বৰষা ঋতুৰ লগত লুকাভাকু খেলা উত্তৰ পূৰ্বাঞ্চলৰ পৰা নতুনকৈ আৱিস্কৃত ভেকুলীৰ প্ৰজাতিটো

Read time: 1 min
বেংগালুৰু
21 Jun 2019
বৰষা ঋতুৰ লগত লুকাভাকু খেলা উত্তৰ পূৰ্বাঞ্চলৰ পৰা নতুনকৈ আৱিস্কৃত ভেকুলীৰ প্ৰজাতিটো

বৰ্ষাকাল আৰম্ভ হৈছে আৰু বৰষুণৰ লগে লগে ভেকুলীৰ টোৰ-টোৰনিৰ শব্দও সজীৱ হৈ উঠিছে। এয়া সিহঁতৰ প্ৰেমৰ বতৰ। অৱশ্যে অসমত নতুনকৈ আৱিস্কৃত হোৱা মাইক্ৰিলেত্তা ঐশানী (Micryletta aishani) নামৰ ভেকুলীবিধ ইয়াৰ ব্যতিক্ৰম। বেছিভাগ ভেকুলীয়ে বৰ্ষাকালত প্ৰজনন কৰাৰ বিপৰীতে এই ভেকুলী বিধে বৰ্ষাকাল অহাৰ আগতেই প্ৰজনন কৰে আৰু বছৰৰ বাকী সময়খিনি লুকাই থাকে।

এই আবিষ্কাৰ দিল্লী বিশ্ববিদ্যালয়, ভাৰতীয় বন্যজীৱ সংস্থান, ইণ্ডোনেচিয়ান ইনষ্টিটিউট অফ চাইন্সেচ আৰু ইউনিভাৰ্চিটি অফ টেক্সাছ  আৰলিংটন, আমেৰিকাৰ এক গৱেষক দলৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত কৰা ছয় বছৰীয়া এক অধ্যয়নৰ ফলাফল। তেওঁলোকে প্ৰথমতে অসমৰ কাছাৰ জিলাত মানুহৰ বসতি ঠলৰ কাষত থকা বনাঞ্চল আৰু তাৰ পাছত ত্ৰিপুৰা আৰু মণিপুৰত এই ভেকুলী বিধৰ সন্ধান পাইছিল।

“আমাৰ অধ্যয়নে প্ৰমাণ কৰে যে মানুহৰ বসতি স্থলৰ কাষত সচৰাচৰ দেখা পোৱা ভেকুলী সমূহো এতিয়া লৈকে ভালকৈ বৰ্ণিত হোৱা নাই। মানুহৰ  কাৰ্য্য়কলাপৰ ফলত ইতিমধ্যেই বিলুপ্তিৰ পথত ভৰি দিবলৈ ওলোৱা উত্তৰ পূৰ্বাঞ্চলৰ ভেকুলী সমূহৰ বৈজ্ঞানিক চিনাক্তকৰণ আৰু বৰ্ণনাৰ বাবে অধিক অধ্যয়নৰ প্ৰয়োজনীয়তা আছে”, এই অধ্যয়নত ভাগ লোৱা  ভাৰতীয় বন্যজীৱ সংস্থানত কৰ্মৰত গৱেষক ডঃ অভিজিৎ দাসে কয়।  বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগ (ডি এচ টি), বিজ্ঞান আৰু অভিযান্ত্ৰিক অনুসন্ধান বোৰ্ড (এচ ই আৰ বি), আৰু বৈজ্ঞানিক তথা উদ্যোগিক অনুসন্ধান পৰিষদ (চি এচ আই আৰ) দ্বাৰা সমৰ্থিত এই অধ্যয়নৰ ফলাফল সমূহ পিয়েৰ জে  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

সংস্কৃত শব্দ ঐশানী (মানে উত্তৰ পূৰ্বাঞ্চল)ৰ নামেৰে এই ভেকুলী বিধৰ নাম মাইক্ৰিলেত্তা ঐশানী  ৰখা হৈছে। গৱেষক সকলৰ মতে ইহঁতৰ সাধাৰণ নামটো হ’ব উত্তৰ পূৱ ভাৰতৰ ধাননিৰ ভেকুলী। এই ভেকুলীবিধ মাইক্ৰিলেত্তা  বা সংকীৰ্ণ মুখৰ ধাননিৰ ভেকুলীৰ জাতিৰ অন্তৰ্গত যি প্ৰধানত দক্ষিণ পূব এছিয়াত বিস্তৃত হৈ আছে।

এই নতুন ভেকুলী বিধ ৰঙা-মুগা ৰঙৰ আৰু দীঘলে প্ৰায় ২.২-২.৮ ছেণ্টিমিটাৰ মান হ’ব। ইহতৰ দেহৰ পাৰ্শ্বিয় অংশত স্পষ্ট ডাঠ ৰেখা আৰু ছাই ধূসৰ দাগ আছে। ইহঁত অকল বৰ্ষা ঋতুৰ আগতহে সক্ৰিয় হৈ থাকে।

“যোৱা ছয় বছৰত উত্তৰ পূৰ্বাঞ্চলত হোৱা আমাৰ অভিজ্ঞতাৰ পৰা কওঁ যে আমি বাৰিষাৰ সময়ত এই ভেকুলী সমূহ বিচাৰি পোৱা নাছিলোঁ”, এই অধ্যয়নত ভাগ লোৱা দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষক ডঃ এচ ডি বিজুয়ে আমাক জনায়।

এই ভেকুলী বিধৰ স্বভাৱ আদিৰ বিষয়ে এতিয়াও ভালকৈ জনা হোৱা নাই আৰু গৱেষক সকলে যোৱা তিনি বছৰৰ পৰা এই বিষয়ে অধ্যয়ন কৰি আছে। “মে মাহৰ শেষৰ ফালে হোৱা ইহঁতৰ প্ৰজননৰ সময়কাল অতি চুটি আৰু ইয়াৰ ফলত ইহঁতৰ স্বভাৱৰ বিষয়ে আমাৰ জ্ঞান অতি সীমিত। আমি মাত্ৰ জানো যে ইহঁতে আগতীয়াকৈ প্ৰজনন কৰে, মানে ইহঁতে অতি কম সময়ৰ বাবে ওলাই আহে, মাতে, প্ৰজনন কৰে আৰু তাৰ পাছত লুকাই থাকে”, ডঃ বিজুয়ে কয়। বছৰৰ বাকী ঋতু সমূহত ইহঁতক দেখা হোৱা নাই।

গৱেষক সকলে এই ভেকুলী বিধৰ ডি এন এ দক্ষিণ পূব আৰু পূব এছিয়াত পোৱা এই জাতিৰ ভেকুলীৰ চাৰি বিধ প্ৰজাতিৰ ডি এন এ ৰ লগত তুলনা কৰিছিল। তেওঁলোকে পাইছিল যে ইহঁতৰ দৈহিক বৈশিষ্টৰ লগতে ডি এন এ ৰ বৈশিষ্টও বাকী প্ৰজাতি বিলাকতকৈ বেলেগ, যিয়ে ইহঁতক এক নতুন প্ৰজাতি হিচাপে প্ৰতিষ্ঠিত কৰে। ডি এন এৰ ওপৰত কৰা অধ্যয়নৰ মতে দক্ষিণ পূব এছিয়াৰ দেশ যেনে লাওছ, কম্বোডিয়া, থাইলেণ্ড, ভিয়েটনাম আদিত ইহঁতৰ আৰু নতুন প্ৰজাতি থাকিব পাৰে।

“মই নিশ্চিত যে অনাগত কিছু বছৰত দক্ষিণ পূব এছিয়াৰ পৰা ইহঁতৰ আৰু ৪-৫টা মান প্ৰজাতি বৰ্ণনা কৰিব পৰা যাব”, ডঃ বিজুয়ে কয়। তেখেত আৰু এটা গৱেষক দলৰ সদস্য আছিল যিয়ে শেহতীয়াকৈ ১২৫ বছৰৰ বিৰতিৰ পাছত সুমাত্ৰাৰ দ্বীপৰ পৰা এই জাতিৰ অন্য এক প্ৰজাতি মাইক্ৰিলেত্তা ইন’ৰনাটাৰ পুনৰাৱিষ্কাৰ কৰিছিল। দেশৰ বিভিন্ন অংশ আৰু বাহিৰত ভেকুলীৰ বহু নতুন প্ৰজাতিৰ আবিষ্কাৰ হোৱাৰ লগে লগে ইহঁতৰ জৈৱ ভূগোল আৰু বিৱৰ্তনৰ বিষয়ে বহু নজনা কথাৰ সমাধানৰ পথ মুকলি হৈছে।