দ্ৰুত উৎপাদনক্ষম ধানৰ প্ৰকাৰে গ্ৰীণ হাউচ গেছৰ নিৰ্গমন হ্ৰাস কৰাতো সহায় কৰে

Read time: 1 min
Bengaluru
28 Nov 2018

ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান, কটকৰ গৱেষক সকলে তেওঁলোকৰ সহযোগী প্ৰতিষ্ঠানসমূহৰ লগত মিলি কৰা এক শেহতীয়া অধ্যয়নত পূৱ ভাৰতত উৎপাদিত হোৱা সাত বিধ ধানৰ মিথেন গেছ নিৰ্গমন কৰাৰ পদ্ধতি সমূহ পোহৰলৈ আহিছে। গৱেষণাটোৰ ফলাফল সমূহ চাইন্স অফ দ্যা টোটেল এনভাৰমেণ্ট  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

মিথেন আৰু অন্যান্য গ্ৰীণ হাউচ গেছ সমূহে বায়ুমণ্ডলত উত্তাপ ধৰি ৰাখে আৰু গোলকীয় উষ্ণতা বৃদ্ধিত সহায় কৰে। মানব জাতিৰ দ্বাৰা পৰিচালিত এনে পৰিবেশ পৰিৱৰ্তন প্ৰক্ৰিয়াত মিথেন গেছে দ্বিতীয় বৃহত্তম কাৰক হিচাপে কাম কৰে। খাদ্য সুৰক্ষাত বিশেষ ভূমিকা থাকিলেও মিথেন গেছৰ নিৰ্গমক হিচাবে ধানৰ এক ঋনাত্মক ভূমিকাও আছে। পানীৰে উপচি থকা ধানখেতিৰ পথাৰে এনেকুৱা কিছুমান বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে যিয়ে মাটিত থকা জৈৱ পদাৰ্থ সমূহৰ পৰা মিথেন প্ৰস্তুতকৰনত সহায় কৰে। ধান খেতিৰ আৱৰ্জনা আৰু ধানৰ শিপাৰ পৰা নিৰ্গত হোৱা জৈৱ পদাৰ্থ সমূহেও মিথেন গেছৰ উৎস হিচাপে কাম কৰে। এইবোৰৰ উপৰিও ধান গছ সমূহে ইহঁতৰ দেহত থকা কৈশিক ছিদ্রৰ সহায়ত মাটিত থকা মিথেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে।

জীৱন চক্ৰৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰি গৱেষক সকলে এই অধ্যয়নটোৰ বাবে সাত বিধ ধানৰ প্ৰকাৰৰ নিৰ্বাচন কৰিছিল আৰু মিথেন গেছৰ নিৰ্গমনত এই ধানসমূহৰ অৰিহণাৰ বিশ্লেষণ কৰিছিল। তেওঁলোকে মিথেন নিৰ্গমনৰ হাৰ, শিপাই এৰি দিয়া পদাৰ্থ আৰু কাণ্ডত থকা এৰেনকাইমা নামৰ গেছ পৰিবাহী কলাত থকা ছিদ্রৰ ওপৰত অধ্যয়ন কৰিছিল।

মূল আৱিষ্কাৰৰ বিষয়ে বৰ্ণনা কৰি গৱেষক সকলে কয় যে, "মিথেন গেছৰ নিৰ্গমনৰ হাৰ এৰেনকাইমা কলাৰ অভিযোজন, শিপাৰ পৰা হোৱা ক্ষৰণ আৰু জৈৱ পদাৰ্থ উৎপাদনৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰে” ।

গৱেষক সকলৰ মতে ওপৰোক্ত কাৰক সমূহ ধানৰ জীৱন চক্ৰৰ দৈৰ্ঘ্য আৰু ইয়াৰ অভিযোজনৰ লগত জড়িত হৈ থাকে। "চুটি জীৱন চক্ৰৰ ধানৰ প্ৰকাৰ সমূহে আটাইতকৈ কম মিথেন আৰু দীঘলীয়া জীৱন চক্ৰ যুক্ত ধানৰ প্ৰকাৰ সমূহে আটাইতকৈ বেছি মিথেন নিৰ্গমন কৰে। শস্য উৎপাদনৰ তুলনাত হোৱা মিথেন নিৰ্গমনৰ হাৰো চুটি আৰু মধ্যম দৈৰ্ঘ্যৰ ধানৰ প্ৰকাৰ সমূহত আটাইতকৈ কম,” গৱেষক সকলে জনায়।

ধানৰ দ্বাৰা মিথেন নিৰ্গমনৰ হাৰত থকা এই পাৰ্থক্যই প্ৰমাণ কৰে যে খেতিৰ বাবে উপযুক্ত জাতৰ ধানৰ নিৰ্বাচনে মিথেন নিৰ্গমনৰ সমস্যা হ্ৰাস কৰাত সহায় কৰিব ।

“পৰিবেশ, জীৱন চক্ৰৰ দৈৰ্ঘ্য আৰু কম মিথেন নিৰ্গমন কৰাৰ সম্ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰি ধানৰ প্ৰকাৰ প্ৰস্তুত কৰাটো সম্ভৱপৰ আৰু এই জাতসমূহ গ্ৰীণ হাউচ গেছৰ নিৰ্গমন ৰোধ কৰাত অতি সহায়ক হ’ব,” গৱেষক সকলে জনায়।