ভিন্নতাৰো এক সুকীয়া লাভ আছে আৰু এছিয়াৰ সোণালী মেকুৰীয়েও এয়া জানে

Read time: 1 min
অৰুণাচল প্ৰদেশ
28 Jun 2019
ছবি: এছিয়াৰ সোণালী মেকুৰীৰ এক প্ৰকাৰ, উৎস: চাহিল নিঝাৱান/পেন্থেৰা/এ পি এফ ডি

এয়া ২০১৪ চনৰ কথা, অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকাৰ অৰণ্যত ডঃ চাহিল  নিঝাৱানৰ নেতৃত্বত স্থানীয় ইডু মিচিমি গোষ্ঠীৰ কিছু লোকে মধ্যম আৰু ডাঙৰ আকাৰৰ স্তন্যপায়ী প্ৰাণীৰ উপস্থিতিৰ বিষয়ে জানিবলৈ কিছু কেমেৰা স্থাপন কৰিছিল। ২০ মাহৰ মূৰত তেওঁলোকে ইয়াত বন্দী হোৱা  ফটোবোৰ পৰীক্ষা কৰাত  কিছু আচৰিত আৰু  অনাকাংক্ষিত ফটো পোৱা গ’ল। এই ফটো সমূহৰ মাজত বেলেগ বেলেগ ৰঙৰ এছিয়াৰ সোণালী মেকুৰীৰ বহু ফটো আছিল।

ফটোবোৰে এই কথা পোহৰলৈ আনিলে যে অৰুণাচলৰ দিবাং উপত্যকাত পৃথিৱীৰ ভিতৰতে কোনো বনৰীয়া মেকুৰীৰ আটাইতকৈ বেছি প্ৰকাৰ (এই ক্ষেত্ৰত ছয়টা) আছে। এই অধ্যয়নটো দিবাং উপত্যকাত মানুহ আৰু বন্যপ্ৰাণীৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে জানিবলৈ কৰা এক ডাঙৰ অধ্যয়নৰ অংশ আছিল আৰু অধ্যয়নটোৰ ফলাফল সমূহ ইক’লজি  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

“আমি স্থানীয় লোকৰ সহযোগত দিবাং উপত্যকাৰ ইডু মিচিমি অধ্যুষিত আৰু সংৰক্ষিত বনাঞ্চলত জৰীপ কাৰ্য্য চলাইছিলো। এইটো এটা অভিনব পদ্ধতি য’ত গৱেষক আৰু স্থানীয় লোকে জ্ঞান আহৰণৰ কাৰণে পাৰস্পৰিক সহযোগিতা আগবঢ়ায়। মোৰ সকলো বৈজ্ঞানিক প্ৰকাশনতে দিবাং উপত্যকাৰ স্থানীয় ইডু সহযোগী সকলৰ নাম থাকে”, এই গৱেষণা সন্নিবিষ্ট গৱেষণা পত্ৰৰ মুখ্য লেখক (গবেষক), জুল’জিকেল চোচাইটি  অফ লণ্ডন আৰু ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ ডঃ চাহিল নিঝাৱানে আমাক জনায়। দিবাং উপত্যকাৰ স্থানীয় ইডু মিচিমি লোক সকলে বিশ্বাস কৰে যে সোণালী মেকুৰী, বিশেষকৈ ইয়াৰ অতি গাঢ় (ক’লা) ৰঙৰ প্ৰকাৰ 'বিধ' বিশেষ ক্ষমতাৰ বাহক আৰু তেওঁলোকে সোণালী মেকুৰী তথা অন্য মেকুৰীৰ চিকাৰৰ ওপৰত কঠোৰ নিষেধাজ্ঞা মানি চলে।

যেতিয়া প্ৰাণী এবিধৰ এটাতকৈ অধিক ৰঙৰ প্ৰকাৰ থাকে, ইয়াক বহুৰূপতা বুলি কোৱা হয়। নাহৰ ফুটুকী বাঘ, এছিয়াৰ সোণালী মেকুৰী, আফ্ৰিকাৰ সোণালী মেকুৰী ইত্যাদিয়ে এই বহুৰূপতাক  চিকাৰৰ পৰা বাচি থাকিবলৈ বা চিকাৰ কৰিবলৈ ব্যৱহাৰ কৰে।

এছিয়াৰ সোণালী মেকুৰী (কেট’পূমা টেম্মিনকী)  উত্তৰ পূব ভাৰত, নেপাল, ম্যানমাৰ, বাংলাদেশ, চীন আৰু দক্ষিণ পূব এছিয়াত বাস কৰা এক মজলীয়া আকাৰৰ মেকুৰী। ইহঁতে চিৰ সেউজীয়া অৰণ্য, গুল্মভূমি, অতি উচ্চ পৰ্বত আদি বিভিন্ন স্থানত বাস কৰে আৰু চৰাই, সৰীসৃপ, সৰু স্তন্যপায়ী আদিৰ চিকাৰ কৰে। যোৱা কিছুবছৰত বাসস্থান ধ্বংসৰ ফলত ইহঁতৰ আবাদী কমি আহিছে আৰু ইহঁত সংকটাসন্ন  প্ৰাণীৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

বিভিন্ন ৰঙৰ সোণালী মেকুৰীৰ প্ৰকাৰ সমূহ, উৎস: চাহিল নিঝাৱান/পেন্থেৰা/এ পি এফ ডি

পূৰ্বতে কৰা অধ্যয়ন সমূহত দেখা গৈছিল যে দিবাং ভেলীত সোণালী মেকুৰীকে ধৰি বেছিভাগ প্ৰজাতিয়ে অতি সঘন মাত্ৰাত সামূদায়িক (কমিউনিটি) অৰণ্য সমূহত বাস কৰে। এই ঠাইসমূহত পৰিকল্পিত ১৫ টাতকৈও অধিক জলবিদ্যুত্‍  প্ৰকল্প (বান্ধ) আঁচনিয়ে ভালকৈ অধ্যয়ন নকৰা এই অৰণ্য সমূহলৈ সংকট কঢ়িয়াই আনিব পাৰে।

এই অধ্যয়নত ছয় বিধ বেলেগ বেলেগ ৰঙৰ সোণালী মেকুৰী, যেনে সোণালী, ধূসৰ, ক’লা বা গাঢ়, ডালচেনী ৰঙৰ, ফুটুকী আৰু প্ৰথম বাৰৰ বাবে পৰিলক্ষিত নাহৰ ফুটুকী বাঘৰ ছালত থকা ৰ’জেটৰ নিচিনা ডিজাইন বিশিষ্ট (tightly-rosetted) সোণালী মেকুৰী প্ৰত্যক্ষ কৰা হৈছিল।

লক্ষণীয় ভাৱে গৱেষক সকলে মন কৰিছিল যে বিভিন্ন ৰঙৰ সোণালী মেকুৰী সমূহ বিভিন্ন উচ্চতাত দেখা পোৱা গৈছিল। বেছি উচ্চতাত বা ৩০০০  মিটাৰৰ ওপৰত ফুটুকী আৰু ৰ’জেটেড প্ৰকাৰ সমূহ বেছিকৈ পোৱাৰ বিপৰীতে ১৭০০ মিটাৰৰ তলৰ উচ্চতাত বেছিভাগ এক ৰঙী সোণালী মেকুৰী (ডালচেনী, সোণালী আৰু ক’লা) দেখা গৈছিল। ৰঙৰ লগে লগে এই মেকুৰী সমূহৰ স্বভাৱৰ পাৰ্থক্যও দেখা গৈছিল। চিহ্ন (ডিজাইন) থকা আৰু ধূসৰ মেকুৰী সমূহ সম্পূৰ্ণ নিশাচৰ আছিল, আন হাতে একৰঙী প্ৰকাৰ সমূহ আহ্নিক  বা দিনৰ ভাগত সক্ৰিয় হৈ থকা দেখা গৈছিল।

“পূৰ্বতে গৱেষক সকলে অনুমান কৰিছিল যে সোণালী মেকুৰীৰ এই বিভিন্ন ৰূপ সমূহে বেলেগ বেলেগ বাসস্থান পচন্দ কৰাৰ সম্ভাৱনা আছে। আমাৰ অধ্যয়ন এই কথাৰ প্ৰথম প্ৰমাণ হিচাপে পৰিগণিত হ’ল”, ৰিচাৰ্ছ মেটাৰ্চৰ লগত হোৱা এক সাক্ষাৎকাৰত ডঃ নিঝাৱানে জনায়। তেখেতে আৰু কয় যে বিভিন্ন ৰঙৰ এই প্ৰকাৰ (ৰূপ) সমূহে বিভিন্ন বাসস্থানত অভিযোজনক্ষম কৰি এই মেকুৰী সমূহক পৰিবেশগত সুবিধা প্ৰদান কৰিছে।

গৱেষকসকলে বিশ্বাস কৰে যে বিভিন্ন ৰং আৰু ডিজাইন বিশিষ্ট দেহে সোণালী মেকুৰী সমূহক ছদ্মবেশ (কেম’ফ্লেজ) প্ৰদান কৰি বিভিন্ন ধৰণৰ চিকাৰ ধৰাত সহায় কৰে। তেওঁলোকে জনায় যে এই ভিন্নতাই ইহঁতক ডাঙৰ চিকাৰী যেনে বাঘ, নাহৰফুটুকী বাঘ, ৰাংকুকুৰ, গোধা-ফুটুকী বাঘ আদি ইহঁতৰ বাসস্থানত থকা শত্ৰুৰ পৰা বাছি থাকিবলৈও সহায় কৰে।

“পূব হিমালয়ৰ দৰে প্ৰতিযোগিতা পূৰ্ণ পৰিবেশত সোণালী মেকুৰী সমূহে প্ৰমাণ কৰিছে যে সফল ভাৱে বাচি থাকিবৰ কাৰণে অভিযোজন প্ৰৱণতা অতি প্ৰয়োজনীয়। সম্ভৱত বহুৰূপতা থকা আন প্ৰাণীৰ কাৰণেও এই কথা প্ৰযোজ্য”, ডঃ নিঝাৱানে কয়। ইয়াৰ অৰ্থ কি এই যে বেছি প্ৰতিযোগিতা আৰু বাসস্থানৰ ভিন্নতা থকা ঠাইত বহুৰূপতা দেখা যায়? “সোণালী মেকুৰীৰ ওপৰত কৰা এই অধ্যয়নে এই অনুমান কিছু পৰিমানে প্ৰমাণ কৰে। অৱশ্যে এই অনুমানৰ সত্যতা নিৰূপণ কৰিবলৈ আমি অধিক ডাটা সংগ্ৰহ কৰিব লাগিব”, তেখেতে কয়।

গৱেষণাৰ ফলাফল সমূহৰ ইহঁতৰ বিৱৰ্তনৰ ওপৰতো বিশেষ প্ৰভাৱ থাকিব পাৰে। “বৰ্তমানে আমি বিশ্বাস কৰোঁ যে বিভিন্ন ৰঙৰ সোণালী মেকুৰী সমূহে ইটোৱে সিটোৰ লগত প্ৰজনন কৰে। অৱশ্যে যদি কিবা কাৰণত ইহঁতৰ মাজত প্ৰজনন বন্ধ হৈ যায় তেতিয়া ই নতুন উপ-প্ৰজাতি বা প্ৰজাতিলৈ এক নতুন যাত্ৰাৰ সূচনা কৰিব পাৰে, ডঃ নিঝাৱানে কয়।