বনৰৌ (বন-ৰৌ) এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন ঠাইত বাস কৰা এবিধ নিশাচৰ স্তন্যপায়ী প্ৰাণী। দুখজনক ভাবে ইয়াৰ মাংস আৰু বাকলিৰ কাৰণে হোৱা অতিমাত্ৰা চিকাৰৰ কাৰণে ই বিশ্বৰ ভিতৰতে সৰ্বাধিক অবৈধ ব্য়ৱসায়ত ব্যৱহাৰ হোৱা প্ৰাণী হিচাপে চিনাক্ত হৈছে। ঔষধি গুণ থকাৰ প্ৰবাদতে চীন, ভিয়েটনাম আদি ঠাইত ইয়াৰ বাকলিৰ চাহিদা অত্যাধিক আৰু ইয়ে ইহঁতৰ আন্তৰাষ্ট্ৰীয় স্তৰত হোৱা অবৈধ বেহাৰ পৰিমাণ বৃদ্ধি কৰিছে। ২০০০ চনৰ পৰা ২০১৩ চনৰ ভিতৰতে ১ মিলিয়নতকৈও অধিক বনৰৌৰ চিকাৰ হোৱা বুলি অনুমান কৰা হৈছে।
ৱৰ্ল্ড এনিমেল প্ৰটেকচন আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ে কৰা এক শেহতীয়া অধ্যয়নত গৱেষক সকলে অসমৰ ভিতৰুৱা অঞ্চলৰ কিছুমান জনজাতীয় লোকে কিয় বনৰৌৰ চিকাৰ কৰে তাৰ বিশ্লেষণ কৰিছিল। তেওঁলোকে বনৰৌৰ চিকাৰৰ কাৰণ সমূহ বিশ্লেষণ কৰাৰ উপৰিও ইয়াৰ প্ৰতিকাৰৰ বিষয়েও পৰামৰ্শ দিছে। এই অধ্যয়নটো নেচাৰ কনজাৰভেচন নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।
উত্তৰ পূব ভাৰতত ভাৰতীয় বনৰৌ (মেনিচ ক্ৰাচিকডাটা) আৰু চীনা বনৰৌ (মেনিচ পেন্টাডেক্টাইলা) নামৰ বনৰৌৰ দুটা প্ৰজাতি দেখা যায় । যদিও ইহঁতৰ সংখ্যাৰ বিষয়ে সম্পূৰ্ণ তথ্য উপলদ্ধ নহয়, ইহঁত বিপন্ন আৰু অতি বিপন্ন শ্ৰেণীৰ অন্তৰ্ভূক্ত প্ৰাণী। বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ৰ মতে ভাৰতত বনৰৌৰ চিকাৰ আৰু বেহা অবৈধ, অৱশ্যে স্থানীয় জনজাতীয় লোকসকলৰ কাৰণে সুৰক্ষিত ঠাইৰ বাহিৰত কেতিয়াবা ইয়াৰ চিকাৰৰ অনুমতি দিয়া হয়।
এই অধ্যয়নটোত গৱেষক সকলে অসমৰ ডিমা হাছাও জিলাৰ গ্ৰামীণ অঞ্চলৰ চিকাৰী সকলৰ বনৰৌৰ হত্যা আৰু বেহাত থকা যোগদানৰ বিষয়ে অনুসন্ধান কৰিছিল। তেওঁলোকে ৩১ খন গাঁওৰ পৰা বিয়াটে, ডিমাছা আৰু কাৰ্বি জনজাতিৰ ১৪১ জন লোকৰ ওপৰত বনৰৌৰ চিকাৰ আৰু ইয়াৰ কাৰণৰ বিষয়ে অধ্যয়ন কৰিছিল।
আচৰিত ভাৱে এই লোক সকলে স্বীকাৰ কৰিছিল যে ২০১১ ৰ পৰা ২০১৬ চনৰ ভিতৰত তেওঁলোকে গড়ে অতি কমেও এটা বনৰৌ চিকাৰ কৰিছে। “আমাৰ অধ্যয়নে এই কথা প্ৰমাণ কৰে যে গ্ৰামীণ অঞ্চলৰ এই চিকাৰী সকলে ব্যক্তিগত আৰু ব্যৱসায়িক লাভৰ বাবে বনৰৌৰ চিকাৰ কৰি আহিছে”, গৱেষক সকলে কয়। অধ্যয়নত এই কথাও পোহৰলৈ আহে যে ৯৫% চিকাৰীয়ে যোৱা এবছৰত অতি কমেও এটা বনৰৌ, ২৭% চিকাৰীয়ে মাহেকত কমেও এবাৰ আৰু ৬% চিকাৰীয়ে সপ্তাহত এবাৰকৈ বনৰৌ চিকাৰ কৰে।
কিন্তু ইমান বেছি পৰিমানে বনৰৌ চিকাৰৰ কাৰণ কি? গৱেষক সকলে জনায় যে এয়া সিহঁতৰ মাংসৰ বাবে নহয়, বাকলিৰ বাবেহে। “যদিও স্থানীয় ভাবে বনৰৌৰ মাংস ব্যৱহাৰ কৰা হয়, আমি দেখিলো যে চিকাৰী সকলে বনৰৌৰ বাকলিৰ বাবেহে ইহঁতৰ চিকাৰত বেছি আগ্ৰহী”, তেওঁলোকে কয়।
দুখীয়া জনজাতীয় চিকাৰীৰ কাৰণে এটা বনৰৌ হত্যা কৰিব পৰাটো এক বহু ডাঙৰ কথা। প্ৰতি কেজি বনৰৌৰ বাকলিৰ দাম ১০০০০ টকাৰ পৰা ২০০০০ টকালৈকে হয়। “আমাৰ অধ্যয়নে প্ৰমাণ কৰে যে এই ব্যৱসায়িক লাভালাভে বনৰৌ হত্যাৰ মূল কাৰণ হৈ পৰিছে। প্ৰত্যেকজন চিকাৰীয়ে এবছৰত গড়ে এটাকৈ বনৰৌ হত্যা কৰে আৰু ইয়াৰ পৰা প্ৰায় ৯০০০ টকা উপাৰ্জন কৰে যি তেওঁলোকৰ প্ৰায় চাৰিমাহৰ উপাৰ্জনৰ সমান,” গৱেষক সকলে কয়।
অতিমাত্ৰা চিকাৰে বনৰৌৰ সংখ্যা হ্ৰাস কৰি আনিছে। ইয়াৰ প্ৰজননৰ হাৰ কম আৰু ই এবছৰত মাত্ৰ এটা বা দুটা পোৱালী জন্ম দিয়ে গতিকে চিকাৰ আৰু বাসস্থান ধংসই ইয়াৰ আবাদীক ক্ষতিগ্ৰস্ত কৰে। অধ্যয়নটোত বৰ্ণনা কৰামতে, ৮৯% চিকাৰীয়ে জনাইছিল যে পাঁচ বছৰ আগতকৈ বনৰৌৰ আবাদী এতিয়া বহুত কমিছে। মাৰ্চ আৰু মে মাহৰ ভিতৰত ডিমা হাছাওত চিকাৰৰ মাত্ৰা আটাইতকৈ বাঢ়ে আৰু এইখিনি সময়তে বনৰৌই পোৱালি জন্ম দিয়ে। বহু সময়ত চিকাৰী বিলাকে পোৱালী সমূহকো লৈ যায়, ফলত ইহঁতৰ আবাদী আৰু অধিক হ্ৰাস পায়।
যদিও দৰিদ্ৰতাই এই জনজাতীয় চিকাৰী সকলৰ দ্বাৰা বনৰৌ হত্যাৰ মূল কাৰণ, গৱেষক সকলৰ মতে অকল দৰিদ্ৰতা হ্ৰাসকৰনেই ডিমা হাছাওত বন্যপ্ৰাণীৰ অবৈধ বেহা কম কৰাৰ বাবে যথেষ্ট নহয়।
তেওঁলোকৰ মতে এই সমস্যাৰ সৈতে যুঁজিবলৈ পাৰস্পৰিক সহযোগিতাৰে বলবৎ কৰা সমাধান সূচীৰ প্ৰয়োজন আছে। গৱেষক সকলে কয় যে চহৰীয়া গ্ৰাহকৰ মাজত ইয়াৰ চাহিদা হ্ৰাস কৰণে ইহঁতৰ অবৈধ বেহা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব।
অধ্যয়নটোত, বনৰৌৰ বাকলিৰ চাহিদা আৰু ইয়াৰ লগত জড়িত অবৈধ বাণিজ্যই কেনেকৈ ইয়াৰ ভূ-ভা নোপোৱা আৰু এই বজাৰ খনৰ বিষয়ে অজ্ঞ গ্ৰামীণ সম্প্ৰদায়ক সামৰি লৈছে তাৰ এক ছবি ডাঙি ধৰা হৈছে। সমস্যা টোৰ ভয়াবহতাৰ বিয়য়ে অৱগত হৈ ইয়াৰ প্ৰতিকাৰৰ উচিত ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে।