ভাৰতৰ নগৰীয়া আৰু চহকী পৰিয়াল সমুহত কাৰ্ডিওভাচকুলাৰ ৰোগৰ সম্ভাবনা অধিক

Read time: 1 min
Bengaluru
27 Sep 2018
পুৰৱী দেশপান্ডে

হৃদযন্ত্ৰ আৰু ৰক্তবাহিকা নলীৰ লগত জড়িত কাৰ্ডিওভাচকুলাৰ (চি ভি ডি) বা হৃদ বাহিকা ৰোগ প্ৰধান ঘাটক ৰোগ সমূহৰ মাজত অন্যতম। ভাৰতত এই ৰোগৰ ফলত হোৱা মৃত্যুৰ হাৰ আটাইতকৈ বেছি (২৫%) আৰু ই দ্বিতীয় আৰু তৃতীয় স্থানত থকা ঘাটক যক্ষ্মা (টিউবাৰকুলোচিচ) আৰু শ্বাসপ্রস্বাসৰ ৰোগ এই দুয়োটাতে  মিলি হোৱা প্ৰানহাণীতকৈও অধিক। স্বাস্থ্য কৰ্মীসকলে অনুমান কৰিছে যে আমাৰ জীৱন যাত্ৰাত হোৱা পৰিবৰ্তন, মেদবহুলতা, অস্বাস্থ্যকৰ আহাৰ, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আৰু ধঁপাত আৰু সুৰাৰ অত্যাধিক ব্যৱহাৰে ভবিষ্য়তত এই ৰোগৰ প্ৰাদূৰ্ভাৱ আৰু বৃদ্ধি কৰিব।

আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু হাৰ্ভাৰ্ড মেডিকেল স্কুল, জাৰ্মানীৰ ইউনিভাৰ্চিটি অফ গোএটিন্গেন্ আৰু ভাৰতৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ পাব্লিক হেল্থৰ এক সমূহীয়া প্ৰচেষ্টাত সামাজিক জনসাংক্ষিকীয় আৰু ভৌগলিক তথ্যৰ ভিত্তিত ভাৰতবৰ্ষত  চি ভি ডি ৰ আশংকাৰ বিষয়ে অধ্যয়ন কৰা হৈছিল। ভাৰতবৰ্ষৰ ২৭ খন ৰাজ্য আৰু ৫ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩০ ৰ পৰা  ৪৭ বছৰ বয়সৰ প্ৰায় ৭,৯৭,৫৪০ জন লোকৰ ওপৰত কৰা এই অধ্যয়নৰ ফলাফল সমূহ ‘প্লচ ৱান’ নামৰ এক পত্ৰিকাত প্ৰকাশিত হৈছে।

কাৰ্ডিওভাচকুলাৰ ৰোগৰ সাম্ভাব্য আশংকাৰ বিষয়ে জিলা স্তৰৰ বুজাপৰাৰে কৰা দেশভিত্তিক অধ্যয়নটো এই স্তৰত হোৱা প্ৰথম অধ্যয়নবোৰৰ মাজত অন্যতম। গৱেষণাটোৰ উদ্দেশ্য় ব্য়াখ্য়া কৰি গৱেষক সকলে কয় “যিহেতু ভাৰতৰ চিকিৎসা পদ্ধতি ৰাজ্যিক স্তৰত বিকেন্দ্ৰীকৃত হৈ আছে, গতিকে বেলেগ বেলেগ ৰাজ্যত চি ভি ডিৰ সম্ভাব্য আশংকাৰ পাৰ্থক্য জনাটো অতি প্ৰয়োজনীয়। ই চি ভি ডিৰ প্ৰতিকাৰৰ বাবে প্ৰয়োজনীয় লোকসকলৰ বাছনি, চিকিৎসা পদ্ধতিৰ বাছনি আৰু ৰাজ্যিক আৰু জিলা ভিত্তিত স্বাস্থ্য প্ৰণালীৰ পৰিকল্পনাত সহায়ক হব।”

 

Fig 1: Age-standardized state-level mean 10-year risk of a cardiovascular disease event by sex.
[Source: http://journals.plos.org/plosmedicine/article?id=10.1371/journal.pmed.1…]

গৱেষণাটোৰ বাবে প্ৰয়োজনীয় তথ্য় সমূহ ২০১০ চনৰ পৰা ২০১৪ চনলৈ কৰা বাৰ্ষিক স্বাস্থ্য জৰীপ আৰু জিলাভিত্তিক গৃহ জৰীপৰ পৰা সংগ্ৰহ কৰা হৈছিল। বাসভৱনৰ অৱস্থানৰ লগতে চি ভি ডি ৰ কাৰক যেনে বডী মাছ ইণ্ডেক্স (বি এম আই), অধিক মাত্ৰাত থকা তেজৰ গ্লূক’জৰ পৰিমাণ, উচ্চ ৰক্তচাপ আৰু ধূম্ৰপানৰ অভ্যাস আদিৰ বিষয়েও তথ্য় সংগ্ৰহ কৰা হৈছিল। ব্যক্তি এজনে আগন্তুক দহ বছৰত চি ভি ডিৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনাৰ পূৰ্বানুমান কৰাত এই তথ্য় সমূহে সহায় কৰিছিল।

অধ্যয়নটোত অনুমান কৰা মতে ৰাষ্ট্ৰীয় পৰ্যায়ত আগন্তুক দহ বছৰত চি ভি ডিৰ শংকা অত্যাধিক হোৱাৰ (৩০%) সম্ভাৱনা আছে আৰু পুৰুষৰ ক্ষেত্ৰত এই হাৰ মহিলাতকৈ দুগুন। ভৌগলিক অৱস্থান বিশেষে এই হাৰ বেলেগ বেলেগ আৰু উত্তৰ, উত্তৰ-পূব আৰু দক্ষিণ ভাৰত চি ভি ডিৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে।

 

Fig 2: Age-standardized state-level mean 10-year risk of a cardiovascular disease event by rural versus urban area.
[Source: http://journals.plos.org/plosmedicine/article?id=10.1371/journal.pmed.1…]

গৱেষণাটোৰ মতে চহৰত বাস কৰা প্ৰাপ্ত বয়স্ক লোক আৰু চহকী পৰিয়াল সমূহত চি ভি ডি হোৱাৰ আশংকা অধিক। যদিওঁ ধূম্ৰপানৰ মাত্ৰা দুখীয়া আৰু গ্ৰাম্য অঞ্চলত অধিক, চি ভি ডি ৰ বাকী কাৰক যেনে অধিক বি এম আই, তেজৰ শৰ্কৰা, উচ্চ ৰক্তচাপ আদি চহকী নগৰীয়া পৰিয়ালত অধিক। লক্ষণীয় ভাৱে পুৰুষৰ ক্ষেত্ৰত ধূম্ৰপানৰ হাৰ (২৬.২%) মহিলাতকৈ বহু বেছি (১.৮%)।

এই অধ্যয়নটোৱে অঞ্চল ভেদে চি ভি ডি হোৱাৰ সম্ভাৱনাত থকা পাৰ্থক্যবিলাক চিনাক্ত কৰি অধিক আশংকা থকা ঠাই সমূহত চি ভি ডি ৰ প্ৰতিকাৰৰ বাবে ব্যৱস্থা লোৱাত সহায় কৰিব। গৱেষক সকলে জনায় যে “জিলা ভিত্তিত থকা চি ভি ডি ৰ সম্ভাৱনা সেই জিলা খনৰ আৰ্থ সামাজিক উন্নতি আৰু নগৰীকৰণৰ হাৰৰ লগত জড়িত হৈ থাকে আৰু দেশৰ বিকাশৰ লগে এই সম্ভাবনা আৰু অধিক হ’ব আৰু ইয়াৰ প্ৰতিকাৰৰ কাৰনে প্ৰয়োজনীয় ব্য়ৱস্থা সমূহ অপৰিহাৰ্য্য় হৈ পৰিব ।”

ভাৰতীয় সকলৰ আৰ্থিক অবস্থা আৰু জীৱন যাত্ৰাৰ মানদন্দ উন্নীত হোৱাৰ লগে জীৱন শৈলী অস্বাস্থ্যকৰ হৈ পৰিছে। চিন্তনীয় বিষয় হৈছে যে ইয়াৰ সমসাময়িক ভাৱে চি ভি ডিৰ দৰে ভয়ানক ৰোগসমূহৰ মাত্ৰা বাঢ়ি গৈ আছে।