চিকিমত ডায়েটমৰ দুটা নতুন প্ৰজাতিৰ আৱিস্কাৰ

Read time: 1 min17 May 2019
চিকিমত ডায়েটমৰ দুটা নতুন প্ৰজাতিৰ আৱিস্কাৰ

বেয়া বতৰ আৰু অফিচিয়েল কামৰ বোজা এটাৰ সৈতে চিকিম ভ্ৰমণৰ অভিজ্ঞতা কেনে হ’ব পাৰে? বেছিভাগৰ কাৰণেই ই এক বিৰক্তিকৰ অভিজ্ঞতা হ’ব, কিন্তু কিছুমানৰ কাৰণে ই এক পাহৰিব নোৱাৰা মধুৰ অভিজ্ঞতাও হ’ব পাৰে। এই দ্বিতীয় কথাটোৱেই সঁচা প্ৰমাণিত হ’ল যেতিয়া ডঃ বালাসুব্ৰমনিয়ান কাৰ্থিক আৰু তেওঁৰ দলটো যোৱা বছৰ চিকিমলৈ গৈছিল। সতীৰ্থ বৈজ্ঞানিকৰ দল এটাৰ সৈতে আলোচনাৰ উদ্দেশ্যে পৰিকল্পনা কৰা এই ভ্ৰমণটোৰ এক মধুৰ সমাপ্তি হৈছিল ডায়েটমৰ (এবিধ ক্ষুদ্ৰ এককোষী শেলাই) দুটা নতুন প্ৰজাতিৰ আৱিস্কাৰৰ সৈতে।

“চিকিমৰ পৰা আমি ঘূৰি আহি থাকোঁতে ৰাস্তাৰ কাষত মছেৰে (মছবৰ্গৰ উদ্ভিদ) আবৃত হৈ থকা এটা প্ৰকাণ্ড শিল দেখা পাইছিলোঁ। আমি ইয়াৰ পৰা ৰুকি লৈ কিছু নমুনা আমাৰ গৱেষণাগাৰলৈ লৈ আহিলোঁ”, আগাৰকাৰ ৰিচাৰ্ছ ইনষ্টিটিউট পুনেৰ গৱেষক ডঃ কাৰ্থিকে জনায়। গৱেষণাগাৰত এই নমুনা সমূহ অণুবীক্ষণ যন্ত্ৰৰ  সহায়ত পৰীক্ষা কৰাৰ পাছত ইয়াত দুটা নতুন ডায়েটমৰ প্ৰজাতি ষ্টউৰ’নেইচ চিকিমেনচিচ  আৰু ষ্টউৰ’নেইচ লেপচি  ৰ উপস্থিতি প্ৰমাণিত হয়। চিকিমত আৱিস্কৃত হোৱা ডায়েটমৰ এয়াই প্ৰথম নতুন প্ৰজাতি।  বটানী লেটাৰ্চ  নামৰ পত্ৰিকা এখনত প্ৰকাশিত এই অধ্যয়নটো ভাৰত চৰকাৰৰ জৈৱ-প্ৰযুক্তিবিদ্যা বিভাগৰ (ডি বি টি) আৰ্থিক অনুমোদনৰ দ্বাৰা সম্পন্ন কৰা হৈছিল। আমেৰিকাৰ ইউনিভাৰ্চিটি অফ ক’ল’ৰাডোৰ গৱেষক এজনেও এই অধ্যয়নত ভাগ লৈছিল।

ডায়েটম হৈছে ক্ষুদ্ৰ এককোষী শেলাই যাক ইহঁতৰ চিলিকাৰে নিৰ্মিত বিশেষ কোষবেৰৰ কাৰণে জনা যায়। সেমেকা ঠাইত ইহঁতৰ বৃদ্ধি হয় আৰু নদী, জলাশয়, সাগৰ, মাটি সকলোতে ডায়েটম পোৱা যায় য’ত ইহঁতে বহু জীৱৰ কাৰণে খাদ্যৰ উৎস হিচাপে কাম কৰে। ডায়েটমে পৰিবেশৰ সূচক হিচাপেও কাম কৰে  আৰু ইহঁতে বাস কৰা পানীৰ অৱস্থাৰ বিষয়ে জানিবলৈ সহায় কৰে।

“বিশ্বৰ প্ৰায় ২৫% অক্সিজেন ডায়েটমে উৎপন্ন কৰে। ইয়াৰ অৰ্থ হ’ল আমি লোৱা প্ৰতি চতুৰ্থ উশাহটোৰ বাবে অক্সিজেন ডায়েটমৰ পৰা আহে”, আগাৰকাৰ ৰিচাৰ্ছ ইনষ্টিটিউট আৰু সাৱিত্ৰী বাই ফুলে পুণে বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী নেহা ৱাডমাৰেই আমাক জনায়। “অৱশ্যে আমি এতিয়ালৈকে ডায়েটমৰ বৈচিত্ৰতাৰ বিষয়ে সম্পূৰ্নকৈ জনা নাই আৰু বিশ্বত থকা প্ৰায় এক মিলিয়নতকৈও অধিক ডায়েটমৰ প্ৰজাতিৰ ভিতৰত আমি মাত্ৰ ২০ ৰ পৰা ৩০ হাজাৰ মান প্ৰজাতিৰ বিষয়েহে জ্ঞাত”, তেওঁ কয়।

নতুনকৈ আৱিস্কৃত হোৱা ডায়েটমৰ এই প্ৰজাতি দুটা ষ্টউৰ’নেইচ  নামৰ গণ (জাতি) টোৰ অন্তৰ্ভূক্ত। গোটেই বিশ্বত ইহঁতৰ ১২০০ তকৈও অধিক প্ৰজাতি আছে আৰু ইয়াৰ প্ৰায় ১২০ টা প্ৰজাতি ভাৰতীয় উপমহাদেশত পোৱা যায়। ষ্টউৰ’নেইচ চিকিমেনচিচ নামৰ প্ৰজাতিটো চিকিম ৰাজ্যৰ নামেৰে নামাকৰণ কৰা হৈছে আনহাতে ষ্টউৰ’নেইচ লেপচি নামটো আহিছে লেপচা সকলৰ পৰা যিসকল চিকিমত আটাইতকৈ পূৰ্বৰ পৰা বাস কৰি অহা এক গোষ্ঠী।

ডায়েটমৰ কোষসমূহ চাবোনৰ বাকচৰ নিচিনা য’ত চাবোনৰ বাকচৰ ঢাকনি খনৰ দৰে এখন ডাঙৰ ভালভ বা খোলা থাকে আৰু বাকচৰ তলৰ অংশটোৰ দৰে এখন সৰু ভালভ থাকে। ষ্টউৰ’নেইচ নামৰ জাতিটোৰ ডায়েটম সমূহত এই ভালভ সমূহৰ মধ্য ভাগত ডাঠ চিলিকাৰ আবৰণিৰে গঠিত ষ্টউৰ’চ নামৰ গঠন এটা থাকে। ষ্টউৰ’নেইচ চিকিমেনচিচ নামৰ প্ৰজাতি টোত এই ষ্টউৰ’চ টো দেখিবলৈ ইংৰাজীৰ বৰফলাৰ এইচ আখৰটোৰ দৰে। দুয়োটা প্ৰজাতিতে ভালভবোৰ দীঘলীয়া, মাজ অংশত বহল আৰু দুয়ো কাষৰ ফালে ক্ৰমাৎ সৰু।

উত্তৰ পূৰ্বাঞ্চলৰ পৰা ডায়েটমৰ আৱিস্কাৰ এয়াই নতুন নহয়। যোৱা বছৰ ডঃ কাৰ্থিকৰ গৱেষণা দলে অৰুণাচল প্ৰদেশৰ পৰা ডায়েটমৰ তিনিটা নতুন প্ৰজাতি আৱিস্কাৰ কৰিছিল। তেওঁলোকৰ গৱেষণা সমূহ ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ দ্বাৰা সমৰ্থিত ‘বায়’ৰিচোৰ্ছ এণ্ড চাষ্টেইনেবল লাইভলিহুডচ অফ নৰ্থ ইষ্ট ইণ্ডিয়া’ নামৰ এক ডাঙৰ প্ৰজেক্টৰ অংশ। এই প্ৰজেক্টটোৰ এক উদ্দেশ্য হৈছে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰৰ বিষয়ে অধ্যয়ন।

“যদিও সকলো প্ৰজাতিৰ বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ, বৰ্তমানৰ অধ্যয়ন আৰু সংৰক্ষণৰ প্ৰয়াস সমূহ বিশেষ কিছুমান জীৱ যেনে ডাঙৰ স্তন্যপায়ী প্ৰাণী আৰু অৰ্কিড আদি আৰু সংৰক্ষিত ঠাই সমূহতে সীমাবদ্ধ হৈ আছে”, এই প্ৰজেক্টৰ সমন্বয়কাৰী আৰু বাংগালোৰৰ অশোকা ট্ৰাষ্ট ফৰ ৰিচাৰ্ছ ইন ইক’লজি এণ্ড এনভাৰমেণ্টৰ গৱেষক ডঃ আৰ গনেসনে কয়। তেখেতে কয় যে সূক্ষ্ম জীৱ সমূহৰ বৈচিত্ৰতাৰ বিষয়ে অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয় কাৰণ ইহঁতৰ বহু উদ্যোগিক উপযোগিতাও আছে। তেখেতে জনায় যে এই প্ৰজেক্টটোৱে উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰশিক্ষিত মানৱ সম্পদৰো সৃষ্টি কৰিব যিসকলে ভৱিষ্যতে জৈৱ বৈচিত্ৰতাৰ বিষয়ে অধ্যয়ন আৰু ইহঁতৰ সংৰক্ষণৰ বাবে কাম কৰিবলৈ সক্ষম হ’ব।

ডঃ কাৰ্থিক আৰু তেওঁৰ গৱেষণা দলে আশা প্ৰকাশ কৰে যে উত্তৰ পূৰ্বাঞ্চলত কৰা এনে অধ্যয়নৰ ফলত ভৱিষ্যতে ডায়েটম আৰু অন্যান্য জীৱৰ আৰু বহু নতুন প্ৰজাতি আৱিস্কৃত হ’ব। “আমি মিজোৰাম আৰু মেঘালয়ত কিছু অধ্যয়ন কৰিছো আৰু ডায়েটমৰ নতুন প্ৰজাতি, আৰু আনকি জাতিৰো সম্ভেদ পাইছোঁ। সম্প্ৰতি আমি এই সমূহৰ বৰ্ণনা আৰু অধ্যয়ন কৰি আছোঁ”, তেখেতে জনায়।