বাঁহগছ হৈছে পৃথিৱীৰ আটাইতকৈ ওখ চিৰসেউজ ঘাঁহ। ইয়াৰ কাণ্ড ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী, কাগজ, আনকি খাদ্য হিচাপেও ব্যৱহৃত হয়। এই গছ বিধৰ লগত জড়িত এটা বিশেষ আকৰ্ষণ হৈছে ইয়াৰ ফুল। বহু বছৰৰ মূৰতহে বাঁহ গছত ফুল ফুলে আৰু ইয়াৰ পাছতে গছ ডাল মৰি যায়।
ফুল ফুলাৰ পাছতে অজস্ৰ ফলো ফলে, কিন্তু এই ফলবোৰে এন্দুৰ নামৰ এক অনাকাংক্ষিত অতিথিক আকৰ্ষণ কৰে । বাঁহৰ ফলত এনেকুৱা কি থাকে যিয়ে এই প্ৰাণীবোৰক ইমান আকৰ্ষণ কৰে? জৱাহৰলাল নেহৰু ট্ৰপিকেল বঁটানিক গাৰ্ডেন আৰু গৱেষণা প্ৰতিষ্ঠান, কেৰেলাৰ গৱেষণাকাৰী সকলে কৰা এক অধ্যয়নত এই বিষয়ৰ কিছু আমোদ জনক তথ্য পোহৰলৈ আহিছে।
বাঁহফলৰ পুষ্টিগত গুণাগুন অধ্যয়নৰ বাবে মুলি নামৰ এবিধ বাঁহ (বৈজ্ঞানিক নাম মেলোকেননা বেছিফেৰা) ব্যৱহাৰ কৰা হৈছিল। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ (DST) অন্তৰ্গত বিজ্ঞান আৰু ইঞ্জিনীয়াৰিং ৰিচাৰ্ছ বোৰ্ড (SERB) আৰু কেৰেলা চৰকাৰৰ দ্বাৰা অনুমোদিত গৱেষণা কাৰ্য্যক্ৰমৰ দ্বাৰা সমৰ্থিত এই গৱেষণাটোৰ ফলাফল নেচাৰ গ্ৰূপৰ “চাইনটিফিক ৰিপোৰ্ট” নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।
মুলি নামৰ বাঁহবিধ উত্তৰ পূৰ্বাঞ্চল, নেপাল আৰু বাংলাদেশত পোৱা যায় আৰু ই ৪০-৫০ বছৰত মাত্ৰ এবাৰহে ফুলে। পথাৰৰ শস্য খাই জীয়াই থকা কৃন্তক প্রাণী সমূহৰ কাৰনে বাঁহগছৰ ফল এক অতি প্ৰিয় খাদ্য। এই প্ৰাণীবোৰ শস্য নষ্ট কৰাৰ উপৰিও বেমাৰ বিয়পোৱাৰ বাবে জনা যায়।
ৰিচাৰ্ছ মেটাৰ্চৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জৱাহৰলাল নেহৰু ট্ৰপিকেল বঁটানিক গাৰ্ডেন আৰু গৱেষণা প্ৰতিষ্ঠানৰ বৈজ্ঞানিক ডঃ চাবুলাল বেবীয়ে আমাক জনায়, “এই বাঁহগছ বোৰ আমাৰ ইনষ্টিটিউট ত ১৯৮৮ ৰ পৰা ১৯৯৬ ৰ ভিতৰত ৰোপণ কৰা হৈছিল। ২০০৯ ৰ পৰা ২০১৫ চনলৈ এই গছ বোৰত ফুল ফুলা দেখা গৈছিল। তেতিয়াৰ পৰাই আমি ইয়াৰ পৌষ্টিক গুনাগুন আৰু ইয়াত থকা ৰাসায়নিক পদাৰ্থ সমূহৰ বিষয়ে অধ্যয়ন আৰম্ভ কৰিছিলো।”
বৈজ্ঞানিক সকলে বাঁহগছৰ ফলত থকা বিভিন্ন ৰাসায়নিক যৌগ সমূহ আহৰণ, বাছনি আৰু চিনাক্তকৰণ কৰিছিল। দেখা গৈছিল যে এই ফল সমূহত এমিন’ এচিড- লাইচিন আৰু গ্লূটামিক এচিড, কাৰ্ব’হাইড্ৰেট যেনে গ্লূক’জ, ফ্ৰূক্ট’জ আৰু চুক্ৰ’জ, ফিন’লিক এচিড আৰু ১৫ বিধ সংপৃক্ত আৰু অসংপৃক্ত ফেটি এচিড থাকে। ফলসমূহত পটাছিয়ামো অধিক মাত্ৰাত থকা পৰিলক্ষিত হৈছিল।
ফল বিলাকত থকা এই ৰাসায়নিক পদাৰ্থ সমূহৰ ভিতৰত কিহে এন্দুৰ বিলাকক ইমান আকৰ্ষিত কৰে? অধ্যয়নত দেখা গৈছিল যে ফলত থকা জুলীয়া পদাৰ্থ আৰু গুটিবোৰৰ প্ৰতি এই এন্দুৰ সমূহ আকৰ্ষিত হয়। অৱশ্যে এন্দুৰ সমূহে অকল বাঁহফল খায়েই জীয়াই থাকিব নোৱাৰে। কাৰণ গৱেষণা গাৰত অকল বাঁহফল খুৱাই ৰখা এন্দুৰ সমূহৰ শক্তিৰ অভাৱ আৰু হাইপ’গ্লাইচেমীয়া হৈ মৃত্যু ঘটিছিল। বাঁহফলত থকা প্ৰ’টিনে এন্দুৰৰ দ্ৰুত বংশ বৃদ্ধিত সহায় কৰে বুলি থকা এক জনপ্ৰিয় বিশ্বাসক এই গৱেষণা টোৱে ভুল বুলি প্ৰমাণ কৰে।
“পূৰ্বতে হৈ যোৱা অধ্যয়ন সমূহত বাঁহ গছৰ ফল বিলাকত বেছি পৰিমানে প্ৰ’টিনৰ উপস্থিতি আৰু ইয়াৰ কাৰণেই এন্দুৰৰ বংশ বৃদ্ধি হোৱা বুলি উল্লেখ কৰা হৈছিল। আমাৰ অধ্যয়নত এই ফল সমূহত কম পৰিমাণে প্ৰ’টিন থকা দেখা গ’ল। আমাৰ মতে ফলত থকা ৰাসায়নিক পদাৰ্থ সমূহে এই এন্দুৰ বোৰক আকৰ্ষিত কৰে। আমাৰ হাতত এই বিষয়ে প্ৰমাণ আছে আৰু আমি এই দিশত অধিক গৱেষণা চলায় আছোঁ,” ডঃ চাবুলালে জনায় ।
এই গৱেষণাকাৰী সকলে কৰা আন এক অধ্যয়নত দেখা গৈছিল যে বাঁহ গছৰ ফল সমূহত অধিক পৰিমানে পুষ্টিকৰ আৰু ঔষধীয় গুণাগুণ যুক্ত উপাদান থাকে। ফলটো অকলেই সম্পূৰ্ণ ভোজন নহলেও প্ৰ’টিনৰ লগত দিলে ইয়াক উপকাৰী পৌষ্টিক উপাদান বুলি ধৰিব পাৰি। দেহৰ কোষবোৰক সঠিককৈ কামকাজবোৰ চলাই নিয়া, দেহত ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্য ৰক্ষা কৰা আৰু ক’লেষ্টেৰল নিয়ন্ত্ৰণ কৰাৰ উপৰিও ই আমাক ষ্ট্ৰ’ক, ক’লন কেন্সাৰ আদিৰ পৰা বচায় ৰখাত সহায়ক।
গৱেষণাকাৰী সকলে আশা প্ৰকাশ কৰিছে যে এই গৱেষণা টোৰ ফলাফল বিলাক বাঁহ থকা অঞ্চলত এন্দুৰ নিয়ন্ত্ৰণত সহায়ক হব। লগতে ই বাঁহ ফুলৰ লগত জড়িত সামাজিক আৰু পৰিৱেশ জড়িত সমস্যা যেনে দুৰ্ভিক্ষ আৰু বেমাৰৰ প্ৰাদূৰ্ভাৱ আদি সমাধান কৰাতো সহায় কৰিব ।
শেহতীয়া কৈ এম বেছিফেৰা নামৰ বাঁহবিধত ফুল ধৰাৰ ফলত ২০০৪-২০০৮ চনলৈ উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম, ত্ৰিপুৰা, মণিপুৰ, মেঘালয় আৰু অসমৰ প্ৰায় ১.৭৬ মিলিয়ন হেক্টৰ ভূমি ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰ ফলত প্ৰায় ২৬ মেট্ৰিক টন মুলি বাঁহ ফুল ধৰি মৰিছিল। ইয়াত থকা পুষ্টিকৰ উপাদান সমুহৰ বিষয়ে জনাৰ পাছত এই ফলৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িব আৰু ইয়ে এন্দুৰ কাৰণে এই ফলৰ উপলভ্যতা হ্ৰাস কৰিব।