ৰূপকুণ্ড হৈছে উত্তৰাখণ্ডত অৱস্থিত এটা সৰু বৰফময় হ্ৰদ। হিমালয়ৰ পৰ্বতমালাত ১৬৪৭০ ফুট উচ্চতাত থকা এই হ্ৰদটো ইয়াৰ অনন্য প্ৰাকৃতিক সৌন্দৰ্য্যৰ উপৰিও ইয়াত থকা কেইবাশও পুৰণা নৰ-কংকালৰ বাবে বিখ্যাত যাৰ বাবে ইয়াক ‘কংকাল হ্ৰদ’ বুলিও জনা যায়। শেহতীয়াকৈ প্ৰকাশিত দশক জোৰা এক অধ্যয়নে এই কংকাল সমূহৰ বিষয়ে বহু নতুন তথ্যৰ সন্ধান দিছে।
General
হায়দৰাবাদ
30 Aug 2019
পুণে
23 Aug 2019
অতিমাত্ৰা ব্যৱহাৰৰ ফলত আমাৰ চাৰিওফালে দম বন্ধা পলিথিন বেগ সমূহৰ ভয়াবহতাৰ বিষয়ে আমি অজ্ঞাত নহয়। এই বেগ সমূহ বস্তু কঢ়িয়াবৰ বাবে উপযোগী হোৱাৰ ফলত পলিথিনৰ উৎপাদনো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু ই গোটেই বিশ্বতে সৰ্বাধিক ব্যৱহৃত হোৱা এবিধ প্লাষ্টিক হিচাপে চিহ্নিত হৈছে । লক্ষণীয় ভাৱে, প্ৰায় ৬৪% প্লাষ্টিক আৱর্জনাৰ উৎস এই পলিথিন সমূহে ভূ-পৃষ্ঠ আৰু সাগৰ আদিত জমা হোৱা, জীৱ জন্তুৰ মৃত্যুৰ কাৰন হৈ পৰা, নলা নৰ্দমা বন্ধ কৰি অস্বাস্থ্যকৰ পৰিৱেশৰ
গুৰুগ্ৰাম
16 Aug 2019
অধ্যয়নৰ মতে ভাৰতত দক্ষ স্বাস্থ্য কৰ্মীৰ যথেষ্ট অভাৱ আছে।
17 May 2019
বেয়া বতৰ আৰু অফিচিয়েল কামৰ বোজা এটাৰ সৈতে চিকিম ভ্ৰমণৰ অভিজ্ঞতা কেনে হ’ব পাৰে? বেছিভাগৰ কাৰণেই ই এক বিৰক্তিকৰ অভিজ্ঞতা হ’ব, কিন্তু কিছুমানৰ কাৰণে ই এক পাহৰিব নোৱাৰা মধুৰ অভিজ্ঞতাও হ’ব পাৰে। এই দ্বিতীয় কথাটোৱেই সঁচা প্ৰমাণিত হ’ল যেতিয়া ডঃ বালাসুব্ৰমনিয়ান কাৰ্থিক আৰু তেওঁৰ দলটো যোৱা বছৰ চিকিমলৈ গৈছিল। সতীৰ্থ বৈজ্ঞানিকৰ দল এটাৰ সৈতে আলোচনাৰ উদ্দেশ্যে পৰিকল্পনা কৰা এই ভ্ৰমণটোৰ এক মধুৰ সমাপ্তি হৈছিল ডায়েটমৰ (এবিধ ক্ষুদ্ৰ এককোষী শেলাই) দুটা নতুন প্ৰজাতিৰ আৱিস্কাৰৰ সৈতে।
গুৱাহাটী
2 Aug 2019
আই আই টি গুৱাহাটীৰ গৱেষক দল এটাই সাজি উলিওৱা এবিধ বায়’চেন্সৰ, যিয়ে গাখীৰত এলকালাইন ফছফাটেজৰ উপস্থিতি ধৰা পেলাব পাৰে, ছবিৰ উৎস
বেংগালুৰু
19 Jul 2019
এফালে কম সময়তে জটিল ৰূপ লোৱা ৰোগ আৰু আনফালে ইয়াৰ লগত যুঁজিবলৈ আৱিস্কৃত হোৱা নিত্য নতুন চিকিৎসা পদ্ধতি, ঔষধ আৰু ৰোগ নিৰ্ণায়ক প্ৰণালীৰ সৈতে কেন্সাৰৰ পৃথিৱীখন অতি দ্ৰুতগামী। কম্পিউটাৰ টম’গ্ৰাফী (চি টি), এম আৰ আই ৰ পৰা বায়’পচি লৈ, আৰু অস্ত্ৰোপচাৰৰ পৰা ফলপ্ৰসূ ঔষধলৈ কেন্সাৰৰ চিকিৎসা আৰু নিৰীক্ষণ সহজ হৈ পৰিছে যদিও ই অতি খৰছীও হৈ পৰিছে। বহু সময়ত ৰোগী সকলে কিছুমান ঔষধৰ ক্ৰিয়াক প্ৰতিৰোধ কৰাৰ ক্ষমতা লাভ কৰে যিয়ে তেওঁলোকৰ অৱস্থা অধিক শোচনীয় কৰি তোলে। চিকিৎসাৰ লগে লগে নিয়মিত ভাৱে বেমাৰৰ উত্থান পতনৰ সমীক্ষা কৰাটোও অতি প্ৰয়োজনীয় হৈ পৰে।
কেৰেলা
12 Jul 2019
গৱেষক সকলে নিপা ভাইৰাছ কঢ়িয়াব পৰা বাদুলিৰ প্ৰজাতি সমূহ চিনাক্ত কৰিবলৈ এক তথ্য চালিত পদ্ধতি ব্যৱহাৰ কৰিছে
বেংগালুৰু
21 Jun 2019
বৰ্ষাকাল আৰম্ভ হৈছে আৰু বৰষুণৰ লগে লগে ভেকুলীৰ টোৰ-টোৰনিৰ শব্দও সজীৱ হৈ উঠিছে। এয়া সিহঁতৰ প্ৰেমৰ বতৰ। অৱশ্যে অসমত নতুনকৈ আৱিস্কৃত হোৱা মাইক্ৰিলেত্তা ঐশানী (Micryletta aishani) নামৰ ভেকুলীবিধ ইয়াৰ ব্যতিক্ৰম। বেছিভাগ ভেকুলীয়ে বৰ্ষাকালত প্ৰজনন কৰাৰ বিপৰীতে এই ভেকুলী বিধে বৰ্ষাকাল অহাৰ আগতেই প্ৰজনন কৰে আৰু বছৰৰ বাকী সময়খিনি লুকাই থাকে।
Bengaluru
14 Jun 2019
পুষ্টিকৰ উপাদান আৰু শক্তিৰে ভৰপূৰ ফল এটা গছ এডালৰ কঠোৰ পৰিশ্ৰমৰ পৰিণাম। কিন্তু ইয়াৰ সলনি ইহঁতে বেছিকৈ পাত উৎপাদন কৰিবও পাৰিলেহেতেন, যিয়ে ইহঁতক খাদ্য প্ৰস্তুত কৰাত সহায় কৰে। অৱশ্যে যদি আমি ইহঁতৰ দৃষ্টিকোনৰ পৰা ভাবো, এই পৰিশ্ৰমৰ সাৰ্থকতা হৈছে এই ফল সমূহৰ ভিতৰত থকা বীজ, যিয়ে ইহঁতৰ বংশ বৃদ্ধিত সহায় কৰে। পশু পক্ষীৰ বাবে এই ফল সমূহ হৈছে এক আকৰ্ষণীয় খাদ্য আৰু ইহঁতৰ জৰিয়তে উদ্ভিদৰ বীজ সমূহ দূৰ দূৰনিলৈ বিয়পি পৰে আৰু বিকশিত হয়।
Arunachal Pradesh
31 May 2019
যদি আপুনি নতুনকৈ আৱিস্কৃত হোৱা পিট ভাইপাৰ সাপৰ প্ৰজাতি ট্ৰাইমেৰেচুৰুচ অৰুণাচলেনচিচৰ লগত লুকাভাকু খেলিব লগা হয় তেনেহলে কোন জিকিব তাত মুঠেই সন্দেহ নাই। ইহঁতৰ গাৰ ৰঙা মুগা ৰংটো হাবিৰ লগত ইমান ধুনীয়াকৈ মিলি পৰে যে ইহঁতক চিনি উলিওৱাটো ইমান সহজ কথা নহয়। লক্ষণীয় ভাৱে অলপতে গৱেষক সকলে এটা মাত্ৰ নমুনাৰ (সাপ) সহায়ত এই নতুন প্ৰজাতিটো বৰ্ণনা কৰিছে আৰু এতিয়া ই বিশ্বৰ বিৰলতম পিট ভাইপাৰ সাপ হিচাপে চিহ্নিত হৈছে।