চিৰিয়াখানা বা অৰণ্য এখনত প্ৰৱেশ কৰাৰ লগে লগে দেখা পোৱা অসংখ্য পহুয়ে আমাৰ মনলৈ এক ধাৰণা আনে যে গোটেই পৃথিৱীত ইহঁতৰ সংখ্যা নিশ্চয় অজস্ৰ হ’ব। কিন্তু বনাঞ্চল ধ্বংস কৰণ আৰু বৰ্ধিত চিকাৰৰ ফলত ইহঁতৰ সংখ্যা কমি আহিছে। ভাৰতীয় খটীয়া পহু, বন্যপ্ৰাণী (সুৰক্ষা) আইন ১৯৭২ ৰ অধীনত সুৰক্ষীত এক বিপন্ন প্ৰাণী। এছিয়াৰ বহু ঠাইত বাস কৰা এই সৰু জাতৰ পহু বিধৰ বৈজ্ঞানিক নাম হৈছে এক্সিচ প’ৰচাইনাছ। ভাৰতীয় বন্যজীৱ সংস্থান, ডেৰাডুনৰ গৱেষক সকলে কৰা এক শেহতীয়া অধ্যয়নত উত্তৰ পূৰ্বাঞ্চলত খটীয়া পহুৰ এক উপ-প্ৰজাতিৰ সম্ভেদ পাইছে, যাক আগতে কেৱল দক্ষিণ পূব এছিয়াতেই সীমাবদ্ধ হৈ থকা বুলি ভৱা হৈছিল।
খটীয়া পহুৰ দুটা উপ-প্ৰজাতি আগৰ পৰাই পৰিচিত। এক্সিচ প’ৰচাইনাছ প’ৰচাইনাছ বা পশ্চিমীয়া জাতিটো পাকিস্থানৰ কিছু অংশ, নেপাল আৰু ম্যানমাৰলৈকে বিয়পি থকা হিমালয়ৰ নামনি অংশত দেখা যায়। আনটো উপ-প্ৰজাতি এক্সিচ প’ৰচাইনাছ আন্নামাইটিকাচ বা পূৰ্বীয় জাতিটো থাইলেণ্ড, ইণ্ডো-চীনা, লাওছ, কম্বোডিয়া আৰু ভিয়েটনামৰ বিভিন্ন অংশত পোৱা যায় আৰু ভাৰতত ইহঁতৰ বসতিৰ বিষয়ে ভালকৈ জনা হোৱা নাই।
এই অধ্যয়নত গৱেষক সকলে মণিপুৰৰ কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানৰ পৰা এক্সিচ পৰচাইনাছ আন্নামাইটিকাচ নামৰ উপ-প্ৰজাতিটো আবিষ্কাৰ কৰে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক অনুসন্ধান বোৰ্ড-বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ, ভাৰতীয় বন্যপ্ৰাণী সংস্থান আৰু পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থিত এই অধ্যয়নটোৰ ফলাফল সমূহ চাইন টিফিক ৰিপোৰ্টচ নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে। এই অধ্যয়নে প্ৰমাণ কৰে যে পূৰ্বীয় জাতিৰ এই পহু সমূহ মণিপুৰলৈকে বিয়পি আছে, পূৰ্বতে ইহঁতক কেৱল থাইলেণ্ডলৈকে বিয়পি থকা বুলি ভৱা হৈছিল।
অধ্যয়নটোৰ বাবে গৱেষক সকলে ভাৰতৰ বিভিন্ন ঠাই যেনে উত্তৰাখণ্ড, পঞ্জাৱ, উত্তৰ প্ৰদেশ, অসম আৰু মণিপুৰৰ পৰা খটীয়া পহুৰ সৰি পৰা শিং, বিষ্ঠা, আৰু দেহৰ অৱশেষ সংগ্ৰহ কৰিছিল। এই নমুনা সমূহৰ পৰা সংগ্ৰহ কৰা ডিএনএ ৰ সহায়ত তেওঁলোকে অধ্যয়ন আৰম্ভ কৰিছিল। জিনীয় তথ্যৰ ভিত্তিত খটীয়া পহুৰ আবাদীক দুটা ভাগত বিভক্ত কৰা হৈছিল, য’ত মণিপুৰৰ পৰা সংগৃহীত নমুনা সমূহ এটা ভাগত আৰু বাকী সকলো নমুনা আনটো ভাগত অন্তৰ্ভূক্ত হোৱা দেখা গৈছিল। জিনীয় লক্ষণ সমূহ পৰীক্ষা কৰি গৱেষক সকল এই সিদ্ধান্তত উপনীত হৈছিল যে মণিপুৰত পোৱা খটীয়া পহুৰ এই সৰু আবাদীটো পূৰ্বীয় গোটৰ এ. পি. আন্নামাইটিকাচ নামৰ উপ-প্ৰজাতিৰ অন্তৰ্ভুক্ত।
অধ্যয়নত এই কথাও পোহৰলৈ আহিছিল যে মাত্ৰ এশ মান সদস্য থকা এই আবাদীটোৰ জিনীয় বৈচিত্ৰ অতি সীমিত আৰু ইহঁতৰ বিলুপ্ত হোৱাৰ সম্ভাৱনা বেছি।
এই অধ্যয়নটোৰ মুখ্য গৱেষক আৰু ভাৰতীয় বন্যপ্ৰাণী সংস্থানৰ বৈজ্ঞানিক ডঃ এচ কে গুপ্তাই কয়, “মণিপুৰৰ পূৰ্বীয় খটীয়া পহু সমূহৰ সংৰক্ষণৰ বাবে সঠিক ব্যৱস্থাপনা কৰাটো অতি প্ৰয়োজন”। তেওঁ সকীয়াই দিয়ে যে সময়মূলক ব্যৱস্থা ন’ললে বাসস্থান ধ্বংসৰ ফলত ইহঁত বিলুপ্ত হৈ যাব পাৰে।
গৱেষক সকলে আৰু বিশ্বাস কৰে ইহঁতৰ বিবৰ্তনীয় আৰু পৰিবেশগত তাৎপৰ্যৰ বাবে এই পূৰ্বীয় উপ-প্ৰজাতিটো সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ। ইহঁতে ইতিমধ্যেই আন দেশসমূহত নিজৰ বাসস্থান হেৰুৱাইছে।
শেহতীয়াকৈ বৰ্ণিত হোৱা খটীয়া পহুৰ এই আবাদীৰ সংৰক্ষণৰ উপায়ৰ বিষয়ে বৰ্ণনা কৰি ডঃ গুপ্তাই কয় যে, “বেলেগ বেলেগ জিনীয় বৈচিত্ৰ যুক্ত নিৰ্বাচিত খটীয়া পহুৰ আবদ্ধ প্ৰজননৰ ব্যৱস্থা কৰি আনুবংশীক ভিন্নতা থকা পোৱালীৰ জন্ম দিব পৰা যায়”।