানত। “আমাৰ মূল পৰিকল্পনা আছিল কলেজ আৰু বিশ্ববিদ্যালয়ৰ পৰিসৰত চেমিনাৰ  অনুষ্ঠিত কৰা। অৱশ্যে, ক’ভিড- ১৯ৰ বাবে, আমি এতিয়া ৱেবিনাৰ কৰাই আছোঁ,” নাগাৰাজে কয়। দলটোৱে "বৈজ্ঞানিক সাহিত্য কেনেদৰে পঢ়িব লাগে" ইয়াৰ ওপৰত প্ৰায় ৭০ খন ৱেবিনাৰ পৰিচালনা কৰিছে, য'ত এতিয়ালৈকে ৭০০০ৰো অধিক অংশগ্ৰহণকাৰী উপস্থিত আছিল। দলটোৱে লগতে বিশ্বৰ বিভিন্ন স্থানৰ বিজ্ঞানীসকলে পৰিচালনা কৰা এক ডাটা বিজ্ঞান ৱেবিনাৰ শৃংখলা আৰম্ভ কৰিছে, যাক মানৱৰ ইউটিউব চেনেলত আৰ্কাইভ কৰা হৈছে আৰু ই ৰাজহুৱাভাৱে উপলব্ধ। সমগ্ৰ দেশত ৪০০০ৰো অধিক অংশগ্ৰহণকাৰীয়ে এতিয়ালৈকে অনুষ্ঠিত কৰা এনে ১২ খন ৱেবিনাৰত অংশগ্ৰহণ কৰিছে।

"আমাৰ বৰ্তমানৰ লক্ষ্য হৈছে শিক্ষাৰ্থী আৰু শিক্ষক সকলৰ ওচৰলৈ যোৱা যাতে মানৱ প্ৰকল্পটোৱে কি কৰাৰ লক্ষ্য লৈছে সেই বিষয়ে তেওঁলোকে অৱগত হয়। তেওঁলোক এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰচেষ্টাৰ অংশ হ'বলৈ আগ্ৰহী আৰু উৎসাহিত হ'ব বুলি আমি আশা কৰিছোঁ," নাগাৰাজে কয়। তেওঁলোকে আগলৈ ডাটাবেছটো বিকাশ কৰিবলৈ শিক্ষাৰ্থী, গৱেষক, চিকিৎসক আৰু ফাৰ্মাছিষ্টক অংশগ্ৰহণ কৰোৱাৰ পৰিকল্পনা কৰিছে। প্ৰকল্প দলটোৱে, সংগ্ৰহ কৰা তথ্যক এক আকৰ্ষক ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠৰ জৰিয়তে সংক্ষিপ্তভাবে প্ৰকাশ কৰাৰ উপায় অন্বেষণ কৰি আছে ।