ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান, কটকৰ গৱেষক সকলে তেওঁলোকৰ সহযোগী প্ৰতিষ্ঠানসমূহৰ লগত মিলি কৰা এক শেহতীয়া অধ্যয়নত পূৱ ভাৰতত উৎপাদিত হোৱা সাত বিধ ধানৰ মিথেন গেছ নিৰ্গমন কৰাৰ পদ্ধতি সমূহ পোহৰলৈ আহিছে। গৱেষণাটোৰ ফলাফল সমূহ চাইন্স অফ দ্যা টোটেল এনভাৰমেণ্ট  নামৰ পত্ৰিকা এখনত প্ৰকাশিত হৈছে।

Read time: 1 min

কেন্সাৰ হৈছে বিভিন্ন ৰূপত  দেখা দিব পৰা এক নীৰৱ ঘাটক। মূৰ আৰু ডিঙিৰ কেন্সাৰ তাৰেই এটা ৰূপ যি মুখ, নাক, কণ্ঠনলী, আৰু লালটি গ্ৰন্থি আদিত দেখা দিব পাৰে। ই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ধৰা পৰা কেন্সাৰ সমূহৰ এবিধ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ এক ৰিপোৰ্ট মতে ৯০ শতাংশ মূৰ আৰু ডিঙিৰ কেন্সাৰ হৈছে স্কোৱামাছ কোষ কাৰ্চিনোমা (এইচ এন এচ চি চি)। স্কোৱামাছ কোষ কাৰ্চিনোমা হৈছে ছালৰ উপৰিভাগত থকা অস্বাভাৱিক স্কোৱামাছ কোষৰ অনিয়ন্ত্রিত বিভাজন।

Read time: 1 min

আই.আই. টি. বম্বেৰ গৱেষক সকলে পলিমাৰ আধাৰিত আৰু দেহত প্ৰত্য়াৰোপন কৰি ইনচুলিন প্রস্তুত কৰিব পৰা এক কৃত্ৰিম অগ্ন্যাশয় সাজি উলিয়াইছে।

Read time: 1 min

ধান এছিয়াৰ আটাইতকৈ বহুলভাৱে ব্যৱহৃত হোৱা প্ৰধান খাদ্যশস্য। ধানখেতিৰ পথাৰসমূহ গ্ৰীণ হাউচ গেছৰ  এবিধ ডাঙৰ উৎস হিচাপে চিহ্নিত হৈছে আৰু এই কথাটো অতিকৈ চিন্তনীয় কাৰণ মিথেন আৰু অন্যান্য গ্ৰীণ হাউচ গেছ সমূহে গোলকীয় উষ্ণতা বৃদ্ধিত সহায় কৰে। ধানখেতিৰ পথাৰ সমূহৰ বৰ্ধিত উষ্ণতা আৰু পানী জমা হৈ থকা অৱস্থাটোৱে কিছুমান এনেকুৱা অণুজীৱৰ বৃদ্ধিত অৰিহণা যোগাই যিবোৰে কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে আৰু ইয়াক মিথেনলৈ পৰিৱৰ্তিত কৰে। এই সমস্যাটো সমাধান কৰাৰ এটা উপায় হৈছে মাটিৰ জৈৱ-কাৰ্বন ধৰি ৰখাৰ ক্ষমতা বঢ়োৱা। শেহতীয়াকৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক কেইজন মানে অধিক কাৰ্বনযুক্ত সাৰৰ মিথেন

Read time: 1 min

কপাৰ হৈছে আমাৰ স্নায়ুতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধী ব্যৱস্থাৰ সঠিক পৰিচালনাৰ বাবে অত্যাৱশ্যকীয় এক  সূক্ষ্ম পোষক। উদ্ভিদৰ বৃদ্ধি আৰু প্ৰজননটো ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দেহত কপাৰৰ মাত্ৰা কম হ’লে ৰক্ত আৰু স্নায়ু জনিত ৰোগ হোৱাৰ সম্ভাৱনা থাকে, আনহাতে এতিমাত্ৰা কপাৰৰ উপস্থিতিও দেহৰ বাবে ক্ষতিকাৰক আৰু ইয়ে এল্জেইমাৰ আৰু প্ৰদাহজনক ৰোগ আদিৰ সৃষ্টি কৰিব পাৰে। শেহতীয়াকৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি) বোম্বেৰ জীৱ বিজ্ঞান আৰু জৈৱ ইঞ্জিনীয়াৰিং বিভাগত গৱেষণাৰত প্ৰফেছৰ সৌম্য মুখাৰ্জী আৰু তেখেতৰ গৱেষণা দলটিয়ে এটা কাৰ্যক্ষম চেন্সৰ নিৰ্মাণ কৰিছে যিয়ে অতি কম খৰচতে

Read time: 1 min

উদ্ভিদ জগতৰ বিভিন্ন সদস্যৰ ভিতৰত পোক পতংগ ভক্ষণ কৰা মাংসভোজী উদ্ভিদ সমূহ আমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। উদ্ভিদ জগতৰ প্ৰায় চাৰি লাখ সদস্যৰ মাজত প্ৰায় এক হাজাৰ এনে মাংসভোজী উদ্ভিদ আছে যিয়ে অনুৰ্বৰ মাটিত পোক পতংগ আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণী ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰে।

Read time: 1 min

হৃদযন্ত্ৰ আৰু ৰক্তবাহিকা নলীৰ লগত জড়িত কাৰ্ডিওভাচকুলাৰ (চি ভি ডি) বা হৃদ বাহিকা ৰোগ প্ৰধান ঘাটক ৰোগ সমূহৰ মাজত অন্যতম। ভাৰতত এই ৰোগৰ ফলত হোৱা মৃত্যুৰ হাৰ আটাইতকৈ বেছি (২৫%) আৰু ই দ্বিতীয় আৰু তৃতীয় স্থানত থকা ঘাটক যক্ষ্মা (টিউবাৰকুলোচিচ) আৰু শ্বাসপ্রস্বাসৰ ৰোগ এই দুয়োটাতে  মিলি হোৱা প্ৰানহাণীতকৈও অধিক। স্বাস্থ্য কৰ্মীসকলে অনুমান কৰিছে যে আমাৰ জীৱন যাত্ৰাত হোৱা পৰিবৰ্তন, মেদবহুলতা, অস্বাস্থ্যকৰ আহাৰ, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ আৰু ধঁপাত আৰু সুৰাৰ অত্যাধিক ব্যৱহাৰে ভবিষ্য়তত এই ৰোগৰ প্ৰাদূৰ্ভাৱ আৰু বৃদ্ধি কৰিব।

Read time: 1 min

অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগ আৰু গুজৰাটৰ আই আই টি গান্ধীনগৰৰ পৃথিৱী বিজ্ঞান বিভাগে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ-জলৰ ওপৰত কৰা এক গৱেষণাত কিছু চিন্তাজনক তথ্য পোহৰলৈ আহিছে। গৱেষণাটোত পৰীক্ষা কৰা এই অঞ্চলৰ ভূ-জলত আৰ্চেনিক, ফ্ল`ৰাইড আৰু ইউৰেনিয়াম পোৱা গৈছে যিয়ে আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

Read time: 1 min

বাঁহগছ হৈছে পৃথিৱীৰ আটাইতকৈ ওখ চিৰসেউজ ঘাঁহ। ইয়াৰ কাণ্ড ঘৰ বনোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী, কাগজ, আনকি খাদ্য হিচাপেও ব্যৱহৃত হয়। এই গছ বিধৰ লগত জড়িত এটা বিশেষ আকৰ্ষণ হৈছে ইয়াৰ ফুল। বহু বছৰৰ মূৰতহে বাঁহ গছত ফুল ফুলে আৰু ইয়াৰ পাছতে গছ ডাল মৰি যায়।

Read time: 1 min

স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত পৰিষ্কাৰ খোৱাপানীৰ যথেষ্ঠ অৱদান আছে। লেতেৰা খোৱাপানী সেৱনৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ যেনে ক’লেৰা, ডায়েৰীয়া, গ্ৰহনী, টাইফয়েড আৰু জণ্ডিছ আদিয়ে দেখা দিব পাৰে। ভাৰতৰ দৰে দেশ এখনত পৰিষ্কাৰ পানীযোগানৰ প্ৰতি বিশেষ মনোযোগ দিয়াটো অতি প্ৰয়োজন কাৰণ ইয়াত ২১ শতাংশ সংক্ৰমণশীল বেমাৰ লেতেৰা খোৱাপানী সেৱনৰ ফলতে হয় আৰু প্ৰতিদিনে প্ৰায় পাচশঁতকৈও বেছি ল'ৰা ছোৱালীয়ে ডায়েৰীয়াৰ ফলত মৃত্যুবৰণ কৰে । বৈজ্ঞানিক আৰু উদ্যোগিক অনুসন্ধান পৰিষদ (চি এচ আই আৰ) ৰ অধীনস্থ ভাৰতীয় বিষবিজ্ঞান অনুসন্ধান সংস্থান (আই আই টি আৰ) দ্বাৰা উদ্ভাবিত এটা নতুন পৰিশোধন যন্ত্ৰই খোৱাপানীৰ সম

Read time: 1 min