ব্ৰহ্মপুত্ৰ নদীৰ প্লাৱন-ভূমিৰ ভূ-জলত থকা আৰ্চেনিক, ফ্ল`ৰাইড আৰু ইউৰেনিয়ামে শিশুৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাইছে নেকি?

Read time: 1 min
Bengaluru
26 Sep 2018
Photo : Vignesh Kamath / Research Matters

অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগ আৰু গুজৰাটৰ আই আই টি গান্ধীনগৰৰ পৃথিৱী বিজ্ঞান বিভাগে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-জলৰ ওপৰত কৰা এক গৱেষণাত কিছু চিন্তাজনক তথ্য পোহৰলৈ আহিছে। গৱেষণাটোত পৰীক্ষা কৰা এই অঞ্চলৰ ভূ-জলত আৰ্চেনিক, ফ্ল`ৰাইড আৰু ইউৰেনিয়াম পোৱা গৈছে যিয়ে আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

পৃথিৱীৰ বিভিন্ন দেশৰ ভূ-জলত আৰ্চেনিক আৰু ফ্ল`ৰাইড প্ৰাকৃতিক ভাৱেই উপস্থিত আছে। ভাৰতৰ ভূ-জলত পশ্চিমবংগ, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্য সমূহত আৰ্চেনিক; অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু অসমত ফ্ল`ৰাইড আৰু অন্ধ্ৰ প্ৰদেশ, ঝাড়খণ্ড আৰু মেঘালয়ত ইউৰেনিয়াম পোৱা যায়। অৱশ্যে ব্ৰহ্মপুত্ৰৰ প্লাৱন-ভূমিৰ ভূ -জলত এই আটাইকেইটা উপাদান একেলগে জোখা এইটোৱেই প্ৰথম অধ্যয়ন।

ব্ৰহ্মপুত্ৰৰ প্লাৱন-ভূমি পলস পৰি সাৰুৱা হয় সেয়েহে খেতি বাতি কৰিবলৈ মানুহে এই অঞ্চলৰ ওপৰত অধিক নিৰ্ভৰ কৰে। পানীত থকা বিষাক্ত পদাৰ্থবোৰে কেনেকৈ এই মানুহখিনিৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে তাক এই গৱেষণাটোত অধ্যয়ন কৰা হৈছিল।এই অধ্যয়নটোৰ ফলাফল সমূহ ‘কেমোস্ফীয়াৰ’ নামৰ পত্ৰিকা খনত প্ৰকাশ পাইছে। গৱেষকসকলে জনায় যে ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমিত ইউৰেনিয়ামৰ উপস্থিতি আৰু ইয়াৰ পৰা হোৱা প্ৰদূষণৰ বিষয়ে তথ্যৰ অভাবে এই অঞ্চলৰ মানুহৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পাৰে।

এই অধ্যয়নত ব্যৱহৃত ভূজলৰ নমুনা সমূহ টিউবেলৰ জৰিয়তে ২০১১ পৰা ২০১২ চনৰ ভিতৰত সংগ্ৰহ কৰা হৈছিল। তেওঁলোকে এই অঞ্চলৰ পৰা সংগৃহীত পলসো অধ্যয়ন কৰিছিল। সংগৃহীত নমুনা সমূহত থকা উপাদান সমূহ অধ্যয়নৰ বাবে স্কেনিং ইলেকট্রন অণুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল। ইউ এচ্ এনভাৰমেণ্টেল প্ৰ’টেকচ্ন এজেন্সিৰ (USEPA) দিক-নিৰ্দেশনা অনুসৰণ কৰি তেওঁলোকে এই প্ৰদূষিত পানী সেৱনৰ ফলত কেন্সাৰ আৰু আন বেমাৰ হোৱাৰ সম্ভাৱনাৰ বিষয়েও অধ্যয়ন কৰিছিল।

অধিক অধ্যয়নে পোহৰলৈ আনে যে কেইটামান নমুনাক বাদ দি বেছিভাগ ভূ-জলৰ নমুনাত থকা আৰ্চেনিক আৰু ফ্ল`ৰাইডৰ মাত্ৰা কম আৰু ই বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত সীমাৰ ভিতৰত আছে। গেদীয় নমুনা সমূহত ইউৰেনিয়ামও পোৱা গৈছিল।

অধ্যয়নে পোহৰলৈ আনে যে খোৱাপানীত থকা আৰ্চেনিক আৰু ফ্ল`ৰাইডে শিশু সকলৰ আটাইতকৈ বেছি ক্ষতি কৰে । বৈজ্ঞানিক সকলে মত পোষণ কৰে যে যিহেতু শিশুসকলৰ শৰীৰ বিকাশশীল অৱস্থাত থাকে আৰু দেহৰ ওজনৰ তুলনাত বেছি পানী সেৱন কৰে গতিকে তেওঁলোকৰ দেহত ক্ষতিৰ পৰিমাণো অধিক হয়। তেওঁলোকৰ মতে তিনিৰ পৰা আঠ বছৰ বয়সৰ মাজৰ শিশুবোৰত হোৱা ক্ষতিৰ সম্ভাবনা আটাইতকৈ অধিক।

আৰ্চেনিক এবিধ কৰ্কট ৰোগ সৃষ্টিকাৰী পদাৰ্থ আৰু খোৱাপানীত ইয়াৰ পৰিমাণ ৫০ মাইক্ৰ’গ্ৰাম /লিটাৰতকৈ অধিক হ’লেই ই হাওঁফাওঁ আৰু ব্লাডাৰ কেন্সাৰৰ সম্ভাৱনা নাটকীয় ভাবে বৃদ্ধি কৰে। আৰ্চেনিকে শিশুৰ বৌদ্ধিক বিকাশটো ঋণাত্মক প্ৰভাৱ পেলায়। অত্যাধিক ফ্ল`ৰাইডৰ সেৱনে দাঁত আৰু হাড়ৰ ফ্ল'ৰছিছ ৰোগৰ সৃষ্টি কৰে আৰু শিশুৰ মগজুৰ বিকাশ প্ৰভাৱান্নিত কৰে। যদিওঁ প্ৰাকৃতিক ভাৱে থকা ইউৰেনিয়ামৰ ক্ষতিকৰ বিকিৰণৰ প্ৰভাৱৰ বিষয়ে জনা হোৱা নাই, অধিক মাত্ৰাত ইউৰেনিয়ামৰ সেৱনে বৃক্কৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।
অধ্যয়নটোৱে এই কথা পোহৰলৈ আনে যে ভাৰতবৰ্ষৰ আটাইতকৈ উৰ্বৰা প্লাৱন-ভূমিৰ মাজৰ অন্যতম এই অঞ্চলত ইউৰেনিয়াম, আৰ্চেনিক আৰু ফ্ল`ৰাইডৰ অৱস্থিতিয়ে এক স্বাস্থ্য জনিত বিপত্তিৰ সূচনা কৰিব পাৰে। আগন্তুক সময়ত প্ৰাকৃতিক আৰু নৃতাত্ত্বিক কাৰণত এই প্ৰদূষকবিলাকৰ মাত্ৰা আৰু বেছি হোৱাৰ সম্ভাৱনা আছে, গতিকে সংশ্লিষ্ট কর্তৃপক্ষ সময়মতে সজাগ হৈ এই সমস্যাটো কলিতে নিৰ্মূল কৰাৰ বাবে উচিত ব্য়ৱস্থা গ্ৰহণ কৰা উচিত।