মাৰাত্মক আকৰ্ষণ: কলচী উদ্ভিদলৈ চিকাৰক আকৰ্ষণ কৰাত কাৰ্বন ডাই অক্সাইডৰ ভূমিকা

Read time: 1 min29 Sep 2018
ডঃ চাবুলাল বেবী

উদ্ভিদ জগতৰ বিভিন্ন সদস্যৰ ভিতৰত পোক পতংগ ভক্ষণ কৰা মাংসভোজী উদ্ভিদ সমূহ আমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। উদ্ভিদ জগতৰ প্ৰায় চাৰি লাখ সদস্যৰ মাজত প্ৰায় এক হাজাৰ এনে মাংসভোজী উদ্ভিদ আছে যিয়ে অনুৰ্বৰ মাটিত পোক পতংগ আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণী ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰে।

নেপেনঠিচ্ হৈছে কলচী উদ্ভিদৰ এটা জাতি যাৰ প্ৰায় ১৬০টা প্ৰজাতি আছে। এই উদ্ভিদ সমূহ দক্ষিণ পূৱ এছিয়া, মাদাগাস্কাৰ, উত্তৰ অষ্ট্ৰেলিয়া- নিউ গিনি অঞ্চলত দেখা যায় আৰু বৰ্নিঅ', সুমাত্ৰা আৰু ফিলিপাইনচত ইয়াক আটাইতকৈ বেছিকৈ পোৱা যায়। এই উদ্ভিদবোৰৰ তৰোৱালৰ নিচিনা পাত থাকে যাৰ শেষ ভাগ খিনি সৰু ৰছীৰ দৰে পাতলীয়া হৈ উদ্ভিদ জোপাক বগোৱাত সহায় কৰে। অনুৰ্বৰ মাটিত বৃদ্ধি হবলৈ সহায়কাৰী বিৱৰ্তনৰ এক অংশ হিচাপে পাতৰ এই পাতলীয়া অংশৰ শেষ ভাগটোৱে এটা কাপ বা কলহৰ দৰে আকৃতি লয়।

জৱাহৰলাল নেহৰু ট্ৰপিকেল বঁটানিক গাৰ্ডেন আৰু গৱেষণা প্ৰতিষ্ঠানৰ গৱেষক ডঃ চাবুলাল বেবীয়ে আমাক জনায় যে  “মাংসভোজী উদ্ভিদ সমূহ পৃথিৱীৰ বুকুত এক অনন্য সৃষ্টি। পোক পতংগ আদি ধৰি জীয়াই থাকিবলৈ ইহঁতৰ দেহত বিভিন্ন অভিযোজন হয়”। “চাইনটিফিক ৰিপোৰ্টচ” নামৰ পত্ৰিকা এখনত প্ৰকাশ পোৱা এক শেহতীয়া অধ্যয়নত এওঁলোকে প্ৰকাশ কৰিছে যে কলচী উদ্ভিদৰ গহ্বৰ সমূহত জমা হোৱা কাৰ্বন ডাই অক্সাইডে পোক পতংগ সমূহ আকৰ্ষণ কৰাত বিশেষ ভূমিকা পালন কৰে। এই অধ্যয়নটো কেৰেলা চৰকাৰ আৰু কেৰেলা চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু পৰিবেশ বিভাগৰ আৰ্থিক অনুমোদনৰ দ্বাৰা সম্পন্ন কৰা হৈছিল।

পুৰঠ হোৱাৰ আগলৈকে নেপেনঠিচ্ ৰ কলচী সমূহ বন্ধ হৈ থাকে আৰু পুৰঠ হোৱালৈ ইয়াত আম্লিক উৎসেচক জমা হয়। কলচী সমূহৰ এখন ঢাকনি থাকে যি পূৰঠ হোৱাৰ সময়ত খোল খায় যায় যাতে পোক পতংগ কলহটোত সোমাব পাৰে। কলচী সমূহে ইয়াৰ চিকাৰক আকৃষ্ট কৰিবলৈ মৌ, গোন্ধ আৰু ৰং ইত্যাদি বিভিন্ন সূত্ৰৰ ব্যৱহাৰ কৰে। এইবোৰ মাৰাত্মক আকৰ্ষণত ভোল গৈ কলহৰ ভিতৰত বন্দী হোৱাৰ পিছত কলহত থকা উৎসেচকে এই পোক পতংগ বিলাকক হজম কৰাত সহায় কৰে।

শেহতীয়া অধ্যয়নত পোৱা কিছু তথ্যই এই মাৰাত্মক আকৰ্ষণ সমূহত কিছু নতুন দিশৰ সংযোজন কৰিছে। “এই অধ্যয়নত আমি পালো যে বন্ধ হৈ থকা কলচী সমূহত যথেষ্ট পৰিমাণে কাৰ্বন ডাই অক্সাইড জমা হৈ থাকে আৰু খোল খাই থকা কলচী সমূহৰ পৰা নিৰন্তৰে হৈ থকা কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমনে পোক পতংগ আকৰ্ষণত সহায় কৰে। নেপেনঠিচ্ ৰ চিকাৰ ধৰাৰ ই এক নতুনকৈ বৰ্নীত হোৱা উপায়”, ডঃ বেবীয়ে জনায়।

গেছেৰে ভৰ্তি হৈ থকা কলহ সমূহ আৰু চিকাৰ ধৰাত এই গেছৰ অৱদানৰ বিষয়ে কিছু প্ৰাথমিক অধ্যয়ন কৰা হৈছিল। ইতিমধ্যে উপলব্ধ লিখনি সমূহত কলচী সমূহক খালী হৈ থকা পাত বুলি বৰ্ণনা কৰা হৈছিল। কিন্তু আচলতে এই কলচী সমূহ খালী হৈ নাথাকে। হাতেৰে টিপি চালে বন্ধ কলচী সমূহৰ ভিতৰত গেছৰ উপস্থিতি অনুমান কৰিব পাৰি। বেছি জোৰেৰে টিপিলে কলহৰ ঢাকনি খন ফাটি গেছবোৰ ওলাই যায়। “এই পৰ্যবেক্ষণে আমাক এই বিষয়ত অধিক অধ্যয়ন কৰিবলৈ প্ৰেৰণা যোগালে আৰু গেছ ক্ৰমেটোগ্ৰাফীৰ সহায়ত কলচী সমূহৰ ভিতৰত থকা গেছৰ পৰীক্ষা কৰি ইয়াত অধিক মাত্ৰাত কাৰ্বন ডাই অক্সাইড থকাৰ প্ৰমাণ পোৱা গ’ল”, ডঃ বেবীয়ে জনায়।

গৱেষক সকলে আৰু পালে যে বন্ধ হৈ থকা কলচীৰ pH ৩.৫০। চিকাৰটো ধৰাৰ পাছত কলচীৰ ভিতৰৰ আম্লিকতা বাঢ়ে আৰু কলচীৰ ভিতৰত থকা ৰসখিনি হালধীয়াৰ পৰা ৰংহীন অৱস্থালৈ পৰিৱৰ্তিত হয়। অধ্যয়নটোৰ মতে বৰ্ধিত আম্লিকতাৰ কাৰণ হৈছে দ্ৰৱীভূত হৈ থকা কাৰ্বন ডাই অক্সাইড। তেওঁলোকৰ মনত প্ৰশ্ন হৈছিল যে এই গেছ সমূহ কলচীৰ ভিতৰলৈ আহে কেনেকৈ। আকর্ষ আৰু শিপাৰ আনুবীক্ষণিক পৰীক্ষণত বহুতো খালী নলিকা বা সংবহন গুচ্ছ দেখা গৈছিল। অৱশ্যে এই নলিকা সমূহৰ দ্বাৰা মাটিৰ পৰা কাৰ্বন ডাই অক্সাইডৰ প্ৰবাহ নহয়। ইয়াৰ পৰিবৰ্তে কলচী বিলাকত থকা বিশেষ কলাৰ বৰ্ধিত শ্বসনৰ ফলতহে কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বেছি হয়।

চিকাৰ ধৰাত কাৰ্বন ডাই অক্সাইডে কেনেকৈ বিশেষ ভূমিকা পালন কৰে এই কথা গৱেষক সকলে অধ্যয়ন কৰিছিল। “কাৰ্বন ডাই অক্সাইডক পোক পতংগৰ আকর্ষক হিচাপে জনা যায়। কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাত সূক্ষ্ম পৰিবৰ্তনৰ প্ৰতিও ইহঁতে বিশেষ মনযোগ দিয়ে। পোকবোৰৰ দেহত ভালদৰে বিকশিত কাৰ্বন ডাই অক্সাইড সংগ্ৰাহক থাকে আৰু ইহতে এই পৰিবৰ্তন সমূহক ভিত্তি কৰি খাদ্যৰ সন্ধান কৰে। আমাৰ অধ্যয়নটো আমি দেখিছিলোঁ যে নেপেনঠিচ্ খাচীয়ানা ৰ কলচী সমূহে নিয়মিত ভাৱে কাৰ্বন ডাই অক্সাইড নিৰ্গমন কৰি থাকে যিয়ে পোক পতংগৰ বাবে সংবেদী সূত্ৰৰ কাম কৰে”, ডঃ বেবীয়ে জনায়।

এই অধ্যয়ন টোৱে নেপেনঠিচ্ আৰু আনবোৰ মাংসভোজী উদ্ভিদৰ অনন্য চৰিত্ৰৰ বিষয়ে বহু নজনা কথাৰ সম্ভেদ দিলে আৰু এই জ্ঞানখিনিয়ে এই বিষয়ত অধিক গৱেষণাৰ বাট মুকলি কৰিব। তেওঁলোকৰ ভৱিষ্য়ত পৰিকল্পনাৰ বিষয়ে জনায় ডঃ বেবীয়ে কয় “সম্প্ৰতি আমি নেপেনঠিচ্ ত থকা বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু নেপেনঠিচ্ ৰ চিকাৰ ধৰাৰ নতুন পদ্ধতি সমূহ জানিবলৈ উৎসুক। ”