বিষাক্ত উশাহ: গৱেষণাৰ মতে ভাৰতত হোৱা প্ৰতি আঠটা মৃত্যুৰ ভিতৰত এটাৰ কাৰণ হৈছে বায়ু প্ৰদূষণ

Read time: 1 min
Bengaluru
22 Mar 2019
বিষাক্ত উশাহ: গৱেষণাৰ মতে ভাৰতত হোৱা প্ৰতি আঠটা মৃত্যুৰ ভিতৰত এটাৰ কাৰণ হৈছে বায়ু প্ৰদূষণ

বায়ু প্ৰদূষণ নামৰ এক অদৃশ্য ঘাটক বৰ্তমান সময়ৰ পৃথিৱীৰ প্ৰধান স্বাস্থ্যজনীত সমস্যা সমূহৰ মাজৰ অন্যতম আৰু দুখীয়া আৰু মধ্যবিত্ত দেশসমূহত ইয়াৰ প্ৰভাৱ আৰু ভয়াৱহ। ভাৰতত বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ কাৰনে সঠিক ব্য়ৱস্থা লবলৈ ইহতৰ কাৰণ আৰু পৰিনামৰ বিষয়ে সবিশেষ জানিব পৰাকৈ দেশৰ সকলো ৰাজ্যক সামৰি কৰা এক অধ্যয়নৰ প্ৰয়োজনীয়তা আছিল। লেন্সেট প্লেনেটাৰী হেল্থ  নামৰ পত্ৰিকা এখনত প্ৰকাশিত এক শেহতীয়া অধ্যয়নত গৱেষক সকলে আমাৰ দেশত বায়ু প্ৰদূষণৰ ফলত হোৱা ৰোগ, মৃত্যু, আৰু আয়ুস হ্ৰাসকৰণ আদিৰ বিষয়ে সবিশেষ তথ্য প্ৰকাশ কৰিছে।

এই অধ্যয়নটো ইণ্ডিয়া ষ্টেট লেভেল ডিজিজ বাৰ্ডেন ইনিচিয়েটিভ (বিভিন্ন ৰাজ্য়ত হোৱা বেমাৰ বা মৃত্যুৰ সমীক্ষা কৰা এক গোট) ৰ অধীনত আৰু ভাৰতীয় আয়ুৰবিজ্ঞান অনুসন্ধান পৰিষদ (আই চি এম আৰ), স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয় ভাৰত চৰকাৰ আৰু বিল আৰু মেলিণ্ডা গেটচ ফাউণ্ডেচনৰ আৰ্থিক অনুদানেৰে সমাপন কৰা হৈছিল।

গৱেষক সকলে বিভিন্ন ধৰণৰ বায়ু প্ৰদূষণ যেনে, চৌপাশৰ বস্তুকণা (পাৰ্টিকুলেট মেটাৰ) প্ৰদূষণ, আৰু ঘৰত হোৱা বায়ু প্ৰদূষণৰ বিষয়ে বিষদভাৱে অধ্যয়ন কৰিছিল। দুয়োটা ক্ষেত্রতে গৱেষক সকলে প্ৰদূষণ সৃষ্টি কৰা পিএম ২৫ নামৰ বস্তুকণা বিধে আমাক কেনেকৈ প্ৰভাৱান্নিত কৰিছে তাক অধ্য়য়ন কৰিছিল । এই ক্ষুদ্ৰ বস্তুকণা সমূহ আমাৰ চুলিৰ ব্যাসৰ প্ৰায় ৩ শতাংশৰ সমান হ’ব।

“আমাৰ দেশৰ চাৰিভাগৰ তিনিভাগতকৈও অধিক লোক অত্যাধিক হাৰত বায়ুত থকা বস্তুকনাৰ দ্বাৰা প্ৰভাৱান্নিত হয়”, গৱেষকসকলে জনায়। ২০১৭ চনত বায়ু প্ৰদূষণৰ ফলত ১.২৪ মিলিয়ন ভাৰতীয়ৰ মৃত্যু হৈছিল যি গড়ে ভাৰতত হোৱা আঠটা মৃত্যুৰ ভিতৰত এটাৰ সমান। অধ্যয়নটোৰ মতে বায়ু প্ৰদূষণৰ ফলত মৃত্যু হোৱা এই লোক সকলৰ প্ৰায় ০.৬৭  মিলিয়ন লোকে চৌপাশৰ বস্তুকণা প্ৰদূষণ আৰু ০.৪৮ মিলিয়ন লোকে ঘৰুৱা বায়ু প্ৰদূষণৰ ফলত প্ৰাণ হেৰুৱাইছিল। এতিয়াও আমাৰ দেশত প্ৰায় ৫৬% লোকে ৰন্ধন কাৰ্য্যৰ কাৰণে খৰি, গোবৰ, কৃষিকাৰ্যৰ অৱশিষ্ট আৰু কয়লা ইত্যদিৰ ব্যৱহাৰ কৰে আৰু এইবোৰেই ঘৰুৱা বায়ু প্ৰদূষণ সৃষ্টিৰ প্ৰধান কাৰণ।

এই ভুক্তভোগী সকলৰ আধাসংখ্যকেই ৭০ৰ অনুৰ্ধৰ লোক। অধ্যয়নটোৱে উল্লেখ কৰে যে ভাৰতত পৃথিৱীৰ প্ৰায় ১৮% লোকে বাস কৰে যদিও গোটেই বিশ্বত বায়ু প্ৰদূষণৰ ফলত সময়তকৈ আগতেই হোৱা মৃত্যু আৰু স্বাস্থ্যজনিত ক্ষতিৰ ২৬ শতাংশই ভাৰতৰ পৰা হয় ।

যদিও মূলতঃ হাওঁফাওঁৰ ৰোগ সমূহহে বায়ু প্ৰদূষণৰ লগত জড়িত বুলি ভবা হয়, গৱেষক সকলে লক্ষ্য কৰিছিল যে বায়ু প্ৰদূষণৰ ফলত হোৱা ৩৮% ৰোগেই হৃদজনিত (কাৰ্ডিও ভাচকুলাৰ) ৰোগ বা মধুমেহৰ লগত জড়িত আছিল। মন কৰিবলগীয়া আন এটা কথা হৈছে ভাৰতত বায়ু প্ৰদূষণে ধূম্ৰপানৰ লগত জড়িত বেমাৰ যেনে ক’ৰ’নাৰী ধমনী বেমাৰ, স্ট্রোক আৰু হাওঁফাওঁৰ কৰ্কট ইত্যাদি ৰোগৰো কাৰক হিচাপে কাম কৰে।

বায়ু প্ৰদূষণে আমাৰ জীৱনৰ মূল্যৱান একাংশ সময়ো কাঢ়ি লৈ যায়। “আমি গণনা কৰি উলিয়াইছো যে ভাৰতত বায়ু প্ৰদূষণৰ মাত্ৰা স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক মাত্ৰাতকৈ কম হোৱা হ’লে ২০১৭ চনত আমাৰ গড় আয়ুস প্ৰায় ১.৭ বছৰ বেছি হ’লহেঁতেন। ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ বাবে এই বৃদ্ধি প্ৰায় ২ বছৰতকৈও অধিক হ’লহেতেন”, গৱেষক সকলে জনায়।

বিভিন্ন ৰাজ্যত হোৱা বায়ু প্ৰদূষণৰ মাত্ৰা সমান নহয়। উত্তৰ প্ৰদেশ, বিহাৰ, দিল্লী আৰু হাৰিয়ানাত ক্ষুদ্ৰ বস্তুকনাৰ হাৰ অতি বেছি আৰু দিল্লীত ইয়াৰ মাত্ৰা সৰ্বাধিক। গৱেষক সকলে আশা প্ৰকাশ কৰিছে যে ৰাজ্য ভিত্তিত হোৱা এই অধ্যয়ন বিভিন্ন ৰাজ্যৰ কাৰণে প্ৰয়োজনীয় সমাধান সৃষ্টি কৰাত সহায়ক হ’ব।

“বায়ু প্ৰদূষণৰ দৰে কাৰণৰ পৰা হোৱা মৃত্যু আৰু বেমাৰৰ হাৰ কম কৰিবলৈ হ’লে তৎকালেই ভাৰতৰ প্ৰতিখন ৰাজ্যতে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ উচিত নীতি বলবৎ কৰাটো প্ৰয়োজনীয়”, গৱেষক সকলে কয়।