অ’নীৰ: খোৱাপানীৰ সমস্যাৰ সহজ সমাধান

স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত পৰিষ্কাৰ খোৱাপানীৰ যথেষ্ঠ অৱদান আছে। লেতেৰা খোৱাপানী সেৱনৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ যেনে ক’লেৰা, ডায়েৰীয়া, গ্ৰহনী, টাইফয়েড আৰু জণ্ডিছ আদিয়ে দেখা দিব পাৰে। ভাৰতৰ দৰে দেশ এখনত পৰিষ্কাৰ পানীযোগানৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো অতি প্ৰয়োজন কাৰণ ইয়াত ২১ শতাংশ সংক্ৰমণশীল বেমাৰ লেতেৰা খোৱাপানী সেৱনৰ ফলতে হয় আৰু প্ৰতিদিনে প্ৰায় পাচশঁতকৈও বেছি ল'ৰা ছোৱালীয়ে ডায়েৰীয়াৰ ফলত মৃত্যুবৰণ কৰে । বৈজ্ঞানিক আৰু উদ্যোগিক অনুসন্ধান পৰিষদ (চি এচ আই আৰ) ৰ অধীনস্থ ভাৰতীয় বিষবিজ্ঞান অনুসন্ধান সংস্থান (আই আই টি আৰ) দ্বাৰা উদ্ভাবিত এটা নতুন পৰিশোধন যন্ত্ৰই খোৱাপানীৰ সমস্যা যথেষ্ট পৰিমানে লাঘৱ কৰিব বুলি আশা কৰা হৈছে।

বিভিন্ন ধৰণৰ পৰিশোধন যন্ত্ৰ (ফিল্টাৰ) বজাৰত সহজলভ্য, কিন্তু বেছিভাগ ফিল্টাৰেই অতি ব্যয়বহুল। চি এচ আই আৰৰ দ্বাৰা উদ্ভাবিত অ’নীৰ নামৰ এই ফিল্টাৰটো কিন্তু বাকীবোৰতকৈ অলপ ব্য়তিক্ৰম | সৌৰ শক্তিৰ দ্বাৰা চালিত এই ফিল্টাৰটোৱে মাত্ৰ দুই পইচাতে এক লিটাৰ পৰিষ্কাৰ খোৱাপানীৰ যোগান ধৰিব পাৰিব। এই ফিল্টাৰটোৱে পানীত থকা জীৱাণু সমূহ ধংশ কৰাৰ উপৰিও লেতেৰা ঘোলা পানীও পৰিশোধন কৰিব পাৰিব।

ৰিচাৰ্ছ মেটাৰ্চৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভাৰতীয় বিষবিজ্ঞান অনুসন্ধান সংস্থানৰ (আই আই টি আৰ) নিৰ্দেশক প্ৰফেছৰ আলোক ধাৱানে জনায় যে “এই ফিল্টাৰটোৱে ‘এন’ডিক অক্সিডেচন’ প্ৰক্ৰিয়াৰ দ্বাৰা কাম কৰে। এই অভিনৱ প্ৰক্ৰিয়া টোৱে বেমাৰ সৃষ্টি কৰিব পৰা ভাইৰাচ, বেক্টেৰিয়া, ভেকুৰ, প্ৰ’ট’যোৱা আদি নিৰ্মূল কৰিব পাৰে। পৰিষ্কাৰ খোৱাপানীৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা নিৰ্ধাৰিত, ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় মানদণ্ড অনুসাৰে সেৱা আগবঢ়াবলৈ ই কাৰ্যক্ষম।”

অ’নীৰৰ দুটা সংস্কৰণ বনোৱা হৈছে, এটা ঘৰত ব্যৱহাৰৰ উপযোগী আৰু আনটো ব্যৱসায়িক প্ৰয়োগৰ কাৰণে। ঘৰুৱা সংস্কৰণটোৱে পাচ মিনিটত দহ লিটাৰ পানী পৰিশোধন কৰিব পাৰে। ব্যৱসায়িক ভিত্তিত প্ৰয়োগ হবলগীয়া সংস্কৰণটোৱে এক ঘণ্টাত ৪৫০ লিটাৰ পানী পৰিশোধন কৰে। পৰিশোধনৰ সীমা ঘণ্টাত ৫০০০ লিটাৰৰ পৰা এক লাখ লিটাৰ লৈকে উন্নীত কৰিব পৰা যাব। মজাৰ কথাতো হ’ল যিহেতু এই ফিল্টাৰটো সৌৰশক্তিৰ দ্বাৰাও চালিত হয়, গতিকে, বিদ্য়ুত যোগান নথকা গাওঁসমূহ আৰু ৰাস্তাৰ কাষৰ অস্থায়ী দোকানসমূহতো এতিয়া বিশুদ্ধ পানী উপলব্ধ হ’ব।

যিহেতু এই ফিল্টাৰটিত অতিৰিক্ত চেকনীৰ প্ৰয়োজন নহয় গতিকে সঘনাই চেকনী সলনি কৰিবলগীয়া হোৱা সমস্যাটোৰ পৰা অ’নীৰৰ গ্ৰাহকসকল মুক্ত হ’ব । প্ৰফেছৰ আলোক ধাৱানে জনায় যে “ফিল্টাৰত লাগি থকা চেন্সৰে পৰিশোধন প্ৰক্ৰিয়াৰ অৱস্থাটোৰ বিষয়ে অৱগত কৰাব। চাফা কৰা, পানী ভৰোৱা আদি কামো ই নিজেই কৰি ল’ব। যদিহে পৰিশোধন কৰিবলগীয়া পানী খিনিত বেছি পৰিমাণে লেতেৰা আৰু সংক্ৰামক দ্ৰব্য থাকে, তেনেহ’লে এক বিশেষ চেকনীৰ ব্যৱহাৰ কৰি সেইবোৰ আঁতৰাব পৰা যাব।”

বিপৰীত আসৃতি (আৰ ও) পদ্ধতিৰে কৰা পৰিশোধন প্ৰক্ৰিয়াত পানীত থকা উপকাৰী খনিজ সমূহও ওলাই যায়। প্ৰফেছৰ আলোক ধাৱানে জনোৱা মতে “অ’নীৰৰ এটা বৈশিষ্ট হৈছে যে ই পানীত থকা উপযোগী খনিজ সমূহ ধৰি ৰাখে। এইদৰে অ’নীৰৰ দ্বাৰা পৰিশোধিত পানী আমাৰ সুস্বাস্থ্য ৰক্ষাত সহায়ক হ’ব।”

অ’নীৰৰ এটা ব্যৱসায়িক প্ৰ’ট’টাইপ ইতিমধ্যে মুকলি কৰা হৈছে। ভাৰতীয় বিষবিজ্ঞান অনুসন্ধান সংস্থানৰ (আই টি আৰ) কৰ্মচাৰী সকলে নিয়মিতভাৱে অ’নীৰৰ দ্বাৰা পৰিশোধিত পানী ব্যৱহাৰ কৰি আছে। বৈজ্ঞানিক আৰু উদ্যোগিক অনুসন্ধান পৰিষদৰ (চি এচ আই আৰ) খেল ধেমালী সমূহত নিয়মীয়া ভাবে ব্যৱহাৰ হোৱাৰ উপৰিও অলপতে হৈ যোৱা কৃষি মেলা এখনত পাঁচ হাজাৰ লোকে এই পানী সেৱন কৰিছিল । গ্ৰাহকৰ মতা-মত জানিবৰ বাবে লক্ষ্ণৌ চহৰৰ বিভিন্ন  ঠাইত  পাঁচ- ছয়টা পৰীক্ষামূলক ফিল্টাৰ স্থাপন কৰাৰ প্ৰক্ৰিয়াও চলি আছে। ডঃ আলোক ধাৱানে জনোৱা মতে বাণিজ্যিকৰণৰ বাবে অ’নীৰ সম্পূৰ্ন  সাজু আৰু বিভিন্ন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে ইতিমধ্য়েই এই ফিল্টাৰটোৰ ব্যৱসায়িক উৎপাদনত আগ্ৰহ প্ৰকাশ কৰিছে।

Assamese

Related Story

No content available.

Search Research Matters