আপুনি কিনা গাখীৰ খিনিৰ বিশুদ্ধতাৰ বিষয়ে জানিবলৈ সহায়ক হ’ব পাৰে কাগজেৰে নিৰ্মিত এটা বায়’চেন্সৰ

Read time: 1 min
গুৱাহাটী
2 Aug 2019
আপুনি কিনা গাখীৰ খিনিৰ বিশুদ্ধতাৰ বিষয়ে জানিবলৈ সহায়ক হ’ব পাৰে কাগজেৰে নিৰ্মিত এটা বায়’চেন্সৰ

আই আই টি গুৱাহাটীৰ গৱেষক দল এটাই  সাজি উলিওৱা এবিধ বায়’চেন্সৰ, যিয়ে গাখীৰত এলকালাইন ফছফাটেজৰ উপস্থিতি ধৰা পেলাব পাৰে, ছবিৰ উৎস

আপুনি খোৱা গাখীৰ খিনি কিমান বিশুদ্ধ সেয়া জনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আপুনি নিশ্চয় জ্ঞাত। গাখীৰৰ বিশুদ্ধতা বজায় ৰাখিবলৈ বিভিন্ন নিয়মাৱলী আছে যদিও প্ৰায় ৬৮ % ক্ষেত্ৰত এই নিয়ম সমূহৰ অৱমাননা কৰা হয়। গাখীৰৰ নমুনা এটাৰ সতেজতা আৰু ইয়াৰ পাষ্টুৰীকৰণ (pasteurisation) ভালকৈ কৰা হৈছিল নে সেয়া  নিৰ্ধাৰণ কৰিবলৈ শেহতীয়াকৈ আই আই টি গুৱাহাটীৰ গৱেষক দল এটাই কাগজেৰে নিৰ্মিত চিনাক্তকৰণ প্ৰণালী এটা সাজি উলিয়াইছে । তেওঁলোকৰ মতে এই প্ৰযুক্তিটো কম খৰচী, ফলপ্ৰসূ, দ্ৰুত, সহজ আৰু পৰিবেশৰ অনুকূল।

গাখীৰত থকা অনিষ্টকাৰী অণুজীৱ সমূহ ধ্বংস  কৰিবলৈ দ্ৰুত উত্তাপ আৰু শীতলীকৰণৰ জৰিয়তে ইয়াৰ পাষ্টুৰীকৰণ কৰা হয়। গাখীৰৰ পাষ্টুৰীকৰণ ভালকৈ কৰা হৈছে নে নাই সেয়া জানিবলৈ জটিল যন্ত্ৰ-পাতি আৰু বিভিন্ন সময় খৰচী প্ৰক্ৰিয়াৰ প্ৰয়োজন হয়। ইয়ে ঠাইতে গাখীৰৰ মানদণ্ড নিৰ্ধাৰণ কৰাটো জটিল কৰি তোলে। বৰ্তমান অধ্যয়নত গাখীৰত থকা এলকালাইন ফছফাটেজ নামৰ যৌগ এবিধ চিনাক্ত কৰিবলৈ গৱেষক সকলে ফিল্টাৰ কাগজৰ সৰু টুকুৰাক (ডিস্ক) বায়’চেন্সৰ হিচাপে ব্যৱহাৰ কৰিছিল। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগ (ডি এচ টি) ৰ দ্বাৰা সমৰ্থিত এই অধ্যয়নৰ ফলাফল সমূহ বায়’চেন্সৰ এণ্ড বায়’ইলেকট্ৰনিকচ  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

এলকালাইন ফছফাটেজ (এ এল পি) কেঁচা গাখীৰত অধিক পৰিমাণত থকা এবিধ প্ৰ’টিন । পাষ্টুৰীকৰণ কৰোতে এই প্ৰ’টিনবিধৰ গঠনগত পৰিৱৰ্তন ঘটে আৰু সাধাৰণতে পাষ্টুৰীকৰণ হৈ যোৱা গাখীৰত এই প্ৰ’টিন বিধ পোৱা নাযায়। এই প্ৰ’টিনবিধ চেন্সৰটোৰ সংস্পৰ্শ লৈ আহিলে ৫-ব্ৰ’ম’-৪-ক্ল’ৰ’৩-ইণ্ডোলিল ফছফেটৰ উপস্থিতিত এক নীলা সেউজীয়া অধঃক্ষেপৰ সৃষ্টি হয়। মানে এই ফলাফলে  প্ৰমাণ কৰে যে গাখীৰ খিনিৰ পাষ্টুৰীকৰণ হোৱা নাই।

মুদ্ৰাৰ আকাৰৰ চেন্সৰৰ এই প্রটোটাইপত থকা কাগজৰ ডিস্কখনত এলকালাইন ফছফাটেজ এন্টিবডী লাগি থাকে। ডিস্কখন চেলুল’জ এচিটেটৰ স্বচ্ছ ফিল্ম এখনৰ ওপৰত ৰখা হয়। আঙুঠিৰ নিচিনা আকৃতি এটাই জৈৱ ৰাসায়নিক বিক্ৰিয়া হোৱা ঠাইখিনি আগুৰি ৰাখে আৰু ইয়াক যান্ত্ৰিক শক্তি প্ৰদান কৰে। গোটেই সংযোজন খিনি শেষত আৰু এখন চেলুল’জ এচিটেট ফিল্মৰ সহায়েৰে আৱৰিত কৰা হয়।

গৱেষক সকলে কাগজৰ ডিস্কত ৰং সলনি হোৱা এই প্ৰক্ৰিয়াটো এটা স্মাৰ্ট ফোন কেমেৰাৰ সহায়ত বন্দী কৰিছিল আৰু এই ছবি সমূহৰ পৰা আৰ জি বি (ৰঙা-সেউজীয়া-নীলা) মান নিৰ্ধাৰণ কৰিছিল যাৰ সহায়ত গাখীৰৰ নমুনাত থকা এলকালাইন ফচফাটেজৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছিল।

“এই প্ৰযুক্তিটো স্মাৰ্ট ফোনৰ লগত সংযোজিত কৰি বায়’চেন্সৰটোৰ উন্নীতকৰণ কৰিবলৈ আমি এটা এপ প্ৰকাশৰ পথত”, এই অধ্যয়নত ভাগ লোৱা গৱেষক ডঃ প্ৰাঞ্জল চন্দ্রাই জনায়।

গৱেষক সকলে গাখীৰত থকা চাইত্ৰিক এচিড, ব’ভাইন চিৰাম এলবুমিন, লেক্ট’জ, কেজিন, ভিটামিন আৰু আয়ন ইত্যাদিয়েও ৰং সলনিৰ প্ৰক্ৰিয়াত ভাগ লয় নেকি সেয়াও অধ্যয়ন কৰিছিল আৰু পাইছিল যে এইবিলাক অনুৱে এই প্ৰক্ৰিয়াত ভাগ নলয়। গতিকে এই বায়’চেন্সৰ টোৱে বিশেষভাৱে কেৱল এলকালাইন ফছফাটেজৰ উপস্থিতিহে ধৰা পেলাই।

ক্ষুদ্ৰ সংস্কৰণৰ, যন্ত্ৰ বিহীন আৰু কম খৰচী এই চেন্সৰ বিধে অতি কম পৰিমাণত (০.৮৭ ইউনিট প্ৰতি মিলিলিটাৰ) থকা এলকালাইন ফছফাটেজ চিনাক্ত কৰিব পাৰে। অন্য কোনো যন্ত্ৰৰ সহায় নোলোৱাকৈ এই চেন্সৰ বিধে এই গোটেই কামটো মাত্ৰ ১৩ মিনিটত সম্পন্ন কৰিব পাৰে। গৱেষক সকলে গাঁৱৰ পৰা সংগ্ৰহ কৰা কেঁচা গাখীৰ আৰু পাষ্টুৰীকৰণ হৈ যোৱা গাখীৰত এই চেন্সৰ বিধৰ সফল পৰীক্ষণ কৰিছে।

“এই চেন্সৰ বিধ কাৰ্যক্ষম আৰু ব্যৱহাৰ কৰিবলৈ সহজ। অৱশ্যে যদি ইয়াক সাৱধানতাৰে কঢ়িওৱা নহয় তেতিয়া ইয়াৰ গঠনগত ক্ষতি হব পাৰে যিয়ে ইয়াৰ সক্ষমতাক প্ৰভাৱান্বিত কৰিব পাৰে”, ডঃ চন্দ্রাই জনায়। “বৰ্তমানৰ হিচাপত প্ৰতিটো বায়’চেন্সৰৰ দাম প্ৰায় ১ ৰ পৰা ১.৫  আমেৰিকান ডলাৰ মান হ’ব। অধিক পৰিমাণত উৎপাদন কৰিলে এই মূল্য নিশ্চয় কমিব” , তেখেতে  কয়।

গৱেষক সকলে জনায় যে এই চেন্সৰৰ আৰু অন্যান্য উপযোগিতা থকাৰ সম্ভাৱনা আছে। “এই অধ্যয়নত বৰ্ণিত চেন্সৰৰ প্লেটফৰ্মটো অন্যান্য অনুৰ উপস্থিতিৰ বিষয়ে জানিবলৈ বিকশিত কৰিব পৰা যাব”, ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে মন্তব্য কৰি ডঃ চন্দ্রাই কয়।