দীপাৱলীৰ আটচবাজীৰ আন্ধাৰ দিশটো

Read time: 1 min
Bengaluru
11 Jan 2019

দীপাৱলী আৰু অন্যান্য উৎসৱত ব্যৱহাৰ হোৱা ফটকা- আটচবাজীয়ে যথেষ্ট পৰিমাণে বিষাক্ত পদাৰ্থ আৰু ক্ষতিকৰ গেছ নিৰ্গত কৰে। ইয়াৰ ফলত বায়ু প্ৰদূষিত হয় আৰু ই আমাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান দিল্লীৰ গৱেষক সকলে শেহতীয়াকৈ প্ৰকাশ কৰা এক অধ্যয়নত ফটকা-আটচবাজীৰ ফলত হোৱা অত্যাধিক বায়ু আৰু শব্দ প্ৰদূষণ আৰু আমাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিশ্লেষণ কৰিছিল। এই অধ্যয়নটো জাৰ্নেল অফ হেল্থ এণ্ড পলিউচন  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

গৱেষক সকলে ২০১৫ চনত আই আই টি গুৱাহাটীৰ পৰিসৰত হোৱা দীপাৱলী উদযাপনৰ সময়ত হোৱা শব্দ আৰু বায়ু প্ৰদূষণৰ মাত্ৰাৰ বিষয়ে অধ্যয়ন কৰিছিল। তেওঁলোকে বতাহত উৰি ফুৰা ১০ মাইক্ৰ’মিটাৰতকৈ সৰু ক্ষুদ্ৰ বস্তুকনা (পিএম১০) আৰু শব্দ প্ৰদূষণৰ মাত্ৰা নিৰূপন কৰিছিল। তেওঁলোকে দীপাৱালীৰ সময়ত ১০ দিনলৈকে পিএম১০ ত থকা কেডমিয়াম, কোবাল্ট, আইৰন, জিংক, আৰু নিকেল আদি ধাতু আৰু কেলচিয়াম, এম’নিয়াম, চডিয়াম, পটাচিয়াম, ক্ল’ৰাইড, নাইট্ৰেট, চালফেট আদি আয়নৰ মাত্ৰাৰো বিশ্লেষণ কৰিছিল। স্বাস্থ্যৰ ওপৰত এই প্ৰদূষণৰ প্ৰভাৱৰ বিষয়ে জানিবলৈ তেওঁলোকে প্ৰতিষ্ঠানটোৰ চিকিৎসাকেন্দ্ৰত এক স্বাস্থ্য জৰীপো চলাইছিল।

যদিও ফটকা-আটচবাজী আদিৰ বায়ু আৰু স্বাস্থ্যৰ ওপৰত থকা প্ৰভাৱৰ বিষয়ে যথেষ্ট অধ্যয়ন হৈছে, গৱেষক সকলৰ মতে উত্তৰ পূৰ্বাঞ্চলত এনেকুৱা দুটা মাত্ৰ অধ্যয়নহে সম্পন্ন হৈছে। পূৰ্বৰ অধ্যয়ন সমূহৰ দৰেই এই অধ্যয়নটো দীপাৱলীৰ সময়ত প্ৰদূষণৰ মাত্ৰা যথেষ্ট পৰিমাণে বৃদ্ধি হোৱা দেখা গৈছিল। পিএম১০ৰ মাত্ৰা এই সময়ত ৮১% বৃদ্ধি হোৱাৰ লগতে ধাতু আৰু আয়নৰ মাত্ৰাও ব্যাপক ভাৱে বৃদ্ধি পাইছিল। ৬৫ % বৃদ্ধিৰ সৈতে,শব্দ প্ৰদূষণৰ পৰিমানো অতি বেছি হোৱা পৰিলক্ষিত হৈছিল।

আশ্বৰ্যপূৰ্ণ ভাৱে, গৱেষক সকলে লক্ষ্য কৰিছিল যে দীপাৱলীৰ সময়ত পিএম১০ ত থকা বেক্টেৰিয়াৰ পৰিমাণ ৩৯ % হ্ৰাস পাইছিল।

“সীহ, আইৰন আৰু জিংক আদি ফটকাত ব্যৱহৃত হোৱা গধুৰ ধাতুৰ বিষাক্ততাৰ বাবে ইহঁতৰ অণুজীৱ ধংশ কৰাৰ ক্ষমতা থাকে। দীপাৱলীৰ সময়ত পিএম১০ ত থকা বেক্টেৰিয়াৰ পৰিমাণ হ্ৰাস পোৱাৰ ইয়েই কাৰণ হব পাৰে”, তেওঁলোকে কয়।

দীপাৱলীৰ প্ৰদূষণৰ মানুহৰ স্বাস্থ্যৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰা দেখা গৈছিল। “ক্ষুদ্ৰ বস্তুকণাৰ (পিএম১০) অতিমাত্ৰা পৰিমাণৰ ফলত চিকিৎসালয়লৈ অহা ৰোগীৰ হাৰ ৬৭% বৃদ্ধি পাইছিল”, গৱেষক সকলে জনায়। তেওঁলোকে আৰু জনায় যে সেই সময়ত মূৰৰ বিষ, ভাগৰ, চকুত জলা পোৰা কৰা আৰু কাহ আদিৰ সমস্যাত ভোগা ৰোগীৰ মাত্ৰা বৃদ্ধি পাইছিল।

গৱেষক সকলে কয় যে দীপাৱলীৰ সময়ত ফটকা-আটচবাজী পৰিহাৰ কৰা বা ইয়াৰ ব্যৱহাৰ সীমিত কৰাৰ জৰিয়তে প্ৰদূষণৰ মাত্ৰা কম কৰিব পৰা যাব। এই অধ্যয়নে ঘন জনবসতি পূৰ্ণ ঠাই সমূহত আটচবাজীৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

“ভৱিষ্যতে, আটচবাজী ব্যৱহাৰ কৰা স্থানত পিএম১০ৰ মাত্ৰা আৰু স্বাস্থ্যৰ প্ৰতি ইয়াৰ ভাবুকিৰ বিষয়ে অধিক অধ্যয়নৰ প্ৰয়োজন আছে”, গৱেষক সকলে কয়।