সময়পূৰ্বক প্ৰসৱ চিনাক্ত কৰিব পৰা এক সাধাৰন ৰক্তপৰীক্ষা যিয়ে বচাব পাৰে বহু অপৈণত নৱজাতকৰ প্ৰাণ

Read time: 1 min5 Apr 2019
সময়পূৰ্বক প্ৰসৱ চিনাক্ত কৰিব পৰা এক সাধাৰন ৰক্তপৰীক্ষা যিয়ে বচাব পাৰে বহু অপৈণত নৱজাতকৰ প্ৰাণ

মানুহৰ ক্ষেত্ৰত এক সুস্থ গৰ্ভাৱস্থাৰ দৈৰ্ঘ্য় হৈছে প্ৰায় ৪০ সপ্তাহ। অৱশ্য়ে বিশ্বত প্ৰতিবছৰে প্ৰায় ১৫ মিলিয়ন নৱজাতকৰ সময়পূৰ্বক ভাৱে বা ৩৭ সপ্তাহৰ আগতেই জন্ম হয়। সময়তকৈ আগতেই হোৱা জন্মৰ ফলত হোৱা জটিলতাৰ বাবে প্ৰতিবছৰে প্ৰায় এক মিলিয়ন শিশুৱে প্ৰাণ হেৰুৱাই আৰু পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ ই এক প্ৰধান কাৰণ। ভাৰতত প্ৰতিবছৰে প্ৰায় ৩.৫ মিলিয়ন অপৈণত শিশুৰ জন্ম হয়। গৰ্ভাৱস্থাত শিশুৰ বিকাশ পৰীক্ষণৰ বাবে প্ৰয়োজনীয় আলট্ৰাচাউণ্ড যন্ত্ৰৰ সুবিধা নথকা ঠাইত এনে প্ৰসৱৰ চিনাক্তকৰণ জটিল হৈ পৰে।

শেহতীয়াকৈ কানাডা আৰু বাংলাদেশৰ এক গৱেষক দলে এক এনেকুৱা ৰক্ত পৰীক্ষাৰ উদ্ধাৱন কৰিছে যিয়ে গৰ্ভাৱস্থাৰ দৈৰ্ঘ্যৰ বিষয়ে অনুমান কৰিব পাৰে আৰু ই অপৈণত নৱজাতকৰ চিনাক্তকৰণত সহায়ক হোৱাৰ সম্ভাৱনা আছে । প্ৰতি নৱজাতকৰ তেজত কিছুমান ৰাসায়নিক পদাৰ্থ বা মেটাবলাইট থাকে আৰু মাতৃৰ গৰ্ভত  কিমান দেৰি আছিল ইয়াৰ ওপৰত ভিত্তি কৰি ইহঁতৰ মাত্ৰাও ভিন্ন হয়। এই অধ্যয়নত গৱেষক সকলে এক গণিতীয় ফৰ্মূলা বিকাশ কৰিছিল যাৰ সহায়ত এই ৰাসায়নিক পদাৰ্থ সমূহৰ ওপৰত ভিত্তি কৰি গৰ্ভাৱস্থাৰ দৈৰ্ঘ্যৰ বিষয়ে অনুমান কৰিব পাৰি। কানাডাত সুকলমে পৰীক্ষা কৰাৰ পাছত বাংলাদেশৰ মতলব নামৰ এক গ্ৰামীণ ঠাইৰ ১০৬৯  নৱজাতকৰ মাজত ইয়াৰ পৰীক্ষণ কৰা হৈছিল। অধ্যয়নটোৰ বাবে তেওঁলোকে নাভি সংলগ্ন নাড়ীৰ পৰা ১০৩৬ টা আৰু গেৰোহাৰ (হীল প্ৰিক) পৰা ৪৮৭  টা তেজৰ নমুনা সংগ্ৰহ কৰিছিল। তেজৰ নমুনাৰ ওপৰত ভিত্তি কৰি কৰা পৰীক্ষাৰ শুদ্ধতা জানিবলৈ মাতৃ সকলৰ আলট্ৰাচাউণ্ড স্কেন ৰিপোৰ্টো সংগ্ৰহ কৰা হৈছিল, আৰু এই দুয়োটা পদ্ধতিৰে নিৰুপণ  কৰা গৰ্ভাৱস্থাৰ দৈৰ্ঘ্য়ৰ তুলনা কৰা হৈছিল।

গৱেষক সকলে মন কৰিছিল যে তেওঁলোকৰ এই নতুন পদ্ধতিয়ে আলট্ৰাচাউণ্ড পদ্ধতিৰ সমান সফলতাৰে বা ইয়াৰ মাত্ৰ এক বা দুই সপ্তাহ ইফাল সিফাল হোৱাকৈ গৰ্ভাৱস্থাৰ দৈৰ্ঘ্য় নিৰ্ধাৰণ কৰিব পাৰে। যদিও নাভি সংলগ্ন নাড়ী আৰু গেৰোহাৰ পৰা সংগৃহীত তেজ এই দুয়োটা নমুনাৰ পৰাই এই অনুমান কৰিব পাৰি, গেৰোহাৰ পৰা লোৱা তেজৰ নমুনাৰ পৰা কৰা অনুমান অধিক শুদ্ধ বুলি প্ৰমাণিত হৈছিল। গৱেষক সকলৰ মতে ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ আচল মডেলটো যাক গেৰোহাৰ তেজৰ নমুনা ব্যৱহাৰ কৰি বিকাশ কৰা হৈছিল। অৱশ্যে নৱজাতক সকলৰ অভিভাৱক সকলে নাভি সংলগ্ন নাড়ীৰ পৰা তেজৰ নমুনা লোৱা পদ্ধতিটোক বেছি সমৰ্থন কৰিছিল কাৰণ তেওঁলোকে শিশুৰ পৰা গেৰোহাত বিন্ধা কৰি তেজ লোৱা কথাতো পচন্দ কৰা নাছিল।

অপৈণত নৱজাতক সকলৰ পৰা তেজৰ নমুনা সংগ্ৰহৰ কাৰণে অভিভাৱক সকলৰ পৰা অহা বাধাই এই অধ্যয়নৰ এক অন্তৰায় হিচাপে দেখা দিছিল। অধ্যয়নটোৰ বাবে প্ৰয়োজনীয় বেছিভাগ তেজৰ নমুনাই সঠিক সময়ত জন্ম ধাৰণ কৰা পৈনত নৱজাতকৰ পৰা লোৱা হৈছিল আৰু অতি অপৈণত (২৮-৩২ সপ্তাহত জন্মা) আৰু অতিকৈ অপৈণত (২৮ সপ্তাহৰো আগত জন্ম পোৱা) নৱজাতকৰ পৰা পোৱা তেজৰ নমুনা অতি সীমিত আছিল। ইয়ে তেওঁলোকৰ এই পদ্ধতিৰ সঠিক মূল্যায়নত বাধাৰ সৃষ্টি কৰিছিল।

ভাৰতৰ দৰে দেশ সমূহ য’ত  আলট্ৰাচাউণ্ড স্কেন আদিৰ সুবিধা অতি সীমিত তাত এই নতুন কম খৰচী পদ্ধতিটোৱে সময়ৰ আগতে জন্ম লাভ কৰা নৱজাতকৰ চিনাক্ত কৰণত অতি সহায়ক হব। গৱেষক সকলৰ মতে অপৈণত শিশুৰ জন্মৰ হাৰ কম কৰাৰ উপায় নিৰূপন কৰাৰ বাবে গৰ্ভাৱস্থাৰ সময়ৰ এক উচিত সমীক্ষাৰ প্ৰয়োজন। “এনেকুৱা অধ্যয়নৰ ফলাফল সমূহে অপৈণত নৱজাতকৰ পৰিচৰ্য্যাৰ কাৰণে উচিত ব্যৱস্থা লোৱাটো সহায় কৰিব”, গৱেষক সকলে জনায় ।