মানুহৰ ক্ষেত্ৰত এক সুস্থ গৰ্ভাৱস্থাৰ দৈৰ্ঘ্য় হৈছে প্ৰায় ৪০ সপ্তাহ। অৱশ্য়ে বিশ্বত প্ৰতিবছৰে প্ৰায় ১৫ মিলিয়ন নৱজাতকৰ সময়পূৰ্বক ভাৱে বা ৩৭ সপ্তাহৰ আগতেই জন্ম হয়। সময়তকৈ আগতেই হোৱা জন্মৰ ফলত হোৱা জটিলতাৰ বাবে প্ৰতিবছৰে প্ৰায় এক মিলিয়ন শিশুৱে প্ৰাণ হেৰুৱাই আৰু পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ ই এক প্ৰধান কাৰণ। ভাৰতত প্ৰতিবছৰে প্ৰায় ৩.৫ মিলিয়ন অপৈণত শিশুৰ জ

Read time: 1 min

বায়ু প্ৰদূষণ নামৰ এক অদৃশ্য ঘাটক বৰ্তমান সময়ৰ পৃথিৱীৰ প্ৰধান স্বাস্থ্যজনীত সমস্যা সমূহৰ মাজৰ অন্যতম আৰু দুখীয়া আৰু মধ্যবিত্ত দেশসমূহত ইয়াৰ প্ৰভাৱ আৰু ভয়াৱহ। ভাৰতত বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ কাৰনে সঠিক ব্য়ৱস্থা লবলৈ ইহতৰ কাৰণ আৰু পৰিনামৰ বিষয়ে সবিশেষ জানিব পৰাকৈ দেশৰ সকলো ৰাজ্যক সামৰি কৰা এক অধ্যয়নৰ প্ৰয়োজনীয়তা আছিল। লেন্সেট প্লেনেটাৰী হেল্থ  নামৰ পত্ৰিকা এখনত প্ৰকাশিত এক শেহতীয়া অধ্যয়নত গৱেষক সকলে আমাৰ দেশত বায়ু প্ৰদূষণৰ ফলত হোৱা ৰোগ, মৃত্যু, আ

Read time: 1 min

প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ অৰুণাচল প্ৰদেশ অতি শীঘ্ৰেই পাহাৰীয়া বৰফময় অঞ্চলত থকা বাঘৰ উপস্থিতিৰ বাবে বিখ্যাত হৈ পৰাৰ সম্ভাৱনা আছে। ভাৰতীয় বন্যজীৱ সংস্থান, ডেৰাডুনৰ গৱেষক সকলে কৰা এক শেহতীয়া অধ্যয়নত পূৰ্বীয় হিমালয়ৰ ৩৬৩০ মিটাৰ উচ্চতাত বাঘৰ উপস্থিতিৰ ফটোগ্ৰাফিক প্ৰমাণ পোৱা গৈছে।

Read time: 1 min

চিৰিয়াখানা বা অৰণ্য এখনত প্ৰৱেশ কৰাৰ লগে লগে দেখা পোৱা অসংখ্য পহুয়ে আমাৰ মনলৈ এক ধাৰণা আনে যে গোটেই পৃথিৱীত ইহঁতৰ সংখ্যা নিশ্চয় অজস্ৰ হ’ব। কিন্তু বনাঞ্চল  ধ্বংস কৰণ আৰু বৰ্ধিত চিকাৰৰ ফলত ইহঁতৰ সংখ্যা কমি আহিছে। ভাৰতীয় খটীয়া পহু, বন্যপ্ৰাণী (সুৰক্ষা) আইন ১৯৭২ ৰ অধীনত সুৰক্ষীত এক বিপন্ন প্ৰাণী। এছিয়াৰ বহু ঠাইত বাস কৰা এই সৰু জাতৰ পহু বিধৰ বৈজ্ঞানিক নাম হৈছে এক্সিচ প’ৰচাইনাছ। ভাৰতীয় বন্যজীৱ সংস্থান, ডেৰাডুনৰ গৱেষক সকলে কৰা এক শেহতীয়া অধ্যয়নত উত্তৰ পূৰ্বাঞ্চলত খটীয়া পহুৰ এক উপ-

Read time: 1 min

দীপাৱলী আৰু অন্যান্য উৎসৱত ব্যৱহাৰ হোৱা ফটকা- আটচবাজীয়ে যথেষ্ট পৰিমাণে বিষাক্ত পদাৰ্থ আৰু ক্ষতিকৰ গেছ নিৰ্গত কৰে। ইয়াৰ ফলত বায়ু প্ৰদূষিত হয় আৰু ই আমাৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান দিল্লীৰ গৱেষক সকলে শেহতীয়াকৈ প্ৰকাশ কৰা এক অধ্যয়নত ফটকা-আটচবাজীৰ ফলত হোৱা অত্যাধিক বায়ু আৰু শব্দ প্ৰদূষণ আৰু আমাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিশ্লেষণ কৰিছিল। এই অধ্যয়নটো জাৰ্নেল অফ হেল্থ এণ্ড পলিউচন  নামৰ প

Read time: 1 min

নতুন বছৰ এটা আৰম্ভ হৈ গ’ল যদিও আমি এতিয়াও ২০১৮ চনৰ মধুৰ অভিজ্ঞতা সমূহ সোৱৰণ কৰি আছোঁ। আঞ্চলিক ভাষাত বিজ্ঞানৰ প্ৰচাৰ আছিল ২০১৮ চনৰ আমাৰ এক বিশেষ পৰিকল্পনা।  ইয়াৰ জৰিয়তে বিজ্ঞান ভিত্তিক গল্প সমূহ ভাষাৰ প্ৰাচীৰ ভাঙি দূৰ দূৰণিৰ পঢ়ুৱৈ সকলৰ বাবে উপলব্ধ হ’ল। কানাড়া ভাষাত আৰম্ভ কৰি আমি হিন্দী, মাৰাঠী আৰু অসমীয়া ভাষাত বিজ্ঞান প্ৰচাৰত জনপ্ৰিয়তা অৰ্জন কৰো।  আশা কৰোঁ যে ২০১৯ চনত আমি আৰু ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ম। আগবঢ়াইছোঁ আঞ্চলিক ভাষা সমূহত প্ৰকাশিত আমাৰ আটাইতকৈ জনপ্ৰিয়  কিছু নিৰ্বাচিত লিখনি

Read time: 1 min

বনৰৌ (বন-ৰৌ) এছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন ঠাইত বাস কৰা এবিধ নিশাচৰ স্তন্যপায়ী প্ৰাণী। দুখজনক ভাবে ইয়াৰ মাংস আৰু বাকলিৰ কাৰণে হোৱা অতিমাত্ৰা চিকাৰৰ কাৰণে ই বিশ্বৰ ভিতৰতে সৰ্বাধিক অবৈধ ব্য়ৱসায়ত ব্যৱহাৰ হোৱা প্ৰাণী হিচাপে চিনাক্ত হৈছে। ঔষধি গুণ থকাৰ প্ৰবাদতে চীন, ভিয়েটনাম আদি ঠাইত ইয়াৰ বাকলিৰ চাহিদা অত্যাধিক আৰু ইয়ে ইহঁতৰ আন্তৰাষ্ট্ৰীয় স্তৰত হোৱা অবৈধ বেহাৰ পৰিমাণ বৃদ্ধি কৰিছে। ২০০০ চনৰ পৰা ২০১৩ চনৰ ভিতৰতে ১ মিলিয়নতকৈও অধিক বনৰৌৰ চিকাৰ হোৱা বুলি অনুমান কৰা হৈছে।

Read time: 1 min

সন্ধিয়া পাঁচ বজাৰ ঘিটমিটীয়া অন্ধকাৰত কাৰ্য্য়ালয়ৰ কাম শেষ কৰি বাহিৰলৈ ওলোৱা নাইবা ৰাতিপুৱা চাৰে চাৰি বজাতে ওলোৱা ৰ’দ জাকে ভাঙি দিয়া টোপনিটো, এই কোনোটোৱেই আমাৰ বেছিভাগৰে বাবে এক প্ৰিয় অভিজ্ঞতা নহয়। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দা হিচাপে ই আমাৰ বাবে এক এৰাব নোৱাৰা পৰিস্থিতি। ভাৰতবর্ষৰ বৰ্তমান মান সময়ে (আই এচ টি) আমাৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰিছে কাৰণ আমাৰ ইয়াত সূৰ্যোদয় আৰু সূৰ্যাস্ত দুয়োটাই ন বজাৰ পৰা পাঁচ বজালৈ চলা আমাৰ কাৰ্যালয়ৰ সময়তকৈ বহু আগতেই হয়। যদিও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহে বহু আগৰে পৰাই এক সুকীয়া সময় ক্ষেত্ৰৰ  (টাইম জ’ন) বাবে দাবী জনায় আহিছে, ই এতিয়

Read time: 1 min

এন্টিবায়’টিকৰ ওচৰতো হাৰ নমনা ঔষধ প্ৰতিৰোধী বেক্টেৰিয়াৰ বিয়য়ে আমি সকলোৱে জ্ঞাত। এই বেক্টেৰিয়া সমূহ নিৰ্মূলকৰণৰ বাবে যুজঁ খন চলি থকাৰ সময়তে ঔষধ প্ৰতিৰোধী কেন্সাৰ কোষ নামৰ আন এক সমস্যাই মূৰ ডাঙি উঠিছে। প্ৰতি বছৰে প্ৰায় ৮.৯ মিলিয়ন লোকৰ প্ৰাণ কাঢ়ি নিয়া আৰু দ্বিতীয়তম বৃহৎ ঘাটক ৰোগ হিচাপে চিহ্নিত হোৱা কেন্সাৰ ৰোগৰ নিৰ্মূলকৰণৰ বাবে সম্পূৰ্ন প্ৰতিকাৰৰ উপায় এতিয়া লৈকে পোৱা হোৱা নাই। বৈজ্ঞানিক সকলৰ মতে ঔষধ প্ৰতিৰোধী বেক্টেৰিয়া সমূহৰ দৰেই ঔষধ প্ৰতিৰোধী কেন্সাৰ কোষ সমূহেও বিভিন্ন ঔষধৰ ক্ৰিয়া প্ৰতিহত কৰাত সক্ষম। এই কোষ সমূহে ইহঁতৰ দেহৰ পৰা কেন্সাৰৰ ঔষধসমূহ বাহিৰ কৰি দিয়ে আৰু

Read time: 1 min