ঔষধ প্ৰতিৰোধী কেন্সাৰৰ প্ৰতিকাৰৰ দিশত এখোজ

Read time: 1 min
Bengaluru
7 Dec 2018

এন্টিবায়’টিকৰ ওচৰতো হাৰ নমনা ঔষধ প্ৰতিৰোধী বেক্টেৰিয়াৰ বিয়য়ে আমি সকলোৱে জ্ঞাত। এই বেক্টেৰিয়া সমূহ নিৰ্মূলকৰণৰ বাবে যুজঁ খন চলি থকাৰ সময়তে ঔষধ প্ৰতিৰোধী কেন্সাৰ কোষ নামৰ আন এক সমস্যাই মূৰ ডাঙি উঠিছে। প্ৰতি বছৰে প্ৰায় ৮.৯ মিলিয়ন লোকৰ প্ৰাণ কাঢ়ি নিয়া আৰু দ্বিতীয়তম বৃহৎ ঘাটক ৰোগ হিচাপে চিহ্নিত হোৱা কেন্সাৰ ৰোগৰ নিৰ্মূলকৰণৰ বাবে সম্পূৰ্ন প্ৰতিকাৰৰ উপায় এতিয়া লৈকে পোৱা হোৱা নাই। বৈজ্ঞানিক সকলৰ মতে ঔষধ প্ৰতিৰোধী বেক্টেৰিয়া সমূহৰ দৰেই ঔষধ প্ৰতিৰোধী কেন্সাৰ কোষ সমূহেও বিভিন্ন ঔষধৰ ক্ৰিয়া প্ৰতিহত কৰাত সক্ষম। এই কোষ সমূহে ইহঁতৰ দেহৰ পৰা কেন্সাৰৰ ঔষধসমূহ বাহিৰ কৰি দিয়ে আৰু এনেকৈ নিজৰ আয়ুস বৃদ্ধি কৰে। প্ৰশ্ন হয়, এই ঔষধ প্ৰতিৰোধী কেন্সাৰ কোষ সমূহক প্ৰতিহত কৰিবলৈ কিবা উপায় আছেনে?

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মন্ডী আৰু উত্তৰ পূৱ পাৰ্বত্য বিশ্ববিদ্যালয়, শ্বিলংৰ গৱেষক সকলে চাইনটিফিক ৰিপোৰ্টচ  নামৰ পত্ৰিকা এখনত শেহতীয়াকৈ প্ৰকাশ কৰা এক অধ্যয়নত এনে এক অনুৰ বিষয়ে প্ৰকাশ কৰিছে যিয়ে কেন্সাৰ কোষ সমূহক ইহঁতৰ দেহৰ পৰা ঔষধ বহিষ্কাৰ কৰাত বাধা দিব। এই অধ্যয়নটো ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, মানৱ সম্পদ উন্নয়ন বিভাগ আৰু বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদৰ আৰ্থিক অনুমোদনৰ দ্বাৰা সম্পাদিত হৈছিল।

প্ৰত্যেক কোষৰ আবৰণীত কিছুমান প্ৰ’টিন পাম্প থাকে যিয়ে ইহঁতৰ প্ৰতিৰক্ষাত সহায় কৰে। এই পাম্প সমূহে ঔষধ, আয়ন আৰু অন্যান্য বহিৰাগত বস্তু কোষৰ পৰা বহিষ্কাৰ কৰাত সহায় কৰে। ঔষধ প্ৰতিৰোধী কেন্সাৰ কোষ সমূহত এই পাম্প সমূহ অত্যাধিক পৰিমানে থাকে আৰু কোষত থকা এ টি পি নামৰ শক্তি দায়ক এক অনুৰ সহায়ত কোষৰ পৰা কেন্সাৰৰ ঔষধ সমূহ বাহিৰ কৰি দিয়ে।

এ টি পি অনু সমূহ প্ৰ’টিন পাম্পৰ নিউক্লিঅ'টাইড বন্ধন স্থান নামৰ এক বিশেষ ঠাইত সংযোজিত হয়। এ টি পি অনুসমূহৰ পৰা নিৰ্গত হোৱা শক্তিয়ে কোষৰ পৰা ঔষধ সমূহ নিৰ্গমন কৰাৰ প্ৰক্ৰিয়াটো চলাই নিয়ে। গতিকে পাম্পৰ লগত এ টি পিৰ এই বান্ধোন অপৰিহাৰ্য্য় হৈ পৰে। এ টি পিৰ এই বিশেষ ভূমিকাৰ বাবে এই প্ৰ’টিন পাম্প সমূহক এ টি পি বাইণ্ডিঙ কেছেট (এ বি চি) পৰিবাহক হিচাপে জনা যায়।

এই অধ্যয়ন টোত গৱেষক সকলে এনে এক অনুৰ অন্নেষন কৰিছিল যিয়ে এ টি পিৰ সলনি ইয়াৰ ঠাইত প্ৰ’টিন পাম্পৰ নিউক্লিঅ'টাইড বন্ধন স্থানত সংযোজিত হ’ব পাৰে। এই প্ৰক্ৰিয়াই কোষৰ পৰা ঔষধ বহিস্কৰনৰ প্ৰক্ৰিয়াক বাধা দিব পাৰে । এই আৱিষ্কাৰৰ বাবে তেওঁলোকে আনৱিক ডকিং নামৰ এক প্ৰক্ৰিয়াৰ সহায় লৈছিল যিয়ে প্ৰ’টিন-প্ৰ’টিন বা প্ৰ’টিন- উৎসেচক আদিৰ পাৰস্পৰিক ক্ৰিয়া বা আকৰ্ষনৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰে।

গৱেষক সকলে এই অধ্যয়নটোৰ বাবে মানৱ দেহত থকা মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট প্ৰ’টিন ১ (বহু-ঔষধ প্ৰতিৰোধী প্ৰ’টিন ১) নামৰ প্ৰ’টিন এবিধ বাছি লৈছিল। যদিও এই প্ৰ’টিন বিধ সুস্থ মানুহৰ দেহটো থাকে, কেন্সাৰ আক্ৰান্ত লোকৰ দেহত ইয়াক বেছি পৰিমানে পোৱা যায়। ডকিং প্ৰক্ৰিয়াৰ সহায়ত গৱেষক সকলে আমেৰিকাৰ এফ ডি এ (খাদ্য আৰু ঔষধ প্রশাসন) নামৰ বিশিষ্ট এজেন্সিটোৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত কিছু ঔষধে এই প্ৰ’টিন বিধৰ ওপৰত কৰা ক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিছিল।

অধ্যয়নে প্ৰমাণ কৰিছিল যে পটাছিয়াম চাইট্ৰেট নামৰ ঔষধ বিধৰ মানৱ মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট প্ৰ’টিন ১ ৰ নিউক্লিঅ'টাইড বন্ধন স্থানৰ প্ৰতি আকৰ্ষণ আটাইতকৈ বেছি। সম্প্ৰতি পটাছিয়াম চাইট্ৰেট বৃক্কত হোৱা পাথৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত হৈ আছে।

গৱেষক সকলে পটাছিয়াম চাইট্ৰেট আৰু নিউক্লিঅ'টাইড বন্ধন স্থানৰ এই আকৰ্ষণৰ স্থায়িত্বৰ বিষয়েও অধ্যয়ন কৰিছিল। তেওঁলোকে পাইছিল যে এই আকৰ্ষণ অতি সুস্থিৰ।

“আমাৰ অধ্যয়নে প্ৰমাণ কৰে যে পটাছিয়াম চাইট্ৰেটে মানৱ মাল্টি ড্ৰাগ ৰেজিষ্টেণ্ট প্ৰ’টিনৰ অৱৰোধক হিচাপে কাম কৰে আৰু ই কেন্সাৰ কোষৰ পৰা ঔষধৰ নিষ্কাশন প্ৰক্ৰিয়া টোক বাধা দিবলৈ সক্ষম হ’ব”, গৱেষক সকলে জনায়।

গৱেষক সকলে কয় যে এই ঔষধ বিধৰ কাৰ্য্য়ক্ষমতা ভালদৰে জানিবলৈ জীৱ দেহত ইয়াৰ প্ৰভাৱৰ বিষয়ে অধিক অধ্যয়নৰ প্ৰয়োজন হ’ব। এই অধ্যয়নটো অৱশ্যেই মাল্টি ড্ৰাগ প্ৰতিৰোধী কেন্সাৰৰ প্ৰতিকাৰৰ দিশত প্ৰথম খোজ সমূহৰ অন্যতম হিচাপে চিহ্নিত হ’ব।